অসম

assam

ETV Bharat / politics

অংকিতা দত্ত কংগ্ৰেছৰ নহয়, বিস্মিতা গগৈ ভূপেন বৰাৰ ভন্টিৰ দৰে !

Bhupen Borah: অংকিতা দত্ত কংগ্ৰেছৰ নহয় বুলি কৈছে ভূপেন বৰাই । ইফালে বিস্মিতা গগৈ ভূপেন বৰাৰ ভন্টিৰ দৰে ৷ দুয়োগৰাকীয়ে বিজপিত যোগদান কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 5:37 PM IST

Assam Congress
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ২৭ জানুৱাৰী: নিৰ্বাচন আহিলে দল বাগৰাৰ ৰাজনীতি আৰম্ভ হোৱাটো নতুন কথা নহয় ৷ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ আৰম্ভ হৈছে দল বাগৰাৰ কুচকাৱাজ । এই কুচকাৱাজত কংগ্ৰেছ দলৰ ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ কেইবাজনো নেতাই দল সলনি কৰিব বুলি চৰ্চা চলি আহিছিল । অৱশেষত সেই চৰ্চাৰ সত্যতা প্ৰমাণিত হোৱাৰ দিশে । দেওবাৰে বিয়লি ৩ বজাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এক বৃহৎ যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

অৱশ্যে কোনো নেতাৰ নাম সদৰী কৰা হোৱা নাই যদিও চৰ্চাত আছে কেইবাগৰাকী নেতাৰ নাম । জানিব পৰা মতে কংগ্ৰেছৰ মোহ এৰি শাসকীয় বিজেপি দলত যোগদান কৰিব প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈৰ লগতে হাড়ে-হিমজুয়ে কংগ্ৰেছ কৰা প্ৰয়াত প্ৰাক্তন মন্ত্ৰী অঞ্জন গগৈৰ দুহিতা ড৹ অংকিতা দত্তই ।

কাইলৈ এই দুয়োগৰাকী কংগ্ৰেছ নেত্ৰীয়ে বিজেপিত যোগদান কৰিব বুলি সৰৱ চৰ্চা হৈছে । এই সন্দৰ্ভত শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । তেওঁ কয় যে অংকিতা দত্তক দলৰ পৰা বহিস্কাৰ কৰা হৈছে আৰু সেই বাবে অংকিতা দত্ত কংগ্ৰেছী নহয় । অংকিতা দত্তই বিজেপিৰ লগত মিলি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰতিৰোধ কৰাৰ কাম কৰিছিল । ‘‘অংকিতা দত্ত আমাৰ নহয়’’ বুলি তেওঁ কয় ভূপেন বৰাই ।

আনহাতে দলৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ সন্দৰ্ভত তেওঁ কয়, ‘‘বিস্মিতা গগৈৰ প্ৰসংগত ক'বলৈ বেয়া, বিস্মিতা গগৈ ভন্টিৰ দৰে ।’’ অসমৰ ৰাইজেও সকলো কথাই জানে বুলি সদৰী কৰি তেওঁ কয় যে বিস্মিতা গগৈক মহিলা কংগ্ৰেছৰ সভাপতি হোৱাৰ বাবে কোৱা হৈছিল ৷ কিন্তু বিস্মিতা গগৈয়ে সেয়া প্ৰত্যাখ্যান কৰিছিল বুলি সদৰী কৰি তেওঁ কয় যে বিস্মিতা গগৈ দলত সিমান সক্ৰিয় হৈ থকা নাছিল । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এনে মন্তব্যই স্বাভাৱিকতে দুয়োগৰাকী নেত্ৰীৰ বিজেপি গমনৰ দিশটোকে সূচাইছে ।

জানিব পৰা মতে দুয়োগৰাকী নেত্ৰীৰ যোগদানক লৈ ইতিমধ্যে বিজেপিৰ নেতৃত্বই চৰ্ত সাপেক্ষে সন্মতি প্ৰদান কৰিছে । বিজেপিত যোগদান কৰিলেও ২০২৬ৰ বিধানসভা নিৰ্বাচনত টিকটৰ বাবে দুয়োগৰাকী নেত্ৰীয়ে হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব ৷

উল্লেখ্য যে কংগ্ৰেছত থাকিলেও দলৰ ভিতৰতে বিগত কেইবাবছৰ ধৰি নিক্ৰিয় হৈ আছে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ । নিৰ্বাচনত পৰাজিত হোৱাৰ পিচতে দলৰ ভিতৰতে এলাগী হৈ পৰা বিস্মিতা গগৈয়ে বহুদিনৰে পৰা বিজেপিৰ সৈতে গোপন সম্পৰ্ক বজাই ৰাখিছে বুলি চৰ্চা হৈ আহিছে ।

ইফালে প্ৰয়াত অঞ্জন দত্তৰ দুহিতা অংকিতা গগৈয়ে বিজেপিত চামিল হোৱাৰ চৰ্চা বহু আগৰে পৰা চলি আহিছিল । প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবী লাভ কৰা অংকিতা দত্তক ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি বি ভি শ্ৰীনিৱাসনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিচতে উক্ত পদবীৰ পৰা অপসাৰণ কৰা হৈছিল ।

ইয়াৰ পিচতে দলৰ পৰাও বহিস্কাৰ কৰা হৈছিল অংকিতা দত্তক । আনহাতে কংগ্ৰেছ নেতা তথা প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায়েও বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:দেওবাৰ-সোমবাৰ: বাজপেয়ী ভৱন-আমবাৰী হ’ব তোলপাৰ !

ABOUT THE AUTHOR

...view details