যিদৰে আমাৰ শৰীৰত চৰ্দি, জ্বৰ বা যিকোনো গুৰুতৰ ৰোগ হয় ৷ ঠিক একেদৰে মানসিক স্বাস্থ্যৰো অৱনতি ঘটে ৷ কিন্তু প্ৰায়ভাগ মানুহেই এই কথাত গুৰুত্ব নিদিয়ে ৷ কিন্তু পৰিৱৰ্তিত সময়ৰ লগে লগে এটা ভাল কথা হৈছে যে বহুলোকেই এই বিষয়ত মুকলিকৈ কথা পাতিবলৈ আৰম্ভ কৰিছে ৷ বলীউডৰ বহুলোকেও এই সমস্যাৰ বিষয়ে মুকলিকৈ এই বিষয়ে আলোচনা কৰি এক সজাগতাৰ সৃষ্টিৰ প্ৰয়াস কৰিছে ৷
শেহতীয়াকৈ আলিয়া ভাটে এটা প’ডকাষ্টত তেওঁৰ মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ কয় ৷ একেদৰে শ্ৰদ্ধা কাপুৰো Anxiety Disorder দৰে গুৰুতৰ মানসিক স্বাস্থ্যজনিত সমস্যাত ভুগিছে ৷ পিংকভিলাক দিয়া এটি সাক্ষাৎকাৰত শ্ৰদ্ধাই কৈছিল যে, প্ৰথম অৱস্থাত তেওঁ বুজি পোৱা নাছিল যে তেওঁ কি সমস্যাত ভুগিছে ৷ তেওঁ ক’লে, মইও জনা নাছিলো যে উদ্বিগ্নতা কি দৰাচলতে হয় কি ?
শ্ৰদ্ধা কাপুৰে কয় যে, আমি এই বিষয়ে বহুদিন জনা নাছিলো ৷ আশিকী 2 ছবিৰ পিছতেই মোৰ ক্ষেত্ৰত উদ্বেগৰ এই শাৰীৰিক লক্ষণবোৰ দেখা দিবলৈ আৰম্ভ কৰিলে ৷ এনে যন্ত্ৰণা হৈছিল যাৰ কোনো শাৰীৰিক সমাধান নাছিলে ৷ আমি বহু টেষ্ট কৰিলোঁ কিন্তু চিকিৎসকৰ ৰিপৰ্টত মোৰ একো দোষ নাছিল ৷ এইটো আচৰিত যে মই ভাবি আছিলো যে মোৰ এই যন্ত্ৰণা কিয় অনুভৱ হৈছে ? তাৰ পিচত মই নিজকে প্ৰশ্ন কৰিছিলো যে এনে হোৱাৰ কাৰণ কি ?
উদ্বেগৰ লক্ষণ আৰু ইয়াৰ প্ৰতিৰোধৰ উপায় জানি লওক
এক অধ্যয়নত প্ৰকাশ পাইছে যে, ভাৰতত প্ৰতি ১০০ জনৰ ভিতৰত ৮৮ জনেই উদ্বিগ্নতাত ভুগিছে ৷ এইটো এক প্ৰকাৰৰ মানসিক বিকাৰ, যিয়ে মানসিক তথা শাৰীৰিকভাৱে প্ৰভাৱিত কৰিব পাৰে ৷ ইয়াৰ বাবে উদ্বেগৰ দৰে সমস্যাও হ’ব পাৰে ৷ ই এক প্ৰকাৰৰ মানসিক বিকাৰ, যিয়ে নিদ্ৰাত প্ৰভাৱ পেলাব পাৰে, পেশীৰ টান, পাচনতন্ত্ৰৰ সমস্যা, খিংখিঙীয়া, মনোনিৱেশ কৰাত অসুবিধা আৰু পেনিক এটাক বৃদ্ধি কৰিব পাৰে ৷