নেশ্যনেল ডেস্ক,২২ জানুৱাৰী :আজি ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী । দেশজুৰি ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । ইয়াৰ মাজতে তামিলনাডু চৰকাৰৰ এক সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈছে বিজেপি । সোমবাৰে মন্দিৰ আৰু অন্যান্য ৰাজহুৱা স্থানত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ নিষিদ্ধ কৰাৰ অভিযোগত ইতিমধ্যে আদালতৰ কাষ চাপিছে বিজেপি দল। তামিলনাডুৰ ডিএমকে চৰকাৰৰ বিৰুদ্ধে অভিযোগটোৰ জৰুৰী শুনানি বিচাৰি উচ্চতম ন্যায়ালয়ত বিজেপিয়ে আবেদন জনাইছে । তামিলনাডু বিজেপিৰ সম্পাদক বিনোজ পি চেলভামৰ হৈ অধিবক্তা জি বালাজীয়ে এই আবেদন দাখিল কৰিছে ।
আবেদনখনত কোৱা হৈছে যে ডিএমকে দলৰ দ্বাৰা পৰিচালিত ৰাজ্য চৰকাৰে তামিলনাডুৰ সকলো মন্দিৰত অযোধ্যাত ভগৱান ৰামৰ পবিত্ৰ অনুষ্ঠান প্ৰাণ প্ৰতিষ্ঠাৰ পোনপটীয়া প্ৰচাৰ নিষিদ্ধ কৰিছে । চৰকাৰে এই পবিত্ৰ অনুষ্ঠানত সকলো ধৰণৰ পূজা, অৰ্চনা আৰু অন্নদান আদি নিষিদ্ধ কৰিছে । আবেদন অনুসৰি ৰাজ্য চৰকাৰে আৰক্ষীৰ জৰিয়তে এনেধৰণৰ ক্ষমতাৰ প্ৰয়োগে সংবিধানৰ অধীনত নিশ্চিত মৌলিক অধিকাৰ উলংঘা কৰিছে বুলি বিজেপিয়ে দাবী কৰে ।
এনে পৰিস্থিতিত বিজেপিয়ে বিষয়টোত তাৎক্ষণিক ন্যায়িক হস্তক্ষেপৰ বাবে আবেদন জনাইছে । আবেদনকাৰীৰ মতে যেতিয়ালৈকে আদালতৰ দ্বাৰা তাৎক্ষণিক ন্যায়িক হস্তক্ষেপ নহয় তেতিয়ালৈকে আইন-শৃংখলাৰ সমস্যা আৰু সাংবিধানিক যন্ত্ৰৰ বিফলতা থাকিব । সেয়েহে ন্যায়ৰ স্বাৰ্থত নিশা মুখ্য ন্যায়াধীশ আদালত বা আন যিকোনো আদালতৰ সন্মুখত শুনানিৰ বাবে ৰিট আবেদনখন তালিকাভুক্ত কৰাৰ বাবে আবেদনখনত উল্লেখ কৰা হৈছে ।