নেশ্যনেল ডেস্ক, ১৮ জুলাই : আম আদমী পাৰ্টীয়ে হাৰিয়ানাৰ ৯০ খন বিধানসভা আসনৰ আটাইকেইখনতে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে । পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে বৃহস্পতিবাৰে চণ্ডীগড়ত কয় যে আম আদমী পাৰ্টীয়ে হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত পূৰ্ণ শক্তিৰে প্ৰতিদ্বন্দ্বিতা কৰিব ।
তেওঁ আৰু কয়, ‘‘হাৰিয়ানা দিল্লী আৰু পঞ্জাবৰ সংলগ্ন । দিল্লী আৰু পঞ্জাব দুয়োখন ৰাজ্যতে আম আদমি পাৰ্টীৰ ক্ষমতা আছে । যেনেকৈ দুয়োখন ৰাজ্যতে আম আদমি পাৰ্টীয়ে উন্নয়ন কৰিছে । আমি হাৰিয়ানাত এনে উন্নয়ন কৰিম ।’’
হাৰিয়ানাৰ ৯০ খন আসনৰ আটাইকেইখন আসনত আপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব :
পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়, ‘‘হাৰিয়ানাৰ মানুহে আমাক সুধিছে যে আপুনি হাৰিয়ানালৈ কিয় নাহে ? হাৰিয়ানাৰ ৰাইজে সকলো দলকে সুযোগ দি চালে, কিন্তু কোনো দলেই হাৰিয়ানাৰ জনসাধাৰণৰ লগত ন্যায় নাকৰিলে । পঞ্জাব, দিল্লী আৰু হাৰিয়ানাৰ সংস্কৃতিৰ মাজত মিল আছে । কিছু লোকে জানে দিল্লীৰ কাম-কাজ, কোনো কোনোৱে আকৌ পঞ্জাবৰ বিষয়ে জানে । যেনেকৈ দিল্লী আৰু পঞ্জাবত কাম কৰি থকা হৈছে । তেনেদৰে হাৰিয়ানাতো কামবোৰ কৰিব পৰা যাব ৷’’
পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ঘোষণা :
পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰি কয়, ‘‘ক্ৰমাৎ আম আদমী পাৰ্টী এটা গুৰুত্বপূৰ্ণ দললৈ পৰিণত হৈছে । গুজৰাটত যেতিয়া আমি ১৪ শতাংশ ভোট লাভ কৰিছিলো, তেতিয়া আমি আনুষ্ঠানিকভাৱে জাতীয় দলত পৰিণত হৈছিলো । আমাৰ দুখন ৰাজ্যত চৰকাৰ আছে । আমাৰ গুজৰাট আৰু গোৱাত বিধায়ক আছে । এতিয়া আহি আছে হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন । যাৰ বিৰুদ্ধে আমি সম্পূৰ্ণ শক্তিৰে যুঁজ দিম । কেজৰিৱালো হাৰিয়ানাৰ ।’’
লগতে পঢ়ক :অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আপৰ সাংসদৰ - AAP PROTEST IN PARLIAMENT