অসম

assam

ETV Bharat / politics

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবেই অগপত বিদ্ৰোহৰ উকমুকনি !

১৯৮৫ চনৰ পৰা অগপৰ দখলত থকা সমষ্টিত আৰম্ভ হৈছে সংঘাত ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Bongaigaon district AGP Conflict
পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবেই অগপত বিদ্ৰোহৰ উকমুকনি ! (ETV Bharat Assam)

বঙাইগাঁও: বঙাইগাঁৱত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ উকমুকনি । সেয়েহে উপ-নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বঙাইগাঁও জিলা অগপত উঠিছে পদত্যাগৰ জোৱাৰ ৷ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি এই পদত্যাগৰ জোৱাৰ উঠাত আঞ্চলিক দলটোৰ দুৰ্গত কঁপনিৰ সৃষ্টি হ'ব নেকি তাক লৈ ৰাজনৈতিক মহলত চলিছে ব্য়াপক চৰ্চা ।

ৰাজ্যত অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ পাঁচটা সমষ্টিৰ ভিতৰত বঙাইগাঁও বিধানসভা সমষ্টি অন্যতম ৷ ১৯৮৫ চনৰ পৰা অগপৰ দখলত থকা বঙাইগাঁও সমষ্টিটোত উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি দলটোত দেখা দিছে তীব্ৰ সংঘাত ৷ এই সংঘাতৰ সৃষ্টি হৈছে ১৯৮৫ চনৰ পৰা একেৰাহে অষ্টমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা দলৰ জ্যেষ্ঠ নেতা তথা লোকসভা নিৰ্বাচনৰ সময়ত বিধায়ক পদ ত্যাগ কৰি সাংসদ হিচাপে নিৰ্বাচিত ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীক কেন্দ্ৰ কৰি ।

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ উকমুকনি (ETV Bharat Assam)

ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰী আৰু দলটোৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰৰ মাজত হোৱা সংঘাতে কেনে ৰূপ লয় তাক লৈ চলিছে সৰৱ চৰ্চা ৷ সাংসদ চৌধুৰীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰি দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছিল শৈলেন্দ্ৰ সৰকাৰে ৷ নিজকে টিকটৰ দাবীদাৰ বুলি দলৰ মাজত সৃষ্টি কৰিছিল তীব্ৰ বিদ্ৰোহৰ ৷ ইয়াৰ পাছত দলটো দুটা শিবিৰত বিভাজন হৈ পৰে ৷ দলটোৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি বিজয় সিংহও পক্ষ লয় শৈলেন্দ্ৰ সৰকাৰৰ ৷

বঙাইগাঁও জিলা সমিতিৰ সভাপতি-সম্পাদকৰ পদত্য়াগ

দলটোৰ মাজত চলি থকা এনে বিদ্ৰোহৰ মাজতে আজি বঙাইগাঁও জিলা সমিতিৰ সভাপতি বিজয় সিংহ আৰু সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰে নিজৰ পদবীসহ প্ৰাথমিক সদস্যপদৰ পৰাও পদত্যাগ কৰে ৷ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীৰ লগতে দলটোৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি তিলক নাৰায়ন দেৱ,বঙাইগাঁও টাউন সভাপতি (দক্ষিন ফাল),ঢালিগাঁও আঞ্চলিক সমিতিৰ সভাপতি গৌৰী শংকৰ বৰ্মন, ছিপনছিলা আঞ্চলিক সমিতিৰ সভাপতি বিষ্ণুৰাম মেধি, সাধাৰণ সম্পাদক বিষ্টুৰাম নাৰ্জাৰীসহ ২৯ গৰাকী নেতা-কৰ্মীয়ে পদত্যাগ কৰে ৷

উল্লেখ্য যে আজি পদত্যাগ কৰা দলটোৰ জিলা সমিতিৰ সভাপতি বিজয় সিংহ আৰু সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰ দুয়োজন নেতাই অগপ দলৰ জন্মলগ্নৰে পৰা জড়িত হৈ আছে ৷ জিলা সভাপতি বিজয় সিংহ তিনিটা দশকৰ ওপৰতো বিভিন্ন সময়ত দলটোৰ সম্পাদক আৰু সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেওঁ দুবাৰকৈ বঙাইগাঁও জিলা পৰিষদৰ সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল ৷

ইপিনে, শৈলেন্দ্ৰ সৰকাৰো দলটোৰ জন্মলগ্নৰে পৰাই জড়িত হৈ আহিছে ৷ দীৰ্ঘদিন ধৰি দলটোৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰিছিল ৷ লগতে তেওঁ বৰ্তমান বঙাইগাঁও পৌৰসভাৰ উপ-সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰি আছে । অগপৰ বঙাইগাঁও জিলা সমিতিৰ দুই মুখ্য পদাধিকাৰীৰ পদত্যাগে দলটোৰ মাজত সৃষ্টি হৈছে তীব্ৰ জোঁকাৰনিৰ ৷

পদত্যাগৰ কাৰন বিচাৰি পোৱা নাই ফণীভূষণে

ইপিনে, সাংসদ ফণীভূষণ চৌধুৰীয়ে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," আজিৰ দিনটোলৈকে বঙাইগাঁৱত কোন হ'ব প্ৰাৰ্থী এই কথা ঘোষণা কৰাই নাই ৷ গতিকে তেওঁলোকৰ পদত্যাগৰ কাৰণ বিচাৰি পোৱা নাই ৷ এই দুই নেতাৰ লগতে বাকীসকলৰ পদত্যাগৰ ঘটনাই কোনো গুৰুত্বই আৰোপ কৰা নাই ৷ নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলতে এনে ধৰনৰ পদত্যাগ ঘটনা ঘটি থাকে ৷ এয়া স্বাভাবিক ঘটনা ৷ " ফণীভূষণ চৌধুৰীয়ে পুনৰ কয়," ইয়াৰ পূৰ্বেও জিলা সমিতিৰ সভাপতি পদত্যাগ কৰিছিল দলটোৰ পৰা ৷ ইয়াৰ পাছতো কিন্তু দলটোৰ কোনো ক্ষতি হোৱা নাই ৷ গতিকে এইবাৰো কোনো ক্ষতি কৰিব নোৱাৰে দলটোৰ ৷ "

দীপ্তিময়ী চৌধুৰীৰ দলৰ লগত কোনো সম্পৰ্ক নাছিল

ইপিনে, সদ্যপদত্যাগী জিলা সভাপতি বিজয় সিংহই কয়,"সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীৰ দলৰ লগত কোনো সম্পৰ্ক নাছিল ৷ নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ আশ্ৰয় নলৈ দলটোৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ থকা কোনো এজন যোগ্য নেতাক দিব লাগিছিল প্ৰাৰ্থিত্ব ৷ আনুষ্ঠানিকভাৱে প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈ পৰিছে ৷ "

তেওঁ পুনৰ কয়," বিভিন্ন দলে ইতিমধ্যে মোৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷" অৱশ্যে এইক্ষেত্ৰত তেওঁ বৰ্তমানলৈকে কোনো সিদ্ধান্তত উপনীত হোৱা নাই বুলি মন্তব্য় কৰে ৷

নিৰ্দলীয় প্ৰাৰ্থী হ'ব শৈলেন্দ্ৰ সৰকাৰ !

আনহাতে,সদ্যপদত্যাগী জিলা সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুত চলোৱাক লৈয়ো চৰ্চা হৈছে ।

লগতে পঢ়ক:সাংসদপত্নীক প্ৰাৰ্থিত্ব কিয় ? ক্ষোভত অগপ এৰিলে বঙাইগাঁৱৰ জিলা সভাপতি-সাধাৰণ সম্পাদকে

ফণীভূষণ চৌধুৰীৰ সমষ্টিৰ মোহে বঙাইগাঁৱত ঘটালে অঘটন !

ABOUT THE AUTHOR

...view details