অসম

assam

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 10:37 PM IST

ETV Bharat / politics

শুকুৰবাৰে নিৰ্বাচন, শনিবাৰে দেহাৱসান বিজেপি প্ৰাৰ্থী সৰ্বেশ সিঙৰ - LOK SABHA ELECTION 2024

Kunwar Sarvesh Singh passes away: মোৰাদাবাদ লোকসভা আসনৰ বিজেপি প্ৰাৰ্থী কুঁৱৰ সৰ্বেশ সিঙৰ শনিবাৰে মৃত্যু হয় । হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু ঘটে । অৱশ্যে মোৰাদাবাদত প্ৰথম পৰ্যায়তেই নিৰ্বাচন অনুষ্ঠিত হৈছে ।

LOK SABHA ELECTION 2024
Kunwar Sarvesh Singh passes away

নিউজ ডেস্ক, ২০ এপ্ৰিল:দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ পূৰ্বে শনিবাৰে ভাৰতীয় জনতা পাৰ্টী এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । মোৰাদাবাদৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুঁৱৰ সৰ্বেশ সিঙৰ দেহাৱসান । শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ ভোটদানৰ সময়তো তেওঁ ভোটদান কৰিছিল । শনিবাৰে দিল্লী এইমছত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয় ।

অৱশ্যে কুঁৱৰ সৰ্বেশ সিঙৰ মৃত্যুৰ কোনো প্ৰভাৱ নপৰে ভোটগণনা আৰু নিৰ্বাচন প্ৰক্ৰিয়াত । গণনা সম্পূৰ্ণ হ’ব । যদি প্ৰয়াত সৰ্বেশ সিং জয়ী হয় তেন্তে এই আসনখন খালী ঘোষণা কৰি পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব । যদি তেওঁ পৰাস্ত হয় তেন্তে বিজয়ী প্ৰাৰ্থীক সাংসদৰ প্ৰমাণ পত্ৰ দিয়া হ’ব । এইদৰে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ বুলি গণ্য কৰা হ’ব ।

পাঁচবাৰ বিধায়ক নিৰ্বাচিত হৈছিল: কুঁৱৰ সৰ্বেশ কুমাৰ সিংক ৰাকেশ সিং বুলিও জনা যায় । তেওঁক উত্তৰ প্ৰদেশৰ অভিজ্ঞ ৰাজনীতিবিদ হিচাপে গণ্য কৰা হৈছিল । তেওঁ ঠাকুৰ (ৰাজপুত) জাতিৰ আছিল । ১৯৯১ চনৰ পৰা ২০০৭ চনলৈ আৰু ২০১২ চনৰ পৰা ২০১৪ চনলৈ ঠাকুৰদ্বাৰাৰ পৰা পাঁচবাৰ বিধায়ক নিৰ্বাচিত হৈছিল ।

তেওঁৰ পুত্ৰ কুঁৱৰ সুশান্ত সিং বৰ্তমান বৰহাপুৰৰ বিজেপি বিধায়ক । ১৯৫২ চনৰ ২৩ ডিচেম্বৰত ৰাজা ৰামপাল সিঙৰ ঘৰত কুঁৱৰ সৰ্বেশ কুমাৰ সিঙৰ জন্ম হয় । ১৯৮৩ চনৰ ২৬ মে’ত কুক্ৰা এষ্টেটৰ স্নাতক সাধনা সিঙৰ সৈতে তেওঁৰ বিবাহ হয় । তেওঁলোকৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ আছে । পুত্ৰৰ নাম কুঁৱৰ সুশান্ত সিং ।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত এছ পি প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল: মন কৰিবলগীয়া যে মোৰাদাবাদৰ পৰা বিজেপিয়ে প্ৰাক্তন সাংসদ সৰ্বেশ সিঙক প্ৰক্ষেপ কৰিছিল । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এছ পি-বি এছ পি মিত্ৰজোঁটৰ প্ৰাৰ্থী এছ টি হাছানৰ হাতত পৰাস্ত হৈছিল । এইবাৰ ইণ্ডি এলায়েন্সে ৰুচি বীৰাক আৰু বিএছপিয়ে ইৰফান ছাইফীক প্ৰক্ষেপ কৰিছে ।

এছ টি হাছানেও মনোনয়ন দাখিল কৰিছিল যদিও সময়মতে এছ পিৰ অনুমোদিত চিহ্ন আহি পোৱা নথকাৰ বাবে মনোনয়ন পত্ৰ নাকচ কৰা হয় । এই আসনখনৰ প্ৰাৰ্থী নিৰ্বাচনতো আজম খানৰ অসন্তুষ্টি দেখা গ’ল ।

লগতে পঢ়ক:দেশ-বিদেশৰ বহু নেতা একত্ৰিত হৈছে মোক আঁতৰাবলৈ: প্ৰধানমন্ত্ৰী মোদী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details