নগাঁও/ধিং:পিতৃয়ে প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিৰ পৰাই বিধায়ক হোৱাৰ সপোন বুকুত লৈ জীৱনৰ প্ৰথমটো নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে ৰকিবুল হুছেইনৰ পুত্ৰ তথা এন এছ ইউ আই নেতা তাঞ্জিল হুছেইনে । বৃহস্পতিবাৰে চামগুৰি সমষ্টিৰ পৰাই কংগ্ৰেছৰ কৰ্মী-সমৰ্থকৰ সৈতে বৃহৎ সমদল কৰি নগাঁৱত উপস্থিত হৈ নিজৰ মনোনয়ন দাখিল কৰে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে ।
নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ সৈতে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে সাংসদ পিতৃ ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷
আবেগিক হৈ পৰিল ৰকিবুল হুছেইন
প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰকিবুল তনয় তাঞ্জিল হুছেইনে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে দলৰ শীৰ্ষ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে মনোনয়ন দাখিল কৰি চামগুৰি সমষ্টিৰ পৰা বিজয় নিশ্চিত বুলিও দৃঢ়তা প্ৰকাশ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ । পুত্ৰৰ মনোনয়নত উপস্থিত থাকি কিছু আৱেগিক হৈ পৰা বুলি উল্লেখ ৰকিবুল হুছেইনৰ ।
‘‘এন এছ ইউ আইৰ পৰাই মই নিজেও দলীয় প্ৰাৰ্থিত্ব লাভ কৰিছিলো । দেৱব্ৰত শইকীয়াই যুৱ কংগ্ৰেছ কৰি থাকোতেই প্ৰাৰ্থিত্ব লাভ কৰিছিল । কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিয়ে তাঞ্জিলৰ প্ৰাৰ্থিত্বক লৈ পৰিয়াতকেন্দ্ৰিক ৰাজনীতি কৰাৰ অভিযোগ আনিছে । আন কোনো প্ৰাৰ্থীক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে যদি বিজেপিয়ে চামগুৰিত প্ৰতিদ্বন্দ্বিতা নকৰো বুলি ঘোষণা কৰে, তেন্তে তাঞ্জিল হুছেইনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হ’ব ৷’’ ৰকিবুল হুছেইনৰ মন্তব্য ।
চামগুৰি সমষ্টিত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভতো মন্তব্য কৰে ৰকিবুল হুছেইনে । ‘‘চামগুৰিত আজি কংগ্ৰেছৰ নেতাই ইংগিত দিয়া হ’লে অৱস্থা কি হ’লহেঁতেন বিজেপিৰ এক-ডেৰশ কৰ্মীৰ । মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হৈছে ।’’ সাংসদ হুছেইনে কয় ৷ জীয়াই থকালৈকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজি যাব বুলিও মন্তব্য কৰে তেওঁ ।
তাঞ্জিলক শুভকামনা গৌৰৱ গগৈৰ