ৰক্তক্ষয় অবিহনে হেনো সমাজৰ পৰিবৰ্তন অসম্ভৱ ৷ সমাজ বিজ্ঞানীসকলৰ এই ধাৰণাই সাধাৰণতে কোনো বৃহৎ ৰাজনৈতিক পৰিবৰ্তনক সূচায় ৷ অৱশ্যে বিভিন্ন দেশত বিভিন্ন সময়ত এনে বিপ্লৱো ঘটিছে যি সমাজলৈ আমূল পৰিবৰ্তন আনিছে ৷ শিল্প বিপ্লৱ তাৰেই অন্যতম ৷ যিয়ে সলনি কৰিছিল দুনিয়াৰ অৰ্থনৈতিক মানচিত্ৰ ৷ এইবাৰ বিশ্ব আৰু এক বিপ্লৱৰ সমুখত- এআই বিপ্লৱ ৷
ইমানদিন পৰ্যন্ত এই পৰিৱৰ্তনৰ নেতৃত্ব বহন কৰি আহিছে আমেৰিকাই ৷ এতিয়া ডীপছীকৰ হাত ধৰি পিছপৰি থকা নাই চীনো ৷ চীনৰ ডীপছীক প্ৰযুক্তিয়ে আমেৰিকাৰ বৃহৎ প্ৰতিষ্ঠান গুগলৰ পৰা মেটালৈকে সকলোৰে মাজত চিন্তাৰ উদ্ৰেক ঘটাইছে ৷ পৰিস্থিতিৰ গাম্ভীৰ্যতা বুজা গৈছে স্বয়ং আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কথাৰ পৰাও ৷ তেওঁৰ কথাত এয়াই সচেতন হোৱাৰ সময় ৷ এই ডীপছীকে এআইৰ দৰেই নিৰ্ভৰযোগ্য ফলাফল প্ৰদান কৰে ৷ তদুপৰি খৰচৰ দিশৰ পৰাও ই কম ব্যয়বহুল ৷
ওপেন এআইৰ মাধ্যমেৰে কোনো এক নিৰ্দিষ্ট ফলাফল পাবলৈ যি পৰিমাণ খৰচ হয় তাৰ তুলনাত বহু কম খৰচত প্ৰায় একেই ফলাফল দিবলৈ সক্ষম চীনৰ ডীপছীক ৷ কোনো কোনো ক্ষেত্ৰত আনকি এআইতকৈয়ো সঠিক ফলাফল দিবলৈ সক্ষম ডীপছীক ৷ এই উদ্ভাৱন যে মূলতঃ এক বিপ্লৱ সেয়া আৰু বেলেগকৈ বুজাই দিয়াৰ প্ৰয়োজন নাই ৷ বিভিন্ন সংস্থা আৰু সেইসমূহৰ কামৰ পৰিসৰৰ বাহিৰলৈ গৈ বিভিন্ন দেশৰ সামৰিক নীতিৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা পৰ্যন্ত প্ৰভাৱিত কৰিব পাৰে ডীপছিকে ৷ এআইৰ এই পৰিৱৰ্তনশীল মানচিত্ৰই ভাৰতলৈ সমস্যা আৰু সুযোগ দুয়োটা কঢ়িয়াই আনিছে।
খৰচৰ তাৰতম্য
পৃথিৱীৰ বিভিন্ন দেশে বিশ্বাস কৰে এআইক ব্যৱহাৰ কৰি অধিক ফলপ্ৰসূ পৰিণাম পাবলৈ হ’লে প্ৰয়োজন বুজন পৰিমাণৰ আৰ্থিক বিনিয়োগৰ ৷ এটি সূত্ৰমতে কেৱল কম্পিউটাৰক আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ ওপেন এআয়ে প্ৰায় 100 মিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে ৷ তথ্য সন্ধানৰ পৰা আৰম্ভ কৰি নানা কাৰণত মুঠ সম্ভাব্য বিনিয়োগ হ‘ব প্ৰায় 30ৰ পৰা 40 হাজাৰ আমেৰিকান ডলাৰ ৷ এইখিনিতে কাৰ্যত সকলোকে আচৰিত কৰি তুলিছে ডীপছীকে ৷ খৰচ কমাইছে প্ৰায় 94 শতাংশ ৷
কিয় কমিছে খৰচ?
খৰচ কমাৰ প্ৰথম কাৰণ হৈছে- প্ৰযুক্তিৰ ব্যৱহাৰ ৷ এটা উদাহৰণৰ জৰিয়তে বিষয়টো বুজা যাব ৷ ওপেন এআই ব্যৱহাৰ কৰি এটা সংখ্যা ছেভ কৰিবলৈ 32 বিট ফ্লোটিং পয়েণ্ট প্ৰয়োজন হয় ৷ খৰচ হয় 8 বাইট মেম’ৰি ৷ সেইঠাইত ডীপছীকৰ জৰিয়তে একেটা কামৰ বাবে খৰচ হয় 1 বাইট মেম’ৰি ৷ ইয়াৰ ওপৰি যি কোনো এআই মডেলে এবাৰত এটা বিশেষ শব্দ পঢ়িব পাৰে ৷ সেই ঠাইত ডীপছীকে এবাৰত সম্পূৰ্ণ এটা বাক্য পঢ়ি পেলাব পাৰে ৷ য‘ত জিপিটিয়ে এটা সম্পূৰ্ণ বাক্য পঢ়িবলৈ সময় লয় 8 ছেকেণ্ড ৷ ফলত ডীপছীকত সময় ৰাহি হয় ৷
হিচাপৰ অংক
এইবাৰ আহো হিচাপৰ ক্ষেত্ৰত ৷ ওপেন এআইৰ জিপিটিয়ে 8 কোনো এটা হিচাপ উলিওৱাৰ বাবে 1.3 ট্ৰিলিয়ন পেৰামিটাৰৰ ওপৰত নিৰ্ভৰ কৰে ৷ ফলত শুদ্ধতাৰ সম্ভাৱনা বাঢ়ে নে নাই সেই সম্পৰ্কে আলোচনাৰ সুযোগ থাকে ৷ এই কথাত কোনো দ্বিমত নাই ৷ অৱশ্যে এই প্ৰক্ৰিয়া সময়বহুল ৷
আনপিনে ডীপছীকৰ কামৰ পদ্ধতি অলপ হলেও পৃথক ৷ 37 বিলিয়ন পেৰামিটাৰৰ ওপৰত ভিত্তি কৰি ফলাফল দিয়ে ডীপছীকে ৷ সময়ো কম লয় ৷ এই বিষয়ে মন্তব্য কৰিছে টেছলা এআইৰ দায়িত্বত থকা প্ৰাক্তন অধিকৰ্তা আন্দ্ৰেজ কাৰ্পাথিয়ে ৷ তেওঁ কয়, এআই মডেলক প্ৰশিক্ষণৰ দিশত নতুন মাত্ৰালৈ লৈ গৈছে ডীপছীকে ৷ বিশেষকৈ খৰচৰ ক্ষেত্ৰত আহিছে পৰিৱৰ্তন ৷