গুৱাহাটী : ৰাজভৱনত প্ৰতিবাদ কৰিবলৈ গৈ কন্দুৱা গেছ প্ৰয়োগৰ পিছত কংগ্ৰেছ কৰ্মীৰ মৃত্যুৰ প্ৰসংগত মুখ খুলিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে ওলোটাই বল ঠেলি দি আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছৰ বিৰুদ্ধে । মুখ্যমন্ত্ৰীয়ে উভতি ধৰি কংগ্ৰেছক প্ৰশ্ন কৰিলে - ‘‘ৰাজ্যপাল নথকা সময়ত ৰাজভৱনলৈ কিয় গৈছিল ?’’
ৰাজভৱনৰ প্ৰতিবাদ কালত মৃত্যুমুখত পৰা মৃদুল ইছলাম নামৰ কংগ্ৰেছ কৰ্মীজনৰ অনাকাংক্ষিত ঘটনাটোৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আছিল চাৰিদিনীয়া চৰকাৰী ভূটান ভ্ৰমণত । বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত ৰাজভৱনৰ ঘটনাটোক লৈ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে মুখ্যমন্ত্ৰী ৷ মুখ্যমন্ত্ৰীৰ কংগ্ৰেছক প্ৰশ্ন যে ঘটনাটোৰ দিনা ৰাজভৱনত ৰাজ্যপাল নাছিল । ৰাজ্যপাল নথকা অৱস্থাত কিয় তেওঁলোক তালৈ গৈছিল ?
Addressing the Media on the important decisions taken at today's #AssamCabinet meeting https://t.co/ZgoEeyzcNx
— Himanta Biswa Sarma (@himantabiswa) December 19, 2024
কৰ্তব্যৰত সাংবাদিকৰ ওপৰতো সেইদিনা ৰাজভৱনত কন্দুৱা গেছ প্ৰয়োগ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, “সিদিনা যে গুলীচালনা নহ'ল ! তাত প্ৰতিবাদ নকৰা লোকো আছিল কংগ্ৰেছে সেয়া নিশ্চিত কৰিব লাগিছিল ৷ ৰাজ্যপাল নথকা সময়ত ৰাজভৱনলৈ কিয় গৈছিল ? ভিতৰত যদি ৰাজ্যপাল থাকিলেহেঁতেন তেতিয়া আমি তেওঁলোকৰ পাঁচ-দহজন প্ৰতিনিধি ভিতৰলৈ ৰাজ্যপালৰ ওচৰলৈ লৈ গ’লোহেঁতেন । যদি কালি পুলিচে গুলীচালনা কৰিলেহেঁতেন ৷ তেতিয়া কি পৰিস্থিতি হ'লহেঁতেন !”
লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ প্ৰতিবাদ আদিৰ বাতৰি কৰিবলৈ যাওতে সাংবাদিকক সকলকো সাৱধান হ’বলৈ পৰামৰ্শ আগবঢ়ায় । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কংগ্ৰেছে ৰাহুল গান্ধী অহাৰ সময়তো এনে পৰিস্থিতি কৰিছিল । সেয়ে সাংবাদিকসকলে কংগ্ৰেছৰ প্ৰতিবাদত যাওঁতে সাৱধান হ'ব । কংগ্ৰেছৰ মতি-গতি বুজিব নোৱাৰি ৷” - কংগ্ৰেছে সাংবাদিকসকলৰ জীৱন বিপদাপন্ন কৰিব বিচাৰিছে বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷
বিশেষকৈ ৰাজ্যপাল নথকা অৱস্থাত কংগ্ৰেছ ৰাজভৱনলৈ যোৱা বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে একাধিকবাৰ উল্লেখ কৰে । মুখ্যমন্ত্ৰীৰ অভিযোগ যে কংগ্ৰেছে পৰিৱেশটো উত্তেজিত কৰিব বিচাৰিছিল ।
মুখ্যমন্ত্ৰীয়ে কয়, “ৰাজ্যপাল নথকা ৰাজভৱনলৈ তেওঁলোক কিয় গৈছিল তাৰ উত্তৰ দিব লাগে ৷ কংগ্ৰেছে পৰিৱেশটো উত্তেজিত কৰি তাত আৰক্ষীয়ে গুলীচালনা কৰাটো বিচাৰিছিল যেন ধাৰণা হয় ৷ বিষয়টো কন্দুৱা গেছতে সমাপ্ত হ’ল । মই আৰক্ষীকো সুধিছো, তেঁওলোকে পাৰ্মিচন লৈছিল নেকি ? তেওঁলোকে 'ইনটিমেচন'হে দিছিল ৷”
- ৰাহুল গান্ধীৰ কাষ চাপিবলৈ কংগ্ৰেছত দুজন নেতাৰ যুঁজ :
আনহাতে কংগ্ৰেছত ক্ষমতাৰ বাবে দুজন নেতাৰ যুঁজে সাধাৰণ লোকৰ মাজত প্ৰভাৱ পেলাব পাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । ধাৰণা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে APCC ৰ সভাপতি আৰু যুৱ নেতা গৌৰৱ গগৈৰ মাজৰ শীতল যুদ্ধৰ কথাকেই ইয়াত ইংগিত কৰিছে ৷
মুখ্যমন্ত্ৰীৰ মন্তব্য, “কংগ্ৰেছত এতিয়া দুজন নেতাৰ অঘোষিত প্ৰতিযোগিতা চলিছে ৷ ৰাহুল গান্ধীৰ সন্মুখত কোন ডাঙৰ নেতা হ'ব পাৰে, তাৰ প্ৰতিযোগিতাত নামিছে কংগ্ৰেছৰ দুজন নেতা । এনেকুৱা ধৰণৰ কথা-বতৰাত সাধাৰণ মানুহৰ ক্ষতি হ'ব পাৰে ৷”