নিউজ ডেস্ক, 3 জুলাই:পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হোৱা অমৃতপাল সিঙৰ শপতগ্ৰহণৰ বাবে পঞ্জাব চৰকাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ আবেদন প্ৰেৰণ কৰিছিল । ইয়াৰ ভিত্তিত খালিস্তানৰ সমৰ্থক অমৃতপাল সিঙক ৪ দিনৰ বাবে পেৰ’লত মুক্তি দিয়া হৈছে । ৫ জুলাইত অমৃতপালে সংসদ সদস্য হিচাপে শপতগ্ৰহণ কৰিব । বৰ্তমান তেওঁ অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে । বৃহস্পতিবাৰে কটকটীয়া নিৰাপত্তাৰে বিশেষ বিমান যোগে তেওঁক ডিব্ৰুগড়ৰ পৰা নিয়া হ'ব দিল্লীলৈ ৷
লগতে পঢ়ক:শপত গ্ৰহণৰ বাবে অস্থায়ী মুক্তি বিচাৰি অমৃতপাল সিঙৰ আবেদন - MP Amritpal Singh
অৱশ্যে অমৃতপালৰ অধিবক্তা বা তেওঁৰ পৰিয়ালৰ ওচৰত কোনো তথ্য নাই এই সন্দৰ্ভত । অমৃতসৰৰ উপায়ুক্ত ঘনশ্যাম থোৰীয়ে কয়, ‘‘অমৃতপাল সিঙক ৫ জুলাইৰ পৰা ৪ দিন বা তাতকৈ কম সময়ৰ বাবে কিছুমান চৰ্তৰে পেৰ’ল দিয়া হৈছে, যাৰ বিষয়ে ডিব্ৰুগড়ৰ জেল অধীক্ষকক অৱগত কৰা হৈছে ।’’
অমৃতপালৰ খুড়াক সুখচেইন সিঙৰ মন্তব্য:এই সন্দৰ্ভত সাংসদ অমৃতপাল সিঙৰ খুড়াক সুখচেইন সিঙে কয় যে আজি পুৱা ছ’চিয়েল মিডিয়াৰ জৰিয়তে আৰু সাংসদ সৰবজিৎ খালছাৰ জৰিয়তে তেওঁ লোকসভাৰ অধ্যক্ষৰ সৈতে বৈঠক হোৱা বুলি গম পাইছিল । তেওঁলোকে ৫ জুলাইত অমৃতপাল সিঙক শপত গ্ৰহণ কৰোৱাৰ সিদ্ধান্ত লৈছে । এই উপলক্ষে সুখচেইন সিঙে চৰকাৰক ঠাট্টা কৰি কয় যে দেৰি হ’ল । এই শপত গ্ৰহণৰ সিদ্ধান্ত চৰকাৰে আগতেই ল’ব লাগিছিল বুলিও তেওঁ কয় ।