গুৱাহাটী, ২ মাৰ্চ: লোকসভা নিৰ্বাচন-২০২৪ৰ বাবে শনিবাৰে বিজেপিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ সমগ্ৰ দেশৰ 195 খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে ৷ নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি তালিকাখন ঘোষণা কৰে ৷
অসমত ১৪ খন আসনৰ ভিতৰত ১১ খন আসনত প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে । আটাইকেইখন আসনতে আজি প্ৰাৰ্থী ঘোষণা কৰিলে বিজেপিয়ে । এই ১১ জন প্ৰাৰ্থীৰ ৫ গৰাকী নতুন প্ৰাৰ্থী ।
নাম ঘোষিত হোৱা অসমৰ ১১ গৰাকী বিজেপি প্ৰাৰ্থী:
ডিব্ৰুগড়- সৰ্বানন্দ সোণোৱাল
সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা কৰিব ডিব্ৰুগড়ৰ পৰা গুৱাহাটী- বিজুলী কলিতা মেধি
গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিজুলী কলিতা মেধিয়ে নগাঁও- সুৰেশ বৰা
নগাঁৱত বিজেপিৰ প্ৰাৰ্থী হ’ব সুৰেশ বৰা ডিফু- অমৰছিং টিছ’
ডিফুৰ পৰা প্ৰতিদ্বন্দিতা কৰিব অমৰছিং টিছ’ই কাজিৰঙা- কামাখ্যা প্ৰসাদ তাছা
কামাখ্যা প্ৰসাদ টাছাই প্ৰতিদ্বন্দিতা কৰিব কাজিৰঙা সমষ্টিৰ পৰা
যোৰহাট- তপন কুমাৰ গগৈ
যোৰহাটৰ পৰা তপন কুমাৰ গগৈয়ে কৰিব প্ৰতিদ্বন্দিতা কৰিমগঞ্জ- কৃপানাথ মাল্লা
কৰিমগঞ্জৰ পৰা প্ৰতিদ্বন্দিতা কৰিব কৃপানাথ মাল্লাই শিলচৰ- পৰিমল শুক্লবৈদ্য
শিলচৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পৰিমল শুক্লবৈদ্যই লখিমপুৰ- প্ৰদান বৰুৱা
লখিমপুৰত পুনৰ প্ৰাৰ্থী হ’ব প্ৰদান বৰুৱা দৰং-ওদালগুৰি- দিলীপ শইকীয়া
দৰং-ওদালগুৰিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব দিলীপ শইকীয়াই শোণিতপুৰ- ৰঞ্জিৎ দত্ত
শোণিতপুৰত ৰঞ্জিৎ দত্তই লাভ কৰিলে টিকট উল্লেখ্যে প্ৰাৰ্থিত্বৰ পৰা বৰ্তমানৰ কেবাগৰাকীও সাংসদৰ নাম কৰ্তন কৰা হ’ল ৷ ৫ খন নতুন মুখক প্ৰাধান্য দিছে বিজেপি দলে । ডিব্ৰুগড় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঠাইত প্ৰাৰ্তিত্ব প্ৰদান কৰা হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক । শোণিতপুৰ লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসৰ ঠাইত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰঞ্জিত দত্তক ৷
ইফালে ডিফু সমষ্টিত সাংসদ হৰেন ছিং বে’ৰ ঠাইত প্ৰাৰ্থিত্ব দিয়া হ’ল অমৰ ছিং বে’ক । আনহাতে গুৱাহাটী সমষ্টিৰ টিকট হেৰুৱালে সাংসদ কুইন ওজাই । এগৰাকী বিফল সাংসদৰূপে চৰ্চিত কুইন ওজাৰ স্থান ল’লে বিজুলী কলিতা মেধিক ৷ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ল সাংসদ ৰাজদীপ ৰায় । তেওঁৰ পৰিৱৰ্তে বিজেপিয়ে এইবাৰ দিল্লীলৈ যোৱাৰ সুযোগ প্ৰদান কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ৷
লগতে পঢ়ক:লোকসভা নিৰ্বাচন : সংসদলৈ অসমৰ পৰা নিৰ্বাচিত মহিলা সাংসদ