শিৱসাগৰ, ১২ মাৰ্চ :ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) বাবে আবেদন নকৰা এজনো ব্যক্তিয়ে যদি নাগৰিকত্ব লাভ কৰে, তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব । ইফালে লাখ লাখ লোকে যদি নাগৰিকত্ব লাভ কৰে, তেনেহ'লে CAA ৰ বিৰুদ্ধে প্ৰতিবাদো কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । দেশত CAA ৰ অধিসূচনা জাৰিৰ পিচতে সংবাদ মাধ্যমত এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ।
সোমবাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বলৱৎ কৰাৰ পিচতে অসমৰ বিভিন্ন প্ৰান্তত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে । এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অসমৰ সন্তান । যদি এন আৰ চিৰ বাবে আবেদন নকৰা এজনো ব্যক্তিয়ে নাগৰিকত্ব লাভ কৰে তেন্তে তেওঁ প্ৰথমে পদত্যাগ কৰিব ।
প্ৰতিবাদকাৰীসকলে দাবী কৰিছে যে CAA ৰূপায়ণৰ পিচত লাখ লাখ লোক ৰাজ্যখনত প্ৰবেশ কৰিব । যদি এয়া সঁচা হয় তেনেহ'লে তেওঁ নিজেও CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি আশ্বাস প্ৰদান কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া পৰ্টেলত আবেদন কৰাৰ সময় আহি পৰিছে । পৰ্টেলৰ তথ্যই এতিয়া স্পষ্ট কৰিব প্ৰতিবাদকাৰীসকলে দাবী কৰা কথাবোৰ কিমান শুদ্ধ আছিল । CAA বিৰোধীসকলক অগ্নি পৰীক্ষাৰ বাবে সাজু থাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।