তেজপুৰ, 4 এপ্ৰিল : বৰ্তমান সকলো ৰাজনৈতিক দলে আয়াৰাম-গায়াৰামক গুৰুত্ব দিয়াতকৈ নিজৰ ৰাজনৈতিক আদৰ্শত বিশ্বাস কৰা কৰ্মীসকলক নিৰ্বাচনী যুঁজত নমালে নিশ্চয় আদৰ্শগত ৰাজনীতি আগবঢ়াই লৈ যোৱাত বহুখিনি সহায়ক হ’ব ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান কংগ্ৰেছৰ নেতৃত্বত সাল-সলনি হোৱাৰ সম্ভাৱনা নাই ৷ কিন্তু যিকোনো ৰাজনৈতিক দলত সময় সাপেক্ষে নেতৃত্বৰ পৰিৱৰ্তন হয় ৷ পৰিৱৰ্তন নোহোৱাটো অস্বাভাৱিক কথা ৷
তেওঁ কয় য়ে, শোণিতপুৰৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জু বিগত 20 বছৰ ধৰি একেটা দলতেই আছে আৰু তেওঁ প্ৰাৰ্থিত্ব পোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় ৷ আনহাতে শোণিতপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী আৰু আপৰ প্ৰাৰ্থীৰ মাজত বুজাবুজি হোৱা বুলি ওলোৱা খবৰ সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰি তেওঁ কয় যে এয়া বিৰোধীৰ ভুৱা প্ৰচাৰ ৷ ঘাটোৱাৰে লগতে কয় যে, বৰ্তমান বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কোটি কোটি টকাৰ ধন সংগ্ৰহ কৰিছে, কংগ্ৰেছে কৰা নাই ৷ ভাৰতবৰ্ষৰ ৰাজনীতিৰ ইতিহাসত 70 বছৰে কংগ্ৰেছে বিজেপি বা আন ৰাজনৈতিক দলৰ একাউণ্ট ফ্ৰীজ কৰি হাৰাশাস্তি কৰা নাই যি আজি বিজেপি দলে কৰিছে বুলি তেওঁ কয় ৷