গুৱাহাটী, 26 ফেব্ৰুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনক লৈ অসমত বিজেপিৰ তৎপৰতা অব্যাহত আছে ৷ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অসমলৈ আহিব প্ৰধান্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তাৰ পূৰ্বেই অসমৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিবলৈ সাংগঠনিক তৎপৰতা চলাইছে ৰাজ্যিক বিজেপিয়ে ৷ এই উদ্দেশ্যৰে বিজেপিয়ে ৰাজ্যৰ 14 টা লোকসভা সমষ্টিক লৈ গঠন কৰিছে এখন বিশেষ কমিটি ৷ ইতিমধ্যেই 14 টা সমষ্টিত 12 গৰাকী আহ্বায়ক আৰু 12 গৰাকী সহঃ আহ্বায়ক নিযুক্তি দিয়া হৈছে ৷ এই কমিটিখনৰ আহ্বায়ক আৰু সহঃ আহ্বায়ক সকলক দায়িত্বপ্ৰাপ্ত লোকসভা সমষ্টিলৈ গৈ দলীয় কৰ্ম-কৰ্তাৰ সৈতে আলোচনা কৰি প্ৰাৰ্থীৰ তালিকা প্ৰস্তত কৰিবলৈ কোৱা হৈছে ৷
মঙলবাৰ, 27 ফেব্ৰুৱাৰীৰ ভিতৰত সাম্ভাব্য প্ৰার্থীৰ তালিকা প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ সেই অনুসৰি কমিটিখনে নিজৰ তালিকা প্ৰস্তুত কৰি ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ হাতত কাইলৈ জমা দিয়াৰ কথা ৷ কমিটিৰ আহ্বায়ক সকলৰ তালিকাৰ ভিত্তিত ৰাজ্যিক বিজেপিয়ে নিজৰ তালিকা প্ৰস্তুত কৰিব ৷ বিজেপিৰ উচ্চস্তৰীয় সূত্ৰ মতে প্ৰাৰ্থীৰ এই তালিকা লৈ 28 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিল্লীলৈ ৰাওনা হোৱাৰ কথা ৷ মন কৰিবলগীয়া যে 14 টা সমষ্টি যদিও 12 টা লোকসভা সমষ্টিতহে বিজেপিয়ে কমিটিখনত আহ্বায়ক ৰূপে দায়িত্ব অৰ্পণ কৰিছে ৷ বাদ পৰি ৰৈছে দুটাকৈ সমষ্টি ৷ কোকৰাঝাৰ আৰু বৰপেটা ৷ এই দুটা সমষ্টিত বিজেপিয়ে তালিকা প্ৰস্তুত কৰিবলৈ কাকো দায়িত্ব দিয়া নাই ৷
বিজেপিয়ে বৰপেটা লোকসভা সমষ্টিটো অসম গণ পৰিষদ আৰু কোকৰাঝাৰ লোকসভা ইউ পি পিএলক এৰি দিয়াটো প্ৰায় নিশ্চিত ৷ সেয়েহে এই দুটা সমষ্টিৰ কোনো প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা নাই ৷ ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী সকলৰ ভিতৰত কোনো কোনোৱে প্ৰাৰ্থিত্বৰ বাবে আবেদনো জনাইছে দলীয়ভাৱে ৷ তাৰ ভিতৰত গুৱাহাটীৰ বাবে জয়ন্ত দাস আৰু শোণিতপুৰৰ বাবে ঋতুবৰণ শৰ্মাই সোমবাৰে দলীয়ভাৱে প্ৰাৰ্থিত্বৰ আবেদন কৰা দেখা গৈছে ৷