গুৱাহাটী, 24 মাৰ্চ :লখিমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি উদয় শংকৰ হাজৰিকাই মাৰিলে শেষ হাঁহি ৷ অথলে গ’ল ৰাণী নৰহৰ নতুন দিল্লীত হাই কমাণ্ডৰ সৈতে কেইবা দশক জোৰা উঠা-বহা ৷ অতি বিলম্বিতভাৱে হ’লেও কংগ্ৰেছে অৱশেষত ঘোষণা কৰিলে লখিমপুৰ সমষ্টিৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে উদয় শংকৰ হাজৰিকাৰ নাম ।
26 মে’ত তৃতীয় পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচন হ’বলগীয়া সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিলে যদিও কংগ্ৰেছ দলে কিন্তু 19 এপ্ৰিলত প্ৰথম পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া লখিমপুৰৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিবলৈ সক্ষম হোৱা নাছিল । লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত আছিল দুবাৰৰ সাংসদ ৰাণী নৰহ আৰু নতুনকৈ বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকা ।
এফালে আছিল ৰাণী নৰহৰ দিল্লীৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত প্ৰৱল প্ৰতাপ ৷ আনফালে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰাৰ্থী আছিল উদয় শংকৰ হাজৰিকা ৷ যাৰ বাবে লখিমপুৰৰ প্ৰাৰ্থী ঘোষণাত যথেষ্ট পলম কৰিলে কংগ্ৰছে নেতৃত্বই । লখিমপুৰ সমষ্টিৰ বাবে 27 মাৰ্চ হ’ল মনোনয়ন দাখিলৰ শেষ দিন ৷ তাৰ 3 দিন পূৰ্বে শনিবাৰৰ নিশা সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত শেষ সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছ নেতৃত্বই ।
কিয় টিকটৰ পৰা বঞ্চিত হ’ল ৰাণী নৰহ ?
দলীয় সূত্ৰই জনোৱা মতে, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ অসহযোগ, তৃণমূলৰ সৈতে গণসংযোগহীনতা আৰু নিজৰ 'ডেম কেয়াৰ’ মনোভাৱৰ বাবেই এইবাৰ ৰণত পৰিল ৰাণী নৰহ । আনহাতে, 2017 চনত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত দলীয় হুইপ অমান্য কৰি ভোটদানৰ পৰা বিৰত আছিল ৰাণী নৰহ । কংগ্ৰেছৰ সূত্ৰ মতে, এই সকলো কাৰকেই ৰাণীৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত বাধা হৈ থিয় দিলে ।
নতুন দিল্লীত একেবাৰে শেষলৈকে নিজৰ প্ৰাৰ্থিত্ব লাভৰ বাবে যুঁজ দিছিল ৰাণী নৰহে । ৰাণী নৰহে ছোনিয়া গান্ধীক সাক্ষাৎ কৰি নিজৰ প্ৰাৰ্থিত্বৰ বাবে শেষ চেষ্টা চলাইছিল । কিন্তু শেষ মুহূর্তত একালৰ উত্তৰ অসমৰ কংগ্ৰেছী ৰাজনীতিৰ অখণ্ড প্ৰতাপী ৰাণীক ওফৰাই ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাই লখিমপুৰ লোকসভা সমষ্টিত প্রার্থিত্ব লাভ কৰিলে ।