অসম

assam

উপ-নির্বাচন: পূৰ্বৰ বিধানসভা সমষ্টিৰ মোহ এৰিব পৰা নাই তিনিগৰাকী সাংসদে - Assam Bye Election 2024

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 4:46 PM IST

Bye election candidates in Assam : সাংসদ হিচাপে দিল্লীলৈ যোৱা পূৰ্বৰ তিনিগৰাকী বিধায়কে সমষ্টিৰ মোহ এতিয়াও এৰিব পৰা নাই । তিনিগৰাকী সাংসদে উপ-নিৰ্বাচনত নিজৰ পৰিয়ালৰ সদস্যক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে উঠিপৰি লাগিছে । বঙাইগাঁৱত কাক বিচাৰে ফণীভূষণ চৌধুৰীয়ে ? চামগুৰিক লৈ মোহ এৰিব পৰা নাই ৰকিবুল হুছেইনে । ধলাইত পুত্ৰক বিচাৰে পৰিমল শুক্লবৈদ্যই । ৰাজ্যসভাৰ দুখন আসনক লৈ চলিছে চৰ্চা ৷

Bye election candidates in Assam
পূৰ্বৰ বিধানসভা সমষ্টিৰ মোহ এৰিব পৰা নাই তিনিগৰাকী সাংসদে (ETV Bharat Assam)

গুৱাহাটী, ১৮ আগষ্ট :ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ ৷ নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও উপ-নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷

ইফালে অনিচ্ছাস্বত্বেও দলীয় নেতৃত্বৰ নিৰ্দেশত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ সাংসদ হিচাপে দিল্লীলৈ যোৱা পূৰ্বৰ তিনিগৰাকী বিধায়কে সমষ্টিৰ মোহ এতিয়াও এৰিব পৰা নাই । যাৰবাবে এই তিনিগৰাকী সাংসদে উপ-নিৰ্বাচনত নিজৰ পৰিয়ালৰ সদস্যক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে উঠিপৰি লাগিছে ।

উল্লেখ্য যে, আজিৰ তাৰিখত বিধায়কশূন্য হৈ থকা সমষ্টিকেইটা হৈছে বিহালী, চামগুৰি, ধলাই, বঙাইগাঁও আৰু ছিদলী বিধানসভা সমষ্টি ৷ এই সমষ্টিকেইটাৰ ভিতৰত চামগুৰি, বঙাইগাঁও আৰু ধলাই সমষ্টি পৰিয়ালকেন্দ্ৰিক প্ৰাৰ্থিত্বৰ প্ৰস্তুতিৰ বাবে বিশেষভাৱে চৰ্চালৈ আহিছে ৷

বঙাইগাঁৱত কাক বিচাৰে ফণীভূষণ চৌধুৰীয়ে :

বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আঠবাৰ প্ৰতিনিধিত্ব কৰা ফণীভূষণ চৌধুৰীয়ে সাংসদ হিচাপে দিল্লীলৈ যোৱাৰ পিচতো সমষ্টিৰ মোহ এৰিব পৰা নাই । সাংসদ ফণীভূষণ চৌধুৰীয়ে ইতিমধ্যে সদৰী কৰিছে যে সমষ্টিৰ ৰাইজে উপ-নিৰ্বাচনত তেওঁৰ পত্নীয়ে প্ৰাৰ্থিত্ব লাভ কৰাটো বিচাৰিছে । অৱশ্যে ফণীভূষণ চৌধুৰীৰ পত্নীয়ে টিকট নাপালেও তেওঁৰ পুত্ৰই উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰিব বুলি দলৰ মজিয়াত চৰ্চিত হৈছে ৷

চামগুৰিক লৈ ৰকিবুল হুছেইনৰ মোহ :

ইফালে চামগুৰি বিধানসভা সমষ্টিটো এৰি দিব খোজা নাই পূৰ্বাৰ বিধায়ক ৰকিবুল হুছেইনে । ২০০১ চনৰ পৰা চামগুৰি সমষ্টিত পাঁচবাৰকৈ বিধায়ক হোৱা ৰকিবুল হুছেইনে ধুবুৰীৰ সাংসদ হিচাপে দিল্লীলৈ গ'ল যদিও তেওঁ সমষ্টিটো নিজৰ পৰিয়ালৰ দখলত ৰখাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । সাংসদ ৰকিবুল হুছেইনে ইতিমধ্যে তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইনক উপ-নিৰ্বাচনৰ বাবে সাজু কৰিছে । সম্প্ৰতি তাঞ্জিল হুছেইনে সমষ্টিটোত প্ৰচাৰৰ কাম আৰম্ভ কৰিছে ।

ধলাইৰ মোহ এৰিব পৰা নাই পৰিমল শুক্লবৈদ্যই :

আনহাতে কেবাবাৰো ধলাই বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা পৰিমল শুক্লবৈদ্যই এইবাৰ শিলচৰৰ সাংসদৰূপে দিল্লীলৈ যাবলগীয়া হোৱাত সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । পিছে সাংসদ হ’লেও পৰিমল শুক্লবৈদ্যই সমষ্টিটোৰ মোহ এৰিব খোজা নাই । পৰিমল শুক্লবৈদ্যৰ পুত্ৰ উৎপল শুক্লবৈদ্যই ধলাই সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি চর্চা চলিছে । শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ গৱেষক ছাত্ৰ উৎপল শুক্লবৈদ্যক পৰিমল শুক্লবৈদ্যই নিজৰ সমষ্টিটোৰ পাৰিবাৰিক উত্তৰাধিকাৰী কৰিব খোজা কাৰ্যক লৈ বৰাক উপত্যকাৰ বিজেপিৰ মাজত সৰৱ চৰ্চা আৰম্ভ হৈছে ৷ মুঠৰ ওপৰত অনাগত উপ-নিৰ্বাচনত ৰাজ্যত যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰভাৱ ভালকৈয়ে পৰিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

ৰাজ্যসভাৰ দুখন আসনক লৈ চলিছে চৰ্চা :

ইফালে ৩ ছেপ্টেম্বৰত অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ লোকসভা নিৰ্বাচনত জয়ী হৈ সংসদৰ নিম্ন সদনলৈ সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা যোৱাৰ বাবে ৰাজ্যসভাৰ দুখন আসন খালী হৈ আছে ৷ অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰিছে । মনোনয়ন দাখিলৰ অন্তিম দিন ২১ আগষ্ট । ২২ আগষ্টত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব । আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ আগষ্ট । ইয়াৰ পিচত তিনি ছেপ্টেম্বৰৰ দিনা পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিচত সেইদিনাই ফলাফল ঘোষণা কৰা হ’ব ৷

উল্লেখ্য যে সৰ্বানন্দ সোণোৱালৰ ৰাজ্যসভাৰ কার্যকাল ২০২৬ চনৰ ৯ এপ্ৰিল অৰু কামাখ্যা প্ৰসাদ তাছাৰ কার্যকাল ২০২৫ বৰ্ষৰ ১৪ জুনলৈ ‍আছিল । সেই অনুসৰি সাংসদদ্বয়ৰ বাকী থকা কাৰ্যকালৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব । লক্ষ্যণীয় বিষয় যে ৰাজ্যসভাৰ এই দুয়োখন আসনক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত ব্যাপক চর্চা আৰম্ভ হৈছে । এই সন্দৰ্ভত বাজপেয়ী ভৱনত চলিছে ইখনৰ পিচত সিখন বৈঠক ।

ইয়াৰ মাজতে ৰাজ্যিক বিজেপিয়ে এখন পেনেল প্ৰস্তুত কৰি কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে ৷ উক্ত তালিকাত ৰামেশ্বৰ তেলী, তপন গগৈ, ৰাজদ্বীপ ৰয়, মিছন ৰঞ্জন দাস, ৰেখাৰাণী দাস বড়ো, ৰূপম গোস্বামী, প্ৰদীপ ঠাকুৰীয়া, বিজয় গুপ্তা, অশোক ভট্টৰয়, অনুপ সিং পুৰোহিত, মানসপ্ৰতিম ডেকা, কুইন ওজাৰ নাম অন্তর্ভুক্ত হৈছে ।

অৱশ্যে চর্চা অনুসৰি সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হিচাপে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈক বিজেপিয়ে সংসদলৈ প্ৰেৰণ কৰিব পাৰে । যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈৰ বিৰুদ্ধে অৱতীৰ্ণ হৈ পৰাজিত হোৱা তপন কুমাৰ গগৈক ৰাজ্যসভালৈ পঠিয়াই উজনি অসমত বিজেপিয়ে হেৰুওৱা ভোটখিনি পুনৰুদ্ধাৰ কৰাৰ বাবে চেষ্টা চলাব বুলি চৰ্চা চলিছে । ইফালে চাহ জনগোষ্ঠীৰ নেতা কামাখ্যা প্ৰসাদ তাছাৰ খালীস্থান পূৰণ কৰিবলৈ চাহ জনগোষ্ঠীটোৰ আন এজন নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী অথবা বৰাকৰ প্ৰাক্তন সাংসদ ৰাজদ্বীপ ৰয়ক উচ্চ সদনলৈ প্ৰেৰণ কৰাৰো চৰ্চা চলিছে বিজেপিৰ ভিতৰচ’ৰাত ।

লগতে পঢ়ক :ৰকিবুল-পুত্ৰৰ বিৰুদ্ধে বহু কংগ্রেছীয়েও বিচাৰিছে শক্তিশালী প্ৰাৰ্থী; এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলাম

পল্লৱ নে দিগন্ত ? বিহালীক লৈ বিজেপিত চলিছে অংক

সমষ্টিবাসী ককবকাইছে বানত, সাংসদ পুত্ৰ ব্যস্ত নিৰ্বাচনী প্ৰচাৰত

ABOUT THE AUTHOR

...view details