গুৱাহাটী:দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ প্ৰতি অসৌজন্যমূলক মন্তব্য কৰাৰ অভিযোগ তুলি বৃহস্পতিবাৰে সমগ্ৰ দেশজুৰি কংগ্ৰেছে প্ৰতিকৃতি দাহ কৰে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নিৰ্দেশ অনুযায়ী অসমতো প্ৰদেশ কংগ্ৰেছে অমিত শ্বাহৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটীৰ ৰাজীন ভৱনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জুমুঠি দাহ কৰি প্ৰদেশ কংগ্ৰেছে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ।
বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ বহুসংখ্যক নেতা-কৰ্মীয়ে ৰাজীৱ ভৱনৰ সন্মুখত জি এছ ৰোডত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে । প্ৰদেশ কংগ্ৰেছৰ এই কাৰ্যসূচীৰ বাবে ৰাজীৱ ভৱনৰ সন্মুখত আৰক্ষীৰ ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় । আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজতে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অমিত শ্বাহৰ জুমুঠি দাহ কৰি বিজেপি চৰকাৰক সকীয়াই দিয়ে ।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কঠোৰ ভাষাৰে সমালোচনা কৰে সংবাদ মাধ্যমৰ আগত । এই সন্দৰ্ভত বিৰোধী দলপতিগৰাকীয়ে কয়, "বাবাচাহেব আম্বেদকাৰে দীঘলীয়া সময় ধৰি কষ্ট কৰি আমাক দি যোৱা সংবিধানে বিভিন্ন জাতি-জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰিছে । তেওঁলোকৰ বাবে বাবাচাহেব আম্বেদকাৰ ভগৱান সদৃশ । সেইগৰাকী দেশৰ সংবিধান নিৰ্মাতাৰ প্ৰতি কৰা অসৌজন্যমূলক মন্তব্যই সমগ্ৰ দেশবাসীক আঘাত দিছে ।"