অসম

assam

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 9:14 PM IST

ETV Bharat / politics

শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিৎ দত্ত

Sonitpur Lok Sabha Constituency : শোণিতপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিছে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই ৷ সমষ্টিটোৰ বৰ্তমানৰ সাংসদ পল্লব লোচন দাসৰ ঠাইত ৰঞ্জিত দত্তক বিজেপিয়ে 2024ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷

Sonitpur Lok Sabha Constituency
শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিৎ দত্ত

তেজপুৰ, 2 মাৰ্চ : লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি প্ৰকাশ কৰে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ এই তালিকাত অসমৰ 11 টা সংসদীয় সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ তালিকাত শোণিতপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিছে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিৎ দত্তই ৷ সমষ্টিটোৰ বৰ্তমানৰ সাংসদ পল্লব লোচন দাসৰ ঠাইত ৰঞ্জিৎ দত্তক বিজেপিয়ে 2024ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰে ৷

বিজেপি দলৰ এগৰাকী দক্ষ ৰাজনীতিবিদ হিচাবে পৰিচিত ৰঞ্জিৎ দত্তৰ জন্ম 24 জানুৱাৰী 1957 চনত হৈছিল ৷ বৰ্তমান তেওঁ বিহালী সমষ্টিৰ বিধায়ক ৷ দত্তই 2001 চনৰ পৰা 2011 চনলৈকে তেওঁ বিহালীৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ৷ 2016 চনৰ পৰা 2021 চনলৈকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰৰ হস্ততাঁত, সংখ্যালঘু কল্যাণ, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ৷ দত্তই পূৰ্ব ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি হিচাবেও দায়িত্ব পালন কৰিছিল ৷

2001 চনৰ অসম বিধানসভা নিৰ্বাচনত বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দত্তই 33,348 টা ভোট লাভ কৰিছিল ৷ সমষ্টিটোৰ 50.65 শতাংশ ভোট লাভ কৰিছিল তেওঁ ৷ সমষ্টিটোত 10 টা কাৰ্যকাল বিধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা তেতিয়াৰ কংগ্ৰেছৰ বৰ্ণবাস তাঁতীক 13,529 টা ভোটত পৰাস্ত কৰিছিল তেওঁ ৷ ইয়াৰ পিচত 2006 চনৰ অসম বিধানসভা নিৰ্বাচনত দত্তই বিহালী সমষ্টিৰ পৰা 28,633 টা ভোট লাভ কৰি জয়লাভ কৰে ৷ তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থীক 8,979 টা ভোটত পৰাস্ত কৰে ৷ 2011 চনৰ অসম বিধানসভা নিৰ্বাচনত দত্তই বিহালীৰ পৰা পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ 22,662 টা ভোট লাভ কৰি জয়লাভ কৰে ৷

2016 চনৰ অসম বিধানসভা নিৰ্বাচনত দত্তই পুনৰ বিহালী সমষ্টি দখল কৰে ৷ তেওঁ 52,152 টা ভোট লাভ কৰি প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাস্ত কৰে ৷ 2016 চনৰ 24 মে'ত তেওঁ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ আনহাতে 2021 চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ তেওঁ 53,583 টা ভোট লাভ কৰি জয়লাভ কৰে ৷ বৰ্তমান তেওঁ বিহালী সমষ্টিৰ বিধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে ৷

লগতে পঢ়ক :বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ABOUT THE AUTHOR

...view details