নগাঁও, ১৭ এপ্রিল:নগাঁৱৰ তিনি প্ৰাৰ্থীৰ মাজত মুকলি বিতৰ্ক বিচাৰি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰিলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে । লোকসভা সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও লোকসভা সমষ্টিৰ সমস্যা আৰু ইয়াৰ সমাধানৰ পৰিকল্পনাক লৈ মুকলি বিতৰ্কৰ বাবে বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ লগতে আটাইকেইগৰাকী প্ৰাৰ্থীক জনাইছিল প্ৰত্যাহ্বান ।
কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে । বিগত সময়ত সাংসদ হিচাপে প্ৰদ্যুৎ বৰদলৈয়ে নগাঁওবাসীৰ বাবে কি কি কৰিলে তাৰ খতিয়ান বিচাৰি এইবাৰ প্ৰদ্যুৎ বৰদলৈকহে প্ৰত্যাহবান জনালে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে । কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বিজেপি প্ৰাৰ্থী সুৰেশ বৰাতকৈয়ো অধিক হিন্দুত্ববাদী নেতা আখ্যা দিয়ে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে । ধৰ্মৰ নামত ৰাজনীতি কৰা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে এতিয়া কেৱল ভোটৰ আশাত মূৰত টুপী পিন্ধিছে যদিও নিৰ্বাচনৰ পাচত টুপী পিন্ধিবলৈ ক'লে বৰদলৈয়ে লাখুটি লৈ খেদিব বুলি মন্তব্য কৰে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে ।