গুৱাহাটী :অসমৰ ৫ টা বিধানসভা সমষ্টিত আজি ভোটযুদ্ধ । লোকসভা নিৰ্বাচনৰ পাছত খালী হোৱা পাঁচটা বিধানসভা সমষ্টিত বুধবাৰে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ ভিতৰত আছে ধলাই সমষ্টি । এই সমষ্টিটোত স্বচ্ছ-নিকা আৰু শান্তিপূর্ণ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে সংশ্লিষ্ট জিলা প্ৰশাসনে ।
পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে অনুষ্ঠিত হ'ব ভোটগ্রহণ প্রক্রিয়া । আজি ধলাই সমষ্টিৰ আঠগৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হ'ব । পুৱাৰে পৰাই ভোটকেন্দ্ৰ সমূহত শাৰী পাতিছে ভোটাৰ ৰাইজে । সমষ্টিটোত শেষ হাঁহি কোনে মাৰিব সেয়া জানিব পৰা যাব ফলাফলত ।
নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ-নিকা আৰু সুকলমে সম্পন্ন কৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । ভোটকেন্দ্ৰ সমূহত ভোটাৰৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি খোৱাপানীৰ ব্যৱস্থা, শৌচালয়, পর্যাপ্ত বিদ্যুৎ যোগানৰ ব্যৱস্থা, বিশেষভাৱে সক্ষম ভোটাৰ আৰু বয়স্ক লোকৰ বাবে ৰেম্প, হুইল চেয়াৰ আদি ব্যৱস্থা কৰা হৈছে ।
ধলাই সমষ্টিৰ আঠগৰাকী প্ৰাৰ্থী :
১) বিজেপিৰ নীহাৰ ৰঞ্জন দাস (NDA)
২) কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থ
৩) এছ ইউ চি আইৰ গৌৰ চন্দ্ৰ দাস
৪) নিৰ্দলীয় প্ৰাৰ্থী অমলেন্দু দাস
৫) নিৰ্দলীয় প্ৰাৰ্থী ধীৰাজ দাস
৬) নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ ধুবী
৭) নিৰ্দলীয় প্ৰাৰ্থী পৰিমল দাস
৮) নিৰ্দলীয় প্ৰাৰ্থী ৰাজু দাস
ধলাই সমষ্টিৰ ভোটাৰ আৰু ভোটকেন্দ্ৰ :