নিউজ ডেস্ক, 7 আগষ্ট:অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন এন ডি এৰ মিত্ৰ অসম গণ পৰিষদ দলত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী তৎপৰতা ৷ দলীয় সংগঠনক শক্তিশালী কৰাৰ বাবে ধাৰাবাহিক কাৰ্যসূচী ঘোষণা কৰিছে ।
ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে, 25 আগষ্টৰ পৰা ৰাজ্যজুৰি এক সপ্তাহজোৰা বুথ পৰ্যায়ৰ সন্মিলন আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
অতুল বৰাই কয়, "আজি অগপৰ ভগ্নী সংগঠনসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু তেওঁলোকক কিছু নিৰ্দেশনা জাৰি কৰা হয় । আমাৰ দলৰ কৰ্মীসকলে আগন্তুক উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে কাম কৰি আছে । আমি ধাৰাবাহিক কাৰ্যসূচী গ্ৰহণ কৰিছো । 11 আগষ্টৰ পৰা 13 আগষ্টলৈ আমাৰ দলৰ ভগ্নী সংগঠনসমূহৰ সভা প্ৰতিটো সমষ্টিতে অনুষ্ঠিত হ'ব । আমি 25 আগষ্টৰ পৰা এসপ্তাহজোৰা বুথ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছো । ইয়াৰ উপৰিও 19 আগষ্টৰ পৰা 21 আগষ্টলৈ গুৱাহাটীত তিনিদিনীয়া দলীয় কৰ্মশালা অনুষ্ঠিত হ'ব" ৷
ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অগপ আৰু আন এটা মিত্ৰ দল ইউ পি পি এলে এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।
1985 চনৰ পৰা অগপই অবিৰতভাৱে জয়লাভ কৰি থকা বঙাইগাঁও বিধানসভা আসনত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে ।