বিশেষ প্ৰতিবেদন, ১ জুলাই :ভাৰতৰত্ন, কিংবদন্তী চিকিৎসক, সমাজসেৱক, শিক্ষাবিদ তথা ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱা ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জীৱন আৰু কৰ্মক স্মৰণ কৰিবলৈ প্ৰতিবছৰে ১ জুলাইত চিকিৎসক দিৱস পালন কৰা হয় ।
ডাঃ বি চি ৰয়ে ভাৰতৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি উন্নত কৰাৰ বাবে সমগ্ৰ জীৱনজুৰি অক্লান্ত পৰিশ্ৰম কৰিছিল । এই দিনটো কেৱল ডাঃ ৰয়ৰ প্ৰতিয়েই নহয়, এইসকল চিকিৎসকৰ প্ৰতিও এক শ্ৰদ্ধাঞ্জলি, যিসকলে তেওঁলোকৰ আলোকময় খোজেৰে সমাজখন আলোকিত কৰি গৈছে, বহু জীৱনৰ পৰিৱৰ্তন ঘটাইছে আৰু তেওঁলোকৰ দক্ষতাৰে অগণন আত্মাক ৰক্ষা কৰিছে । এই দিৱসটো সন্দৰ্ভত পদ্মশ্ৰী তথা ডাঃ বি চি ৰয় বঁটাপ্ৰাপক ডাঃ পি ৰঘু ৰামে নিজৰ অভিমত ব্যক্ত কৰিছে ।
ঠিক 33 বছৰ পূৰ্বে 1991 চনত মই চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ । তাৎপৰ্যপূৰ্ণভাৱে উক্ত বছৰটোতেই ভাৰতত চিকিৎসক দিৱস উদযাপন আৰম্ভ হৈছিল । ডাঃ বি চি ৰয় ৰাষ্ট্ৰীয় বঁটা (2017) প্ৰাপক হিচাপে মোৰ অনভৱ হৈছে ই ভাৰতত চিকিৎসা বৃত্তিত নিয়োজিত এগৰাকী চিকিৎসকে লাভ কৰিব পৰা সৰ্বোচ্চ স্বীকৃতি । এই দিনটো মোৰ বাবে আৰু বিশেষ ।
চিকিৎসকসকলৰ অসাধাৰণ প্ৰতিশ্ৰুতি আৰু নিৰন্তৰ সমৰ্পণক স্বীকৃতি প্ৰদানৰ এইটো হৈছে এটা গুৰুত্বপূৰ্ণ দিন । সংস্কৃতত এক প্ৰাচীন প্ৰবাদ আছে- 'বৈদ্য নাৰায়ণো হৰি' । ইয়াৰ অৰ্থ হৈছে চিকিৎসক হৈছে ভগৱান নাৰায়ণ আৰু হৰি দুয়োটা । কিছুমান অঞ্চলত, বিশেষকৈ গ্ৰাম্য ভাৰতত চিকিৎসকক 'ভগৱান'ৰ সৈতে তুলনা কৰা হয় । ৰোগীসকলে তেওঁলোকৰ জীৱন চিকিৎসকৰ হাতত বিশ্বাসেৰে অৰ্পণ কৰে । বহু সময়ত তেওঁলোকে চিকিৎসকৰ ওচৰত এনে গোপনীয় তথ্য প্ৰকাশ কৰে, যিটো পৰিয়ালৰ এগৰাকী ঘনিষ্ঠ সদস্যৰ ওচৰতো নাথাকিব পাৰে ।
তদুপৰি, তেওঁলোকে পৰীক্ষাৰ বাবে তেওঁলোকৰ সম্পূৰ্ণ শৰীৰ উলংগ কৰি দিয়ে আৰু সম্পূৰ্ণ অচিনাকি ব্যক্তি এজনক অস্ত্ৰোপচাৰ কৰিবলৈ অনুমতি দিয়ে । আন কোনো বৃত্তিত কোনোৱে দৈনন্দিনভাৱে এই পৰম আৰু অসাধাৰণ বিশ্বাসৰ অভিজ্ঞতা লাভ কৰিব নোৱাৰে । এয়াই হ'ল সেই বিশ্বাস, যিটো ডাঙৰ হৰফেৰে লিখা থাকে যে সদায়ে চিকিৎসকক গুৰুত্ব আৰু সুৰক্ষা দিব লাগিব ।
লগতে এই কাৰণেই এগৰাকী চিকিৎসকৰ কৰ্তব্যৰ প্ৰতি অতি উচ্চ স্তৰৰ নৈতিক আচৰণ বিধি থাকিব লাগে আৰু তেওঁলোকে বুজিব লাগিব যে তেওঁ এক অতি সুবিধাজনক স্থিতিত আছে । কিন্তু দুখৰ বিষয় যে বিগত বছৰবোৰত বিভিন্ন কাৰণত চিকিৎসক আৰু ৰোগীৰ মাজত পাৰস্পৰিক বিশ্বাস দ্ৰুতগতিত হ্ৰাস পাইছে । ৰোগী আৰু চিকিৎসক দুয়োৰে বাবে কিছুমান হেৰুওৱা বিশ্বাস পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে একেলগে কাম কৰাটো অত্যাৱশ্যকীয় । আৰু সঁচাকৈয়ে এই অনন্য সম্পৰ্কটো শক্তিশালী কৰাৰ বাবে চিকিৎসক দিৱসতকৈ ভাল দিন থাকিব নোৱাৰে ।
নিদানিক দক্ষতা আৰু কাৰ্যকৰী যোগাযোগ প্ৰতিগৰাকী চিকিৎসকৰ বাবে এক অত্যাৱশ্যকীয় দক্ষতা । আজিৰ দিনত যেতিয়া চিকিৎসক-ৰোগীৰ সম্পৰ্কত তীব্ৰ চাপ থাকে, সেই সময়ত যোগাযোগৰ দক্ষতা অধিক গুৰুত্বপূৰ্ণ হৈ পৰে । ৰোগীয়ে নিজৰ ৰোগৰ নিদান বিচাৰি চিকিৎসকৰ পৰামৰ্শ কক্ষত প্ৰৱেশ কৰাৰ সময়ৰে পৰা অস্ত্ৰোপচাৰৰ পূৰ্বে/পিছত ৱাৰ্ডত ৰাউণ্ড দিয়া, বেয়া খবৰ ৰোধ কৰিবলৈ... সংবাদ মাধ্যমক সম্বোধন কৰিবলৈ, এই সকলোতে যোগাযোগৰ দক্ষতা সকলো সময়তে সৰ্বশ্ৰেষ্ঠ হ'ব লাগিব ।
যদিও সমগ্ৰ পশ্চিমীয়া বিশ্বত চিকিৎসা পাঠ্যক্ৰমত নৈতিকতা আৰু যোগাযোগ দক্ষতাৰ এক প্ৰতিষ্ঠিত স্থান আছে, কিন্তু আৰম্ভণিতে ই ভাৰতীয় চিকিৎসা পাঠ্যক্ৰমৰ অংশ নাছিল । অৱশ্যে 2019 চনত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে নতুন দক্ষতা ভিত্তিক চিকিৎসা শিক্ষা পাঠ্যক্ৰমত (Competency Based Medical Education curriculum, CBME) চিকিৎসা নৈতিকতা অন্তৰ্ভুক্ত কৰে । 'মনোভাব, নৈতিকতা আৰু যোগাযোগ' (Attitude, Ethics and Communication, AETCOM) মডিউলৰ উদ্দেশ্য হৈছে চিকিৎসক এগৰাকীৰ বাবে অত্যাৱশ্যকীয় জ্ঞান, মনোভাব আৰু মূল্যবোধ গঢ়ি তোলা ।