শিৱসাগৰ, ৯ এপ্ৰিল:উজনি অসমৰ একমাত্ৰ চাবুৱা সমষ্টি অসম গণ পৰিষদৰ দখলত । উজনিত অসম গণ পৰিষদৰ চাবুৱা সমষ্টিত পোনাকণ বৰুৱাই বিধায়ক হিচাপে দলটোৰ অস্তিত্ব বজাই ৰাখিছে । এতিয়া ডিব্ৰুগড়, তিনিচুকীয়া সামৰি গঠন হোৱা ডিব্ৰুগড় লোকসভা সমষ্টিত কেৱল এজন বিধায়ক আছে যদিও দলটোৱে প্ৰতিটো বিধানসভা সমষ্টিত নিজৰ সাংগঠনিক কামকাজ আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিছে । আজি চাবুৱা নগৰত নৱগঠিত লাহোৱাল চাবুৱা সমষ্টিৰ কাৰ্যালয় মুকলি কৰা হয় ।এই কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰি দলৰ সভাপতি অতুল বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।
এই কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই । জিলাখনৰ ভিন্ন প্ৰান্তৰৰ পৰা সমবেত অগপৰ শ শ কৰ্মীৰ উপস্থিতিত দুই নেতাই মুকলি কৰিলে লাহোৱাল চাবুৱাত সমষ্টিৰ অগপৰ কাৰ্যালয় । অগপ দলটোক নতুনকৈ ন-পুৰণি কৰ্মীৰ সমাহাৰে সজীৱ কৰি দলটোৰ সাংগঠনিক ভেঁটি সবল কৰি তোলা হৈছে বুলি অতুল বৰাই মন্তব্য প্ৰদান কৰে ।