অসম

assam

ETV Bharat / politics

বৰপথাৰত গীতে-মাতে মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ: ছেলফী উঠিবলৈ লাগিল হেতা-ওপৰা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Himanta Biswa Sarma: সৰুপথাৰ লোকসভা সমষ্টিত গীতে-মাতে নিৰ্বাচনী প্ৰচাৰ অভিযান চলালে মুখ্যমন্ত্ৰীয়ে ৷ কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Himanta Biswa Sarma
বৰপথাৰত গীতে-মাতে মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 7:59 PM IST

বৰপথাৰত গীতে-মাতে মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ

সৰুপথাৰ, ২ এপ্ৰিল: ‘আকৌ এবাৰ মোদী চৰকাৰ’ গীতৰ তালে-তালে নাচি নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিগত নিৰ্বাচনৰ দৰে এইবেলিও মঙলবাৰে মঞ্চত নৃত্যৰত অৱস্থাত দেখা গ’ল মুখ্যমন্ত্ৰীগৰাকীক ৷

মঙলবাৰে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ বিধানসভা সমষ্টিৰ গোলাঘাটৰ বৰপথাৰত নিৰ্বাচনী প্ৰচাৰ শুভাৰম্ভ কৰিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰথমখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ বিশাল জনসভাত অংশ লয় । জনসভাত সহস্ৰাধিক ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সমষ্টিটোৰ প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ বিধায়িকা কাৰ্যকালৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে সৰুপথাৰ বিধায়িকা হৈ থাকোতেই ৰ’জলীনা তিৰ্কীয়ে একো কাম কৰিব নোৱাৰিলে, এতিয়া সাংসদ হৈ 10 টা বিধানসভা সমষ্টিত কেনেকৈ কৰিব বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে ভাষণ সামৰাৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ছেলফী উঠিবলৈ হেতা-ওপৰা লগা দেখা গ’ল উপস্থিত ৰাইজে ৷ স্বভাৱসুলভ ধেমালিৰ সুৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলক কয়, ‘‘এইবাৰ সকলো মহিলাকে ভাল ফটো উঠিব পৰা কেমেৰা এটা দিব লাগিব ৷’’

প্ৰচাৰ সভাখনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাখনো আঁচনিৰ প্ৰসংগ উল্লেখ কৰে ৷ তেওঁ কয় যে যিসকল লোকৰ ৰেচন কাৰ্ড আছে, সকলোৱে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা প্ৰসাদ তাছাই এইবাৰ সৰুপথাৰ সমষ্টিৰ পৰা 1 লাখ ভোটত অগ্ৰগতি লাভ কৰিব । মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বি.টি.আৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক ।

লগতে পঢ়ক:ৰ'জলীনা তিৰ্কীৰ ফটো ভাইৰেল ছ'চিয়েল মিডিয়াত !

ABOUT THE AUTHOR

...view details