বিশ্বনাথ: যোৱা 23 নৱেম্বৰত ঘোষণা হোৱা উপ-নিৰ্বাচনৰ ফলাফলত ৰাজ্যৰ পাঁচোটা নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিতে পৰাজয়ৰ মুখ দেখিব লগা হ’ল বিৰোধী শক্তিয়ে । ইয়াৰ লগে লগে এতিয়া ৰাজ্যত অনুষ্ঠিত হোৱা পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ দল এতিয়া সমালোচনা সন্মুখীন হৈছে । কাৰণ পূৰ্বে বিৰোধী ঐক্য মঞ্চত থকা কংগ্ৰেছ দলে এইবাৰ উপ-নিৰ্বাচনত নিজাকৈ পাঁচোটা সমষ্টিত প্ৰাৰ্থী আগবঢ়াই মুখ ঠেকেচা খাব লগীয়া হ’ল ৷
উপ-নিৰ্বাচনত বিপৰ্যয়ৰ কাৰণ বিচাৰি পাঁচোটা সমষ্টিৰ পৰা তিনিটাকৈ প্ৰতিবেদন বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ পাঁচটা সমষ্টিৰ পৰা 5 গৰাকী নিৰ্বাচনী তত্বাৱধায়কৰ লগতে জিলা সভাপতি, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদকসকলে পৰ্যায়ক্ৰমে প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ এসপ্তাহৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে সভাপতি ভূপেন বৰাই ৷ তেওঁ কয় যে, অগপৰ দিনৰে পৰা যি দলৰে চৰকাৰ থাকে উপ-নিৰ্বাচনত সেই দলৰে প্ৰাৰ্থী জয়ী হৈ আহিছে ৷
উপ-নিৰ্বাচনত পৰাস্ত হ’লেও আগতকৈ প্ৰদৰ্শন উন্নত হোৱা বুলি দাবী কৰিছে ভূপেন বৰাই ৷ তেওঁ কয় যে ছিদলীক বাদ দি বাকী চাৰিটা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰদৰ্শন ভাল হৈছে ৷ নিৰ্বাচনৰ কাৰণসমূহ পৰ্যবেক্ষণৰ বাবে নিৰ্বাচনী তত্বাৱধায়ক সংশ্লিষ্ট জিলাৰ কংগ্ৰেছ সভাপতি, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদকক কি কি আসোঁৱাহ আছিল সেই বিষয়ে প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ সেই প্ৰতিবেদন দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ বিষয়-ববীয়াৰ আগত দাখিল কৰি পৰাজয়ৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হ’ব ৷