অসম

assam

ETV Bharat / politics

ন্যায় যাত্রাৰ প্ৰভাৱ: সোমবাৰে যোৰহাট থানাত অকলেই হাজিৰ হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

Case against APCC president Bhupen Bora :ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাৰ গোচৰ সন্দৰ্ভত দ্বিতীয়বাৰৰ বাবে যোৰহাট থানাত হাজিৰ হোৱাৰ নিৰ্দেশ ভূপেন বৰাক । চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰৰ বাবে কাৰাৰুদ্ধ হ'বলগীয়া হ'লে দলৰ নেতা-কর্মীক নিষ্ঠা, সততা, অহিংসা আৰু গণতান্ত্রিক প্রমূল্য ৰক্ষা কৰি লোকসভাৰ নির্বাচনকেন্দ্রিক কাম-কাজত নেৰানেপেৰাকৈ লাগি থাকিবলৈ আহ্বান ভূপেন বৰাৰ ।

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 2:27 PM IST

APPCC PRESIDENT Bhupen Bora WILL appear IN Jorhat police station alone ON 12 february
সোমবাৰে যোৰহাট থানাত অকলেই হাজিৰ হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গুৱাহাটী, 11 ফেব্ৰুৱাৰী: অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রা কেতিয়াবাই সমাপ্ত হ'ল যদিও ইয়াৰ প্ৰভাৱৰ পৰা পৰিত্রাণ পোৱা নাই কংগ্ৰেছ নেতৃত্ব । পুনৰ সোমবাৰে থানাত হাজিৰ হ'ব লাগিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । উল্লেখ্য যে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাট জিলাত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত যোৰহাট সদৰ থানাত ৰুজু কৰা হৈছিল গোচৰ । সেই গোচৰৰ ভিত্তিতে তদন্তকাৰী বিষয়াৰ ওচৰত দেওবাৰে হাজিৰ হয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ।

ভাৰত জোড়ো ন্যায় যাত্ৰাই যোৰহাটত আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰাৰ অভিযোগেৰে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, ৰাহুল গান্ধীৰ নেতৃত্বৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামগ্ৰিক নিয়ন্ত্ৰণৰ দায়িত্বত থকা বালাকৃষ্ণন বাইজুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । এই গোচৰৰ ভিত্তিতে ইতিমধ্যে 31 জানুৱাৰীত যোৰহাট সদৰ থানাত উপস্থিত হৈ সাক্ষ্য প্ৰদান কৰিছিল ভূপেন বৰাই ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

একেদৰে, 10 ফেব্ৰুৱাৰী শনিবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পথ নিৰ্ণয়কাৰী কে বি বাইজুৱে যোৰহাট থানাত সাক্ষ্য প্ৰদান কৰে । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামগ্ৰিক নিয়ন্ত্ৰণৰ দায়িত্বত থকা বাইজুক যোৰহাট আৰক্ষীয়ে বহু সময় ধৰি জেৰা চলায় । ইফালে যোৰহাট আৰক্ষীয়ে জামিনবিহীন দুটাসহ মুঠ 8 টা ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক 12 ফেব্ৰুৱাৰীৰ পুৱা 10 বজাত যোৰহাট থানাত হাজিৰ হ'বলৈ দ্বিতীয়বাৰৰ বাবে জাননী দিছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই এক বিবৃতিযোগে জনাই, "ইতিমধ্যে প্রদেশ কংগ্ৰেছৰ সভাপতিয়ে আগতীয়াকৈ জামিন লৈ অসহিষ্ণু, আকোৰগোঁজ, ক্ষমতাৰ বলত বলিয়ান, ভ্ৰষ্টাচাৰী চৰকাৰৰ ওচৰত শিৰনত নকৰে বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে । সেয়েহে আৰক্ষীৰ নিৰ্দেশমর্মে কাইলৈ পুৱা 10 বজাত সভাপতিগৰাকীয়ে সোঁ শৰীৰে যোৰহাট থানাত হাজিৰ হ'ব ।"

চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰৰ বাবে যদিহে বৰা কাৰাৰুদ্ধ হ'বলগীয়া হয় তেন্তে দলৰ প্ৰতিগৰাকী নেতা-কর্মীকে নিষ্ঠা, সততা, অহিংসা আৰু গণতান্ত্রিক প্রমূল্যবোধ ৰক্ষা কৰি লোকসভা নির্বাচনৰ বাবে নেৰানেপেৰাকৈ লাগি থাকিবলৈ বিবৃতি যোগে আহ্বান জনাইছে ভূপেন বৰাই । লগতে বিবৃতিটোত উল্লেখ কৰা হয় যে বিগত বাৰ যোৰহাট থানালৈ যাওতে একাংশ সমর্থক আৰু কংগ্ৰেছ কৰ্মীয়ে ভূপেন বৰাক সংগ দিছিল । সেইসকল সমৰ্থক আৰু কংগ্ৰেছ কৰ্মীয়ে কৰা ভিৰ নিয়ন্ত্ৰণ কৰিব নোৱৰা বাবে কেবাজনো আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । এইবাৰ যাতে কোনো আৰক্ষীয়ে শাস্তি পাবলগীয়া নহয় তাৰ বাবে সভাপতি ভূপেন বৰাই অকলে থানালৈ যাবলৈ সিদ্ধান্ত লৈছে । সেয়ে কংগ্ৰেছ কর্মীসকলক থানাৰ সমুখত কোনো ধৰণৰ ভিৰ আদি নকৰিবলৈ আহ্বান জনাইছে ভূপেন বৰাই ।

উল্লেখ্য যে, কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাই 18 জানুৱাৰীত যোৰহাট নগৰ অতিক্ৰম কৰাৰ সময়ত প্রশাসনে অনুমতি প্রদান নকৰা নগৰৰ গড়আলি আৰু এ টি ৰোডেদি গৈ ট্রেফিক আইন ভংগ কৰাৰ অভিযোগ উঠিছিল ৷ ইয়াৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে যোৰহাট থানাত কেইবাটাও ধাৰাৰ অধীনত 20/2024 নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰিছিল । উক্ত গোচৰৰ ভিত্তিতে প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 31 জানুৱাৰীত যোৰহাট থানাত হাজিৰ হৈ গোচৰটো সন্দৰ্ভত সাক্ষ্য প্রদান কৰিছিল ।

সোমবাৰে পুনৰ বৰাক যোৰহাট থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে । যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক অভিজিত ফুকন ইতিমধ্যে দুবাৰকৈ থানাত হাজিৰ হোৱাৰ পিছত পুনৰ 15 ফেব্ৰুৱাৰীত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:যোৰহাট সদৰ থানাত হাজিৰ ৰাণা গোস্বামী

ABOUT THE AUTHOR

...view details