গুৱাহাটী, ১৩ মাৰ্চ:সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত প্ৰকাশ পালে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা । কংগ্ৰেছ দলে ১৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব যদিও ১২টা সমষ্টিৰ প্ৰাৰ্থী তালিকা মঙলবাৰে ঘোষণা কৰে । লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই ৷ আনহাতে ডিব্ৰুগড় সমষ্টিটো কংগ্ৰেছে মিত্ৰদল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক এৰি দিছে ।
লক্ষ্যণীয় বিষয় যে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ সমান্তৰালকৈ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নামটো বিশেষভাৱে চৰ্চাত আছিল ৷ কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত কলিয়াবৰ সমষ্টিটোৰ বিলুপ্তি সাধন হৈছিল । আনহাতে সাংসদ গৌৰৱ গগৈয়ে তিনিটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল । তাত নগাঁও সমষ্টিটোও অন্তৰ্ভুক্ত আছিল । যাক লৈ বিষয়টো বিশেষভাৱে চৰ্চাত আছিল ৷
অৱশেষত কংগ্ৰেছ দলে প্ৰাৰ্থী তালিকা ঘোষণাৰ লগে লগে সকলো উৎকণ্ঠাৰ অৱসান ঘটিল ৷ সাংসদ প্ৰদ্যুৎ বৰদলৈক নগাঁও সমষ্টিত আৰু সাংসদ গৌৰৱ গগৈক যোৰহাট সমষ্টিত দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে । লক্ষ্যণীয় বিষয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিলুপ্ত হোৱা কলিয়াবৰ সমষ্টিটোত পূৰ্বতে ১০টা বিধানসভা সমষ্টি আছিল ।
আনহাতে কলিয়াবৰ লোকসভা সমষ্টিৰ বিলুপ্তি ঘটাই কাজিৰঙা কৰা হৈছিল । যাৰ বাবে কাজিৰঙাতো গৌৰৱ গগৈৰ নামটো চৰ্চাত আছিল । কিন্তু অৱশেষত নতুনকৈ হোৱা কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছ দলে ৰ'জলিনা তিৰ্কীক প্ৰাৰ্থিত্ব প্ৰদান কৰে । উল্লেখ্য যে পূৰ্বতে থকা কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে গোলাঘাট বিধানসভা সমষ্টি, দেৰগাঁও বিধানসভা সমষ্টি, বোকাখাট বিধানসভা সমষ্টি, ধিং বিধানসভা সমষ্টি, বটদ্ৰবা বিধানসভা সমষ্টি, ৰূপহীহাট বিধানসভা সমষ্টি, চামগুৰি বিধানসভা সমষ্টি, কলিয়াবৰ বিধানসভা সমষ্টি, সৰুপথাৰ বিধানসভা সমষ্টি আৰু খুমটাই বিধানসভা সমষ্টি ।
লক্ষ্যণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সীমাৰ ব্যাপক সাল-সলনি কৰা হয় । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিলুপ্ত হোৱা কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত ছটা বিধানসভা সমষ্টি ক্ৰমে গোলাঘাট, দেৰগাঁও, বোকাখাট, খুমটাই, সৰুপথাৰ আৰু কলিয়াবৰ নতুনকৈ নামাকৰণ হোৱা কাজিৰঙা সমষ্টিৰ অন্তৰ্গত হয় ।
তদুপৰি কাজিৰঙা সমষ্টিৰ অন্তৰ্গত আন চাৰিটা বিধানসভা সমষ্টি হৈছে বঢ়মপুৰ, বিন্নাকান্দি, হোজাই আৰু লামডিং । কাজিৰঙা সমষ্টিৰ অন্তৰ্গত আছে ১০টা বিধানসভা সমষ্টি । আনহাতে বিলুপ্ত হোৱা কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং, বটদ্ৰবা, ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টি নগাঁও লোকসভা সমষ্টিৰ অধীনলৈ আহে । কলিয়াবৰ সমষ্টিৰ সীমা নগাঁৱৰ অধীনলৈ অহাৰ বাবেই নগাঁও সমষ্টিত সাংসদ গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰসংগটো বিশেষভাৱে চৰ্চালৈ আহিছিল । অৱশ্যে দলৰ শীৰ্ষ নেতৃত্বই অৱশেষত প্ৰদ্যুৎ বৰদলৈকে নগাঁও সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে ।
নগাঁও লোকসভা সমষ্টিত আছে ৮ টা বিধানসভা সমষ্টি । এই বিধানসভা সমষ্টি কেইটা হৈছে- জাগীৰোড(এছ চি), লাহৰীঘাট, মৰিগাঁও, ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও-বটদ্ৰবা আৰু ৰহা (এছ চি) । ইফালে গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা যোৰহাট সমষ্টিৰো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সীমাৰ যথেষ্ট সাল-সলনি হয় ।
লক্ষ্যণীয় বিষয় যে অগপই দুবাৰ দখল কৰা কলিয়াবৰ সমষ্টিটোত বাকী সময় কংগ্ৰেছৰ দখলতে আছিল । কলিয়াবৰ সমষ্টিত দুবাৰকৈ প্ৰতিনিধিত্ব কৰা গৌৰৱ গগৈ এইবাৰ যোৰহাটৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব । কাজিৰঙা আৰু নগাঁও লোকসভাত বিলীন হোৱা কলিয়াবৰ সমষ্টিৰ পৰা যোৰহাটলৈ আহিল গৌৰৱ গগৈ ।
যোৰহাট লোকসভা সমষ্টিৰ কিছু আভাস:
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা আছিল । সমষ্টিকেইটা হৈছে ক্ৰমে যোৰহাট, তিতাবৰ, মৰিয়নী, টীয়ক, আমগুৰি, নাজিৰা, মাহমৰা, সোণাৰি, থাওৰা আৰু শিৱসাগৰ সমষ্টি । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ইয়াৰ কিছু সালসলনি হয় যদিও বিধানসভা সমষ্টি সংখ্যা একেই থাকে ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টি হৈছে ক্ৰমে সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, মাজুলী (এছ টি), টীয়ক, যোৰহাট, মৰিয়নী আৰু তিতাবৰ । যোৰহাট সমষ্টিৰ বাবে সাংসদ গৌৰৱ গগৈ নতুন হ'লেও তেওঁৰ সৈতে সমষ্টিবাসীৰ আছে পুৰণি যোগসূত্ৰ । যোৰহাট সমষ্টিৰ পৰাই গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত তৰুণ গগৈ দুবাৰকৈ জয়ী হৈ আহিছিল ।