দৰং, 21 এপ্ৰিল:‘‘খালী চকীৰ সন্মুখতে ভাষণ দিলে হাগ্ৰামা মহিলাৰীয়ে’’- এনেধৰণৰ বাতৰি এটা যাতে প্ৰকাশ হ’বলগীয়া নহয়, তাৰ প্ৰতি সতৰ্ক বি পি এফ প্ৰধানগৰাকী ৷ ৰাজনৈতিক নেতাগৰাকীয়ে এই কথা কোনো লুক-ঢাক নকৰাকৈ মুকলিকৈ প্ৰকাশ কৰিলে দেওবাৰে ৷
দেওবাৰে ছিপাঝাৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ কথা আছিল হাগ্ৰামা মহিলাৰীয়ে ৷ দৰং-ওদালগুৰি সংসদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ হৈ প্ৰচাৰ চলোৱাৰ কথা আছিল বি পি এফ প্ৰধানগৰাকীয়ে ৷ সেইঅনুসৰি ঘোঁৰাবন্ধাত আয়োজনো কৰা হৈছিল সুন্দৰভাৱে ৷ সুসজ্জিত মঞ্চৰ সন্মুখত শাৰী-শাৰীকৈ পাৰি দিয়া হৈছিল শ-শ ৰঙাৰঙৰ চকী ৷ য’ত হাগ্ৰামা মহিলাৰীৰ ভাষণ শুনিবলৈ বুলি সমবেত হ’বলগীয়া ৰাইজে আসন গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছিল ৷ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধৰ দিনটোতেই সভাখন আয়োজন কৰা হৈছিল ৷
নিৰ্ধাৰিত সময়ত সভাস্থলীত উপস্থিত হ’ল হাগ্ৰামা মহিলাৰী ৷ বিপিএফৰ কৰ্মীসকলে অৰ্থাৎ আয়োজকে আথে-বেথে আদৰিও নিছিল নেতাগৰাকীক ৷ কিন্তু মঞ্চৰ সন্মুখলৈ চাব অবাক হাগ্ৰামা মহিলাৰী ৷ কেইগৰাকীমান দলীয় কৰ্মীৰ বাহিৰে কেৱল খালী চকীহে চকুত পৰিল ৷ গতিকে ভাষণ দিব কাৰ সন্মুখত? গতিকে সভা বাতিলৰ সিদ্ধান্ত ল’লে বি পি এফ প্ৰধানগৰাকীয়ে ৷