অসম

assam

৬০ লাখৰ লক্ষ্যৰে অসমত বিজেপিৰ সদস্যভৰ্তি অভিযান: বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীলৈ ৰঙা দলিচা - BJP aims to enroll new members

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 3:56 PM IST

BJP membership campaign: বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সদস্যপদ নবীকৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে সদস্যভৰ্তি অভিযানৰ । কৰ্মকৰ্তাসকল দলৰ জীৱন্ত শক্তি । সংগঠনপৰ্বত পুৰণিয়ে নবীকৰণ কৰি সদস্য হয় । সেইদৰে নতুন সদস্যক আদৰণি জনোৱা হয় । মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলক সদস্যভৰ্তি কৰি দললৈ আদৰণি জনোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ ।

BJP membership campaign
অসমত বিজেপিৰ সদস্যভৰ্তি অভিযান (Bhabesh Kalita X handle)

গুৱাহাটী, ৩ ছেপ্টেম্বৰ: অসমত আজিৰে পৰা আৰম্ভ হ'ল বিজেপিৰ বিশাল সদস্যভৰ্তি আৰু সদস্য নবীকৰণ অভিযান । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে আনুষ্ঠানিকভাৱে নিজৰ সদস্য পদৰ নবীকৰণ কৰি এই অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সদস্য পদ নবীকৰণ কৰে । সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলীয় সদস্যপদ নবীকৰণ কৰি এই সদস্যভৰ্তি অভিযান দেশজুৰি শুভাৰম্ভ কৰিছিল ।

৬০ লাখৰ লক্ষ্যৰে অসমত বিজেপিৰ সদস্যভৰ্তি অভিযান (ETV Bharat Assam)

অসমত আজিৰে পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ এই সদস্যভৰ্তি আৰু নবীকৰণ অভিযান । সদস্যপদ নবীকৰণ কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘এইটো এটা দলৰ পৱিত্ৰ মহাযজ্ঞ । দলৰ কৰ্মকৰ্তাৰ ওপৰত দল নিৰ্ভৰশীল আৰু কৰ্মকৰ্তাসকল দলৰ জীৱন্ত শক্তি । দলৰ কৰ্মকৰ্তাসকলে দলটোক প্ৰাণৱন্ত কৰি ৰাখে । বিজেপি দলটো পৰিয়ালতন্ত্ৰৰ পৰা আঁতৰত । শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা অটল বিহাৰী বাজপেয়ীলৈ আৰু অমিত শ্বাহৰ পৰা জে পি নাড্ডালৈ কোনো এজন পৰিয়ালৰ পৰা সভাপতি হোৱা নাই । কংগ্ৰেছ দলৰ কথা ক'লে পৰিয়ালতন্ত্ৰৰ চিত্ৰ সন্মুখলৈ আহে । বিজেপিৰ ক্ষেত্ৰত তেনে চিত্ৰ সন্মূখলৈ নাহে । ইয়াত বুথৰ পৰা সেৱা আগবঢ়াই শীৰ্ষ পদবীলৈ যাব পাৰি । ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সৰ্বোচ্চ পদত তৃণমূলৰ পৰা কাম কৰি আহি অধিষ্ঠিত হ'ব পাৰি । প্ৰতিগৰাকী নেতাৰ জীৱন পৰিক্ৰমা চালে সেই কথা উপলব্ধি কৰিব পাৰি ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘পৰিয়ালৰ হাতলৈ যাব নোৱৰাকৈ বিজেপিৰ শক্তিশালী ভেটি নিৰ্মাণ কৰা হৈছে । সংগঠনপৰ্বত পুৰণিয়ে নবীকৰণ কৰি সদস্য হয় । সেইদৰে নতুন সদস্যক আদৰণি জনোৱা হয় । পুৰণি কাৰ্যকৰ্তাই দহৰ পৰা হাজাৰলৈ নতুনক আদৰাৰ লক্ষ্য ল'ব লাগে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮-২৫ বছৰ বয়সৰ নৱপ্ৰজন্মক দলত আদৰণি জনোৱাৰ বাবে আহ্বান জনাইছে । আমি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলক সদস্য কৰিব পাৰো । ভোটাধিকাৰৰ যোগ্য হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীকে আমি দলৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰো । যুৱপ্ৰজন্মক দললৈ আদৰণি জনাব লাগে । তেওঁলোক দলৰ ভৱিষ্যত আৰু তেওঁলোকে দলটোক প্ৰাণৱন্ত কৰি ৰাখিব ।’’

অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, ‘‘বিজেপি দলত প্ৰতি ছয় বছৰৰ মূৰে মূৰে সদস্যপদ নবীকৰণ হয় । এইবাৰ দেশত ১০ কোটি সদস্যভৰ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । সেইদৰে অসমত ৬০ লাখ সদস্যভৰ্তিৰ অভিযান আৰম্ভ কৰা হৈছে । নতুনকৈ ২০ শতাংশ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে । সেৱাই আমাৰ সংগঠন । ৮৮০০০০২০২৪ নম্বৰত মিছড ক'ল কৰি সদস্যভৰ্তি হ'ব পাৰিব ।"

উল্লেখ্য সদস্যভৰ্তি আৰু নবীকৰণৰ বাবে মুকলি কৰা ৮৮০০০০২০২৪ নম্বৰত মিছড ক'ল কৰিলে এখন ফৰ্ম আহে আৰু সেই ফৰ্মখন পূৰণ কৰিলেহে সদস্যপদ লাভ কৰিব পাৰি । সদস্যভৰ্তি অভিযানৰ ৰাজ্যিক আহ্বায়ক প্ৰাক্তন সাংসদ পল্লৱলোচন দাসে আঁতধৰা অনুষ্ঠানটোত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি নাৰায়ণ বৰকটকী, প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, জ্যেষ্ঠ বিজেপি নেতা মনোজৰাম ফুকন, প্ৰবীণ বিজেপি নেতা মহাবীৰ স্বামী, শৈলেজা কুমাৰী, প্ৰাক্তন সাংসদ কুইন ওজা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধিকে ধৰি ভালেসংখ্যক দলীয় নেতা উপস্থিত আছিল ।

লগতে পঢ়ক:২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.O - Mission Basundhara 3

ঋণ লোৱাটো অত্যন্ত প্ৰাসংগিক : বিশ্বজিৎ ফুকন - MLA Biswajit Phukan

অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক নিবিচাৰে: ৰিপুণ বৰা - Ripun Bora quits TMC

ABOUT THE AUTHOR

...view details