অসম

assam

ETV Bharat / opinion

ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীয়ে সলনি কৰিছে বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ পদত্যাগৰ দাবীৰ মাজতে তেওঁ পদত থাকিব লাগে নে নাই তাক লৈ মতভেদ বৃদ্ধি পাইছে।

ETV BHARAT
বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিন ফাইল (ইটিভি ভাৰত/বংগভৱন)

By Aroonim Bhuyan

Published : 5 hours ago

নতুন দিল্লীঃচলিত বৰ্ষৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক বহিষ্কাৰ কৰা বাবে উৎপত্তি হোৱা এক গণ বিদ্ৰোহৰ পিছত বাংলাদেশ ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘুৰি অহাৰ সময়ত এক নতুন বিতৰ্কৰ জৰিয়তে এক প্ৰশ্নৰ সৃষ্টি হৈছে- ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দিনে কাৰ্যভাৰ চলাই নিয়াটো অব্যাহত ৰাখিব লাগে নে ?

এই বিতৰ্কৰ সুত্ৰপাত হয় যেতিয়া এজন সাংবাদিকৰ সৈতে এক "অনানুষ্ঠানিক সাক্ষাৎকাৰ" হিচাপে বিবেচিত এক অনুষ্ঠানত শ্বাহাবুদ্দিনে কয় যে গণ বিদ্ৰোহৰ পিছত 5 আগষ্টত তৎকালীন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ভাৰতলৈ পলাই যোৱাৰ আগতে তেওঁ হাছিনাৰ পৰা কোনো আনুষ্ঠানিক পদত্যাগ পত্ৰ লাভ কৰা নাছিল।

বিৰোধী মন্তব্য

শ্বাহাবুদ্দিনে কয় যে 5 আগষ্টৰ ৰাতিপুৱা দেশত বিৰাজ কৰা অস্থিৰতাৰ মাজতে তেওঁক জনোৱা হৈছিল যে হাছিনাই তেওঁক তেখেতৰ চৰকাৰী বাসভৱন বংগভৱনত লগ কৰিবলৈ আহিব। অৱশ্যে, পিছত তেওঁক কোৱা হৈছিল যে হাছিনা কোনোপধ্যেই আহিব নোৱাৰিব। "সম্ভৱতঃ তেখেতৰ হাতত সময় নাছিল," ৰাষ্ট্ৰপতিগৰাকীক এইদৰে উদ্ধৃত কৰা হৈছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশৰ পৰা পলায়ন কৰাৰ আগতে পদত্যাগ কৰা বুলি প্ৰমাণ কৰিব পৰা কোনো নথি নাই বুলি কৰা মন্তব্যৰ পিছত প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ পদত্যাগ দাবী কৰিবলৈ ঢাকাত একত্ৰিত হয় (এপি)

ইয়াৰ পিছত, এদিন কেবিনেট সচিব তেওঁৰ ওচৰলৈ হাছিনাৰ পদত্যাগ পত্ৰৰ এটা প্ৰতিলিপি সংগ্ৰহ কৰিবলৈ আহিছিল। শ্বাহাবুদ্দিনে উত্তৰত কৈছিল যে তেওঁ সেই সময়লৈকে সেই পত্ৰখনৰ অপেক্ষাত।

সাংবাদিকজনৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্বাহাবুদ্দিনে যি কৈছিল সেয়া হাছিনাৰ বহিষ্কাৰৰ সময়ত ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ কৰা সম্বোধনৰ বিৰোধী আছিল। সেই সময়ত, তেওঁ কৈছিল যে হাছিনাই নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছে যিটো তেওঁ গ্ৰহণ কৰিছে।

শ্বাহাবুদ্দিনৰ পদত্যাগৰ দাবী

এই কাৰণে এতিয়া বিভিন্ন সংগঠনৰ তৰফৰ পৰা ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী উত্থাপন হৈছে, যাৰ ভিতৰত আছে বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনকাৰীসকল, যিসকলে গণবিদ্ৰোহৰ সূচনা কৰিছিল যাৰ ফলত অৱশেষত হাছিনাই বাংলাদেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছিল। মঙলবাৰে সন্ধিয়া ছাত্ৰ-ছাত্ৰীসকলে বংগভৱনৰ বাহিৰত প্ৰদৰ্শন কৰাৰ সময়ত সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিব লগা হয় ।

অৱশ্যে, ৰাষ্ট্ৰপতিক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰ ক্ষেত্ৰত কিছু সাংবিধানিক প্ৰত্যাহ্বান আছে। হাছিনাৰ বহিষ্কাৰৰ পিছত শ্বাহাবুদ্দিনে 6 আগষ্টত দেশৰ সংসদ ভংগ কৰে আৰু 8 আগষ্টত নবেল বঁটা বিজয়ী মহম্মদ ইউনুছক মুখ্য উপদেষ্টা হিচাপে লৈ অন্তৱৰ্তীকালীন চৰকাৰ স্থাপন কৰে।

উল্লেখ্য যে, অন্তৱৰ্তীকালীন চৰকাৰ নিজেই সংবিধান-বহিৰ্ভূত। যদিও নিৰ্বাচনৰ মাজৰ সময়ছোৱাত অন্তৱৰ্তীকালীন চৰকাৰ স্থাপনৰ বাবে, পূৰ্বতে দেশৰ সংবিধানত এটা ব্যৱস্থা আছিল, 2011 চনত হাছিনা প্ৰধানমন্ত্ৰী হৈ থাকোতে এই ব্যৱস্থা বাতিল কৰা হৈছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশৰ পৰা পলায়ন কৰাৰ আগতে পদত্যাগ কৰা বুলি প্ৰমাণ কৰিব পৰা কোনো নথি নাই বুলি কৰা মন্তব্যৰ পিছত প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ পদত্যাগ দাবী কৰিবলৈ ঢাকাত একত্ৰিত হয় (এপি)

অন্তৱৰ্তীকালীন চৰকাৰৰ স্থিতি

অন্তৱৰ্তীকালীন চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ উপদেষ্টা নাহিদ ইছলামৰ মতে, ৰাষ্ট্ৰপতি শ্বাহাবুদ্দিনৰ পদত্যাগ হৈছে এক ৰাজনৈতিক সিদ্ধান্ত যাক জনসাধাৰণৰ আবেগৰ ওপৰত ভিত্তি কৰি এক যুক্তিসঙ্গত সময়সীমাৰ ভিতৰত লোৱা হ'ব।

বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ অন্যতম নেতা ইছলামে বুধবাৰে ঢাকাত সাংবাদিকৰ আগত কয়, "ৰাজ্যখনৰ স্থিৰতা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ আমি 8 আগষ্টত চৰকাৰ গঠন কৰিছিলো । অৱশ্যে, যদি ৰাইজে অনুভৱ কৰে যে এই ব্যৱস্থা সলনি হোৱা প্ৰয়োজন, চৰকাৰে নিশ্চিতভাৱে সেইটো বিবেচনা কৰিব। ৰাষ্ট্ৰপতিৰ পদত্যাগ আইনী বিষয় নহয় কিন্তু এটা ৰাজনৈতিক বিষয়।"

ইফালে, মুখ্য উপদেষ্টা ইউনুছৰ প্ৰেছ সচিব শ্বফিকুল ইছলামে কয় যে ৰাষ্ট্ৰপতিৰ পদত্যাগ সন্দৰ্ভত চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই। " বিভিন্ন মহলৰ পৰা বিভিন্ন দাবী উত্থাপিত হয়। আমি আটাইবোৰকে সঁহাৰি দিব নোৱাৰো," তেওঁ বুধবাৰে সাংবাদিকক কয়।

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশৰ পৰা পলায়ন কৰাৰ আগতে পদত্যাগ কৰা বুলি প্ৰমাণ কৰিব পৰা কোনো নথি নাই বুলি কৰা মন্তব্যৰ পিছত প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ পদত্যাগ দাবী কৰিবলৈ ঢাকাত একত্ৰিত হয় (এপি)

'পদত্যাগ হৈছে কাৰিকৰী জটিলতা'

বাংলাদেশী শিক্ষাবিদ আৰু ৰাজনৈতিক পৰ্যবেক্ষক শৰিন শ্বাহজাহান নাওমীয়ে অৱশ্যে ৰাষ্ট্ৰপতিৰ পদত্যাগৰ বিষয়টোক কাৰিকৰী বিষয় হিচাপে খাৰিজ কৰে। নাওমীয়ে ঢাকাৰ পৰা ফোনযোগে ইটিভি ভাৰতক কয়, " ৰাষ্ট্ৰপতি পদত থাকিব লাগে নে পদত্যাগ কৰিব লাগে তাক লৈ মানুহে চিন্তিত নহয়। ৰাষ্ট্ৰপতিৰ পদত্যাগ বিচাৰি হোৱা প্ৰদৰ্শনত বহুলোকে যোগদান কৰা নাই। পদত্যাগ কৰাটো ৰাষ্ট্ৰপতিৰ বিবেচনামূলক ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে।" তেওঁ কয় যে শেহতীয়া বানপানীৰ ফলত হোৱা প্ৰচুৰ ক্ষতি, দেশখনে সন্মুখীন হোৱা বিত্তীয় সংকট, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু আইন-শৃংখলাৰ অৱনতিৰ দৰে অন্যান্য জ্বলন্ত সমস্যাৰ বিষয়ে লোকসকল অধিক চিন্তিত।

নাওমীয়ে কয় "বৰ্তমান সময়ছোৱাত কিছুমান লোকৰ মতামত হৈছে সেনাৰ দ্বাৰা ক্ষমতাৰ অধিগ্ৰহণ। বাংলাদেশত এয়া আগতেও ঘটিছে। যেতিয়াই অৰাজকতা সৃষ্টি হয়, মানুহে বিচাৰে যে সেনাই দায়িত্ব লওক। তেওঁলোকে এক শক্তিশালী কেন্দ্ৰীয় আদেশ বিচাৰে।"

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ পদত্যাগ দাবী কৰিবলৈ সমবেত হোৱাৰ সময়ত তেওঁলোকৰ হাতত থকা বেনাৰত ৰাষ্ট্ৰপতিৰ এখন প্ৰতিকৃতি (এপি)

'অন্তৱৰ্তীকালীন চৰকাৰখন থাকিব বিচাৰে'

ঢাকাস্থিত সাংবাদিক ছাইফুৰ ৰহমান তপনৰ মতে, মানুহে অন্তৱৰ্তীকালীন চৰকাৰক নিৰ্বাচিত চৰকাৰৰ দৃষ্টিৰে নাচায়।

"নিৰ্বাচিত চৰকাৰক ক্ষমতা হস্তান্তৰ কৰাৰ দাবী বাঢ়ি আহিছে," তপনে ইটিভি ভাৰতক কয়। "অৱশ্যে, অন্তৱৰ্তীকালীন চৰকাৰখনে থাকিব বিচাৰে আৰু বিভিন্ন ক্ষেত্ৰত সংস্কাৰ প্ৰৱৰ্তন কৰিব বিচাৰে।"

তেওঁ কয় যে অন্তৱৰ্তীকালীন চৰকাৰে শ্ৰম, অৰ্থনীতি, বেংকিং ব্যৱস্থা, আৰক্ষী আৰু নিৰ্বাচনী আৰু প্ৰশাসনিক ব্যৱস্থাকে ধৰি 10 টা খণ্ডত সংস্কাৰ প্ৰৱৰ্তনৰ বাবে 10 টা পৃথক আয়োগ গঠন কৰিছে। তেওঁ কয়, "অৱশ্যে, মানুহে এনে ধৰণৰ সংস্কাৰৰ বাবে বেছি সময় অপেক্ষা কৰিবলৈ ইচ্ছুক নহয়।"

তপনৰ মতে, হাছিনাৰ আৱামী লীগ দলক ক্ষমতাৰ পৰা বহিষ্কাৰ কৰাৰ লগে লগে দেশৰ আন এক মুখ্য ৰাজনৈতিক দল বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি (বি এন পি)য়ে অনুভৱ কৰিছে যে এইবাৰ তেওঁলোকৰ ক্ষমতা লাভৰ পাল।

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ওপৰত কৰা মন্তব্যই ঢাকাত নতুনকৈ প্ৰতিবাদ আৰম্ভ কৰাৰ পিছত বাংলাদেশৰ সেনা জোৱানসকলে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ বাসগৃহৰ প্ৰৱেশদ্বাৰত পহৰা দি আছে (এপি)

'পদত্যাগে নিৰ্বাচন পিছুৱাব'

তেওঁ কয়, "বি এন পিয়ে অনুভৱ কৰে যে যদি নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে তেওঁলোক সহজে জয়ী হ'ব।" "বুধবাৰে ৰাতিপুৱা বি এন পিৰ তিনিজন শীৰ্ষ নেতাই ইউনুছক সাক্ষাৎ কৰে আৰু ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীক গুৰুত্ব নিদিবলৈ আহ্বান জনায়। তেওঁলোকৰ ধাৰণা যে যদি ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰে, তেন্তে নিৰ্বাচন অনুষ্ঠিত কৰাত বিলম্ব হ'ব।"

তপনে লগতে কয় যে বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনে মানুহৰ মাজত আগষ্টৰ 5 তাৰিখৰ দৰে জনপ্ৰিয়তা উপভোগ কৰি থকা নাই । তেওঁ কয়, "অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু আইন-শৃংখলাৰ পৰিস্থিতি হ্ৰাস হোৱাৰ বাবে মানুহ অধিক চিন্তিত।" চৰকাৰে এই দুটা ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে।"

তপনে জনায় যে ৰাইজ অন্তৱৰ্তীকালীন চৰকাৰ আৰু ইয়াৰ সমৰ্থকসকলৰ ওপৰত অসন্তুষ্ট। তেওঁ কয়, "অন্তৱৰ্তীকালীন চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত, যিটো ইয়াৰ প্ৰতি জনতাৰ আদেশ। দেশৰ বুদ্ধিজীৱী সকলে অন্তৱৰ্তীকালীন চৰকাৰখনক স্পষ্ট কৰি দিছে যে, চৰকাৰখনে বৰ বেছি, সংস্কাৰৰ পৰামৰ্শ দিব পাৰে কিন্তু এইবোৰ কাৰ্যকৰী কৰিব নোৱাৰে।"

ইফালে, বৃহস্পতিবাৰে এক সম্পৰ্কিত ঘটনাত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগে অন্তৱৰ্তীকালীন চৰকাৰৰ ব্যৱস্থা বাতিল কৰা সংবিধানৰ ত্ৰয়োদশ সংশোধনী বাতিলকৰণক প্ৰত্যাহ্বান জনোৱা তিনিখন পুনৰীক্ষণ আৱেদনৰ শুনানিৰ বাবে 17 নৱেম্বৰ তাৰিখ নিৰ্ধাৰণ কৰিছে।

সাংবিধানিকভাৱে বৈধ অন্তৱৰ্তীকালীন চৰকাৰৰ কাম হ'ল ক্ষমতা গ্ৰহণ কৰাৰ 90 দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰা।

লগতে পঢ়ক:বাংলাদেশ মুক্তি যুদ্ধক সন্মান জনোৱা ভাৰতৰ স্মৃতিসৌধ বিপদত - Bangladesh Crisis

ABOUT THE AUTHOR

...view details