অসম

assam

ETV Bharat / politics

তৃণমূল কংগ্ৰেছ ত্যাগ : পুনৰ কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা ৰিপুণ বৰাৰ - Ripun Bora quit TMC - RIPUN BORA QUIT TMC

Ripun Bora likely to join Congress again : অসমৰ ৰাইজক বহু বুজায়ো বিফল হ’ল ৰিপুণ বৰা ৷ তৃণমূল কংগ্ৰেছ পশ্চিমবংগৰ আঞ্চলিক দল হিচাবেই মানি থাকিল অসমৰ ৰাইজে ৷ এনেবোৰ কাৰণতে দেওবাৰে তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই ৷ ইয়াৰ পিচত বৰাই কংগ্ৰেছলৈ পুনৰ যোৱাৰ চিন্তা কৰিছে নেকি ? তাৰো ইংগিত দিলে জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে ৷

Ripun Bora likely to join Congress again
তৃণমূল কংগ্ৰেছ ত্যাগৰ পিচতে ৰিপুণ বৰাৰ মন্তব্য (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 5:06 PM IST

গুৱাহাটী, 1 ছেপ্টেম্বৰ : এইবাৰ তৃণমূল কংগ্ৰেছো ত্যাগ কৰিলে ৰিপুণ বৰাই ৷ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰি দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত থকা ৰিপুণ বৰাই অৱশেষত তৃণমূল কংগ্ৰেছো ত্যাগ কৰিলে । ৰিপুণ বৰাৰ লগতে অসম তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, প্ৰশাসনিক সাধাৰণ সম্পাদক‌‌‌ গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু সাধাৰণ সম্পাদক‌‌‌ জুলফিকৰ হুছেইনে ।

তৃণমূল কংগ্ৰেছ ত্যাগৰ পিচতে ৰিপুণ বৰাৰ মন্তব্য (ETV Bharat Assam)

ৰিপুণ বৰাই অসম তৃণমূল কংগ্ৰেছৰ সভাপতি পদৰ উপৰি প্ৰাথমিক সদস্য পদো ত্যাগ কৰে । ৰিপুণ বৰাই আজি তেওঁৰ পদত্যাগ পত্ৰ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীলৈ প্ৰেৰণ কৰে । তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ পাছত কোন দলত যোগদান কৰিব সেই কথা ৰিপুণ বৰাই স্পষ্ট কৰা নাই যদিও কংগ্ৰেছ দললৈ পুনৰ উভতি যোৱাৰ সম্ভাৱনা আছে ।

নিজৰ প্ৰতিক্ৰিয়াত ৰিপুণ বৰাই কয়, ‘‘পশ্চিমবংগৰ দৰে অসমতো বিজেপিক প্ৰতিহত কৰাৰ এটা প্লেটফৰ্ম কৰিব পাৰিম বুলি আশা কৰিছিলো । তেনেকুৱা সপোন লৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিছিলো । কিন্তু বিগত আঢ়ৈ বছৰ অসমত তৃণমূল কংগ্ৰেছৰ সংগঠন কৰিবলৈ গৈ দেখিলো যে অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক গ্ৰহণ কৰে । কাৰণ অসমৰ ৰাইজে ভাৱে যে এইটো এটা বেংগলৰ আঞ্চলিক দল । বেংগলৰ আঞ্চলিক দল এটাক অসমৰ মানুহে কিয় গ্ৰহণ কৰিব? আমি ৰাইজক বুজাবৰ চেষ্টা কৰিছিলো, কিন্তু নুবুজিলে । গতিকে সিদ্ধান্ত ল'লো যে ৰাইজে যদি গ্ৰহণ নকৰে তেন্তে আমি আমাৰ মূল লক্ষ্যত উপনীত হ'ব নোৱাৰিম । ৰাইজে গ্ৰহণ নকৰিলে বিজেপিক কিদৰে প্ৰতিহত কৰিম । সময় আৰু এনাৰ্জী অপব্যয় হ'ব । বহু চিন্তা কৰি মই দলটো ত্যাগ কৰিছো । মই কোনটো দলত যাম সেই কথা এতিয়া অহা নাই । মই এজন ৰাজনৈতিক ব্যক্তি হিচাপে থাকিম আৰু বিজেপি বিৰোধী শিবিৰত থাকিম । বিৰোধী ঐক্য মঞ্চৰ বিজেপি বিৰোধী যুঁজৰ অংশীদাৰ হৈ থাকিম । বেলেগ দলত যোগদান কৰাৰ কথা বৰ্তমান চিন্তা কৰা নাই । কংগ্ৰেছ মোৰ পুৰণি ঘৰ, সেয়ে ঘূৰি যোৱাত মোৰ কোনো আপত্তি নাই । অৱশ্যে কংগ্ৰেছ দলে বিচাৰিবও লাগিব ।’’

উল্লেখ্য যে ২০২২ চনৰ ১৭ এপ্ৰিলত কংগ্ৰেছ ত্যাগ কৰিছিল দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই । দলৰ পৰা পদত্যাগৰ কথা উল্লেখ কৰি কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৰিপুণ বৰাই । ১৯৭৬ চনৰ পৰা কংগ্ৰেছৰ লগত জড়িত থকা ৰিপুণ বৰাই ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিচতে দল ত্যাগৰ সিদ্ধান্ত লৈছিল । সেই সময়ত ৰিপুণ বৰাই বিজেপিৰ বহু নেতাৰ লগত কংগ্ৰেছৰ বহু নেতাৰ হলি-গলি থকা বুলি অভিযোগ কৰিছিল । ছোনিয়া গান্ধীলৈ দিয়া পত্ৰত ৰিপুণ বৰাই বহু অভিযোগ উত্থাপন কৰিছিল । ৰাজ্যসভা নিৰ্বাচনত জিকিব পৰাকৈ পৰ্যাপ্ত বিধায়ক লগত থকাৰ পিচতো পৰাজিত হ’বলগীয়া হৈছিল ৰিপুণ বৰা । নিজৰ কংগ্ৰেছ দলৰ লগতে সেই সময়ত মিত্ৰতা থকা এ আই ইউ ডি এফে দলেও ৰাজ্যসভা নিৰ্বাচনত তেওঁক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ আনিছিল ৰিপুণ বৰাই ।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ৰিপুণ বৰাৰ‌ স্থলাভিষিক্ত হোৱা ভূপেন বৰাৰ সৈতে বহু পুৰণি ৰাজনৈতিক শত্ৰুতা থকা বুলি সেই সময়ত ৰাজনৈতিক মহলত আলোচিত হৈছিল । যাৰবাবে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দুই পৃষ্ঠাৰ দীঘলীয়া পদত্যাগ পত্ৰ পঠিয়াই কংগ্ৰেছ দলৰ পৰা বিদায় লৈ ৰিপুণ বৰাই যোগ দিছিল তৃণমূল কংগ্ৰেছৰ । ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীৰ উপস্থিতিত কলিকতাত দলটোত যোগদান কৰিছিল । যোগদান কৰাৰ পিচত ৰিপুণ বৰা প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰে । কিন্তু অৱশেষত আজি ৰিপুণ বৰা তৃণমূল কংগ্ৰেছৰ পৰাও আঁতৰি আহিল । ৰিপুণ বৰাই পুনৰ কংগ্ৰেছ দললৈ প্ৰত্যাৱৰ্তনৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক :অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক নিবিচাৰে: ৰিপুন বৰা

ABOUT THE AUTHOR

...view details