অসম

assam

ETV Bharat / politics

যোৰহাটবাসীৰ জনমত : গৌৰৱ গগৈ বনাম তপন গগৈ - Lok Sabha Election in Assam

Jorhat Lok Sabha constituency : ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত আকষৰ্ণীয় হৈ উঠিব যোৰহাট লোকসভা সমষ্টি । গৌৰৱ গগৈ বনাম তপন গগৈ ৷ কি কয় যোৰহাটবাসীয়ে ?

যোৰহাটবাসীৰ জনমত
যোৰহাটবাসীৰ জনমত

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 1:24 PM IST

Updated : Mar 17, 2024, 2:42 PM IST

যোৰহাটবাসীৰ জনমত : গৌৰৱ গগৈ বনাম তপন গগৈ

যোৰহাট, ১৭ মাৰ্চ :অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী যুজঁখন বিশেষ আকষৰ্ণীয় হৈ পৰিব ৷ কাৰণ যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ পৰা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে আৰু জাতীয়তাবাদী নেতা তপন কুমাৰ গগৈয়ে বিজেপি পৰা প্ৰাৰ্থিত্ব আগৱঢ়াইছে ।

ইফালে যোৰহাট লোকসভা সমষ্টিৰ সাধাৰণ জনতা, যুৱ অধিবক্তা আৰু আছুৱে বিগত কাৰ্যকালত তপন কুমাৰ গগৈৰ কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । কাৰণ অসমৰ জাতীয় সমস্যা লগতে অনান্য উন্নয়নমূলক কাম কাজত সংসদ তপন কুমাৰ গগৈয়ে যি ধৰণে মাত মাতিব লাগিছিল আৰু কৰিব লাগিছিল সেয়া কাৰ্যত হৈ নুঠিল বুলি অভিযোগ উত্থাপন কৰে ।

তাৰ বিপৰীতে সাংসদ গৌৰৱ গগৈয়ে উত্তৰ পূৰ্বাঞ্চল লগতে অসমৰ জাতীয় জীৱনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম-কাজৰ বিষয়ে বলিষ্ঠভাৱে সদনত উত্থাপন কৰি এজন দক্ষ সংসদ হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে বুলি যোৰহাটবাসী ৰাইজে মত প্ৰকাশ কৰিছে । সেয়েহে যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে ভোটাৰক আহ্বান জনাইছে যে আবেগেৰে নহয় বিবেকৰে ভোটাধিকাৰ সাব্যস্ত কৰি এজন উপযুক্ত প্ৰাৰ্থী সংসদলৈ নিৰ্বাচিত কৰক ।

লগতে পঢ়ক :চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচন: ১৯ এপ্ৰিলত অৰুণাচল-ছিকিমত বিধানসভা নিৰ্বাচন

উল্লেখ্য যে প্ৰথম পৰ্যায়ত যোৰহাট লোকসভা সমষ্টিৰ লগতে অন্য চাৰিটা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ।

প্ৰথম পৰ্যায় নিৰ্বাচন :-

অধিসূচনা জাৰি হ’ব - ২০ মাৰ্চ, ২০২৪

মনোনয়ন দাখিলৰ অন্তিম দিন - ২৭ মাৰ্চ, ২০২৪

মনোনয়ন পৰীক্ষণৰ অন্তিম দিন- ২৮ মাৰ্চ, ২০২৪

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন- ৩০ মাৰ্চ, ২০২৪

ভোট গ্ৰহণৰ দিন- ১৯, এপ্ৰিল ২০২৪

দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচন :-

অধিসূচনা জাৰি হ’ব- ২৮ মাৰ্চ, ২০২৪

মনোনয়ন দাখিলৰ অন্তিম দিন- ৪ এপ্ৰিল, ২০২৪

মনোনয়ন পৰীক্ষণৰ অন্তিম দিন- ৫ এপ্ৰিল, ২০২৪

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন- ৮ এপ্ৰিল, ২০২৪

ভোটগ্ৰহণৰ দিন - ২৬ এপ্ৰিল, ২০২৪

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন :-

অধিসূচনা জাৰি হ’ব- ১২ এপ্ৰিল, ২০২৪

মনোনয়ন দাখিলৰ অন্তিম দিন-১৯ এপ্ৰিল, ২০২৪

মনোনয়ন পৰীক্ষণৰ অন্তিম দিন- ২০ এপ্ৰিল, ২০২৪

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন- ২২ এপ্ৰিল, ২০২৪

ভোটগ্ৰহণৰ দিন - ৭ মে’, ২০২৪

লগতে পঢ়ক :বিহুৰ পিচতেই ভোটযুদ্ধ: অসমত তিনিটা পৰ্যায়ত ক’ত কেতিয়া নিৰ্বাচন ?

Last Updated : Mar 17, 2024, 2:42 PM IST

ABOUT THE AUTHOR

...view details