নলবাৰী, ১৩ এপ্ৰিল:লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে আৰম্ভ হৈছে নেতাসকলৰ দল বাগৰা ৰাজনীতি । তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগা লোকসভা নিৰ্বাচনৰ সমষ্টি সমূহতো দল বাগৰা ৰাজনীতিৰ লগতে নেতাসকলৰ মাজত চলিছে আক্ৰমণ-প্ৰতি আক্ৰমণ । ক'ৰবাত আন দললৈ নেতা গৈছে যদি আন ক'ৰবাত এজনে আনজনৰ সমালোচনাৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ । এনে প্ৰচাৰৰ সময়তেই একালৰ বি পি এফৰ প্ৰভাৱশালী নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ইউ পি পি এলত যোগদান কৰে দুদিন পূৰ্বে । এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বি টি আৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে কয় যে চন্দন ব্ৰহ্মৰ ইউ পি পি এলত যোগদানে দলটোক অধিক শক্তিশালী কৰিব ।
বিটিআৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে পুনৰ কয় যে চন্দন ব্ৰহ্মৰ ইউপিপিএলত যোগদানে ক্ষতি কৰিব বিপিএফক । চন্দন ব্ৰহ্মৰ যোগদানে বড়োভূমিৰ পৰা লাহে লাহে বিপিএফ আৰু নাইকিয়া কৰিব । নলবাৰীত প্ৰধানমন্ত্ৰীৰ জনসভাথলী পৰিদৰ্শন কৰিবলৈ আহি এইদৰে মন্তব্য কৰে বিটিআৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে । ইউপিপিএল নেতাগৰাকীয়ৈ লগতে কয় যে ২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ বড়োভূমিত চাফা হৈ যাব বিপিএফ আৰু হাগ্ৰামা মহিলাৰী । "২৬ৰ বিধানসভা নিৰ্বাচনলৈ বড়োভূমিত বিপিএফক কোনো ভোটাৰেই বিচাৰি নাপাব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে ।