গুৱাহাটীত :আম আদমী পাৰ্টীৰ বিশ্বনাথ জিলাৰ সভাপতিক অপসাৰণ । দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত অপসাৰণ কৰে সভাপতিগৰাকীক । উপ-নিৰ্বাচনত বিহালীত দলীয় প্ৰাৰ্থীক সহযোগ নকৰাৰ বাবেই অপসাৰণ কৰা হয় আপৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক । ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে প্ৰেৰণ কৰিছিল শ্ব'কজ ন'টিচ । শ্ব'কজ নটিচৰ উত্তৰ দিয়া নাছিল মেহুৱেল বসুমতাৰীয়ে ।
শনিবাৰে ঘোষণা হৈছিল ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল । ফলাফল অনুসৰি বিহালী সমষ্টিত বিজয়ৰ মুকুট পিন্ধিলে দিগন্ত ঘাটোৱালে । ইফালে আপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অনন্ত গগৈয়ে লাভ কৰে ১,২১৭টা ভোট । ইয়াৰ পিছতে দেওবাৰে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়া স্বাক্ষৰিত নিৰ্দেশনা অনুসৰি মেহুৱেল বসুমতাৰীক অপসাৰণৰ পিচত তৎকালীনভাৱে অনন্ত গগৈক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয় ।
আপে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত উল্লেখ কৰা মতে, সদ্য সমাপ্ত বিহালী বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ আৰু অন্যান্য দলীয় কাম-কাজৰ পৰা অকর্তৃত্বশীলভাৱে মেহুৱেল বসুমতাৰী আঁতৰি আছিল । দল আৰু দলীয় প্রার্থীলৈ কোনোধৰণৰ সহযোগিতা আগবঢ়োৱা নাছিল ।