অসম

assam

ETV Bharat / politics

ভূপেন বৰাৰ নিৰাপত্তাৰ দিশ পৰ্যবেক্ষণৰ আহ্বান মুখ্যমন্ত্ৰীক - Burglary at Bhupen Borah residence

APCC on incident at Bhupen Borah residence : ভূপেন বৰাৰ বাসগৃহত সংঘটিত চুৰিকাণ্ডক ৰাজনৈতিক অভিসন্ধি আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰিবলৈ প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 10:39 PM IST

APCC on incident at Bhupen Borah residence
ভূপেন বৰাৰ নিৰাপত্তাৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছ (ETV Bharat Assam)

গুৱাহাটী, ৭ জুলাই : শনিবাৰে নিশা চোৰৰ চাফাই অভিযান চলিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাসগৃহত ৷ ভূপেন বৰাৰ বাসগৃহত দুৱাৰ ভাঙি প্ৰৱেশ কৰি চোৰে লণ্ডভণ্ড কৰে বিভিন্ন সামগ্ৰী ৷ নাৰায়ণপুৰৰ ভোগপুৰ চাৰিআলিস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বাসগৃহত সংঘটিত হয় এই ঘটনা ৷

ভূপেন বৰাৰ নিৰাপত্তাৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছ (ETV Bharat Assam)

শনিবাৰে নিশা ভূপেন বৰাৰ গৃহসমষ্টি বিহপুৰীয়াৰ ভোগপুৰৰ বাসগৃহত একাংশ দুৰ্বৃত্ত সোমাই ঘৰৰ দুৱাৰ-খিৰিকী, সন্মুখৰ গ্ৰীল ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে শোৱনি কোঠাৰ আচ-বাব, লকাৰ ভাঙি সা-সম্পত্তি লুট কৰি নিয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কোনো দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰে ।

ইফালে এই ঘটনাক সাধাৰণ ঘটনা হিচাপে লোৱা নাই প্ৰদেশ কংগ্ৰেছে ৷ ভূপেন বৰাৰ বাসগৃহত আৰক্ষীয়ে কোনো পহৰাৰ ব্যৱস্থা নকৰাৰ বাবেই এইদৰে দুৰ্বৃত্তই আক্ৰমণ চলায় বুলি প্ৰদেশ কংগ্ৰেছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হয় যে সৌভাগ্যক্ৰমে ভূপেন বৰা বানপীড়িত এলেকা পৰিদৰ্শন কৰি থকাৰ বাবে ভোগপুৰত নাছিল ৷ ফলত অনাহূত এক পৰিস্থিতিৰ পৰা ৰক্ষা পৰিল ।

প্ৰদেশ কংগ্ৰেছে এই ঘটনাক তীব্ৰ নিন্দা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি আহি পৰা ভাবুকি পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় । প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এই ঘটনাক ৰাজনৈতিক অভিসন্ধি বুলি মন্তব্য কৰে । তেওঁ কয় যে সভাপতিগৰাকীক আক্ৰমণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকলক ভয় খুৱাবলৈ অপচেষ্টা কৰিছে একাংশ ৰাজনৈতিক নেতাই । তেওঁ সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে ৷

লগতে পঢ়ক:লণ্ডভণ্ড ভূপেন বৰাৰ বাসগৃহ: পৰিকল্পিত ঘটনা বুলি দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ

ABOUT THE AUTHOR

...view details