গুৱাহাটী, 7 মাৰ্চ :ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী বতাহ ৷ চমু চাপি আহিছে লোকসভা নিৰ্বাচনৰ দিন ৷ নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল সাজু হোৱা পৰিলক্ষিত হৈছে ৷ অসমৰ 14 টা লোকসভা সমষ্টিতে দেখা গৈছে সকলো দলৰ নিৰ্বাচনী তৎপৰতা ৷ অৱশ্যে এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট কিছু সলনি হৈছে ৷ কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত লোকসভা নাইবা বিধানসভাৰ সমষ্টি সংখ্যা একেই আছে যদিও সীমাৰ ব্যাপক সাল-সলনি হৈছে ৷ তদুপৰি কেতবোৰ সমষ্টিৰ বিলুপ্তিকৰণৰ লগতে কেতবোৰ নতুন সমষ্টি গঠন কৰা হৈছে ৷ এক কথাত সমষ্টিৰ জনগাঁথনি বহুখিনি সলনি হৈছে ৷ এনে প্ৰেক্ষাপটত এইবাৰৰ নিৰ্বাচনৰ ৰণকৌশল কিছু পৃথক হ'ব ৰাজনৈতিক দল সমূহৰ বাবে ৷ নিৰ্বাচনী ফলাফলতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷ ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত সংখ্যালঘু প্ৰধান ধুবুৰী লোকসভা সমষ্টিৰ এক গুৰুত্ব আছে ৷
সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ ৰূপৰেখা-
সমষ্টি পুনৰ্নিদ্ধাৰণৰ পূৰ্বে ধুবুৰী লোকসভা সমষ্টিত বিধানসভা সংখ্যা আছিল 10 টা ৷ বিধানসভা সমষ্টি কেইটা আছিল 21 নং মানকাচৰ , 22 নং দক্ষিণ শালমাৰা, 23 নং ধুবুৰী, 24 নং গৌৰীপুৰ, 25 নং গোলোকগঞ্জ, 26 নং পশ্চিম বিলাসীপাৰা, 27 নং বিলাসীপাৰা (পূব), 37 নং গোৱালপাৰা (পূব) 38 নং গোৱালপাৰা (পশ্চিম), 38 নং জলেশ্বৰ বিধান সভা সমষ্টি ৷ সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ বিধানসভাৰ সংখ্যা 11 টালৈ বৃদ্ধি হয় ৷ বিধান সভা সমষ্টি কেইটা হ'ল- গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং- জৰুৱা, বিলাসীপাৰা, মানকাচাৰ, জলেশ্বৰ, পূব গোৱালপাৰা, সৃজনগ্ৰাম, মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি ৷
ভোটাৰৰ সংখ্যা বৃদ্ধি-
উল্লেখ্য যে সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পূৰ্বে ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল 18,44,040 গৰাকী, ইয়াৰে পুৰুষ ভোটাৰ 9,42,847 গৰাকী আৰু মহিলা ভোটাৰ 9,01,166 গৰাকী আছিল ৷তৃতীয় লিংগৰ ভোটাৰ আছিল 27 গৰাকী ৷ সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 26,43,403 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 13, 54 , 252 গৰাকী আৰু মহিলা ভোটাৰ 12,89,425 গৰাকী ৷ তৃতীয় লিংগৰ ভোটাৰ 37 গৰাকী ৷ ইয়াৰ পৰা দেখা যায় যে সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 7, 99, 674 জনলৈ বৃদ্ধি পাইছে ৷ ঠিক সেইদৰে সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পিছত ধুবুৰী লোকসভা সমষ্টিত মহিলা আৰু পুৰুষ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ৷ লগতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যাও বৃদ্ধি পাইছে সমষ্টিটোত ৷