ETV Bharat / lifestyle

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ বাবে কিদৰে সাজু হৈছে পৰ্যটন বিভাগ - 12TH INTERNATIONAL TOURISM MART

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগক নতুন মাত্ৰা দিয়াৰ পৰিকল্পনাৰে কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা ৷ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ বাবে পৰ্যটন বিভাগে কিদৰে চলাইছে প্ৰস্তুতি পঢ়ক সবিশেষ-

12TH INTERNATIONAL TOURISM MART
দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ বাবে কিদৰে সাজু হৈছে পৰ্যটন বিভাগ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 8:12 PM IST

কাজিৰঙা: উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগক নতুন মাত্ৰা দিয়াৰ পৰিকল্পনাৰে কাজিৰঙাত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ ৷ অহা ২৬ নৱেম্বৰৰ পৰা কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত হ'ব এই অনুষ্ঠান ৷ দেশ-বিদেশৰ বিভিন্ন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ খনি ২৭ নবেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যটকৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাক আলোকপাতৰ উদ্দেশ্যে বছৰি আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্ট অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্য যথা- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ পৰ্যটন ব্যৱসায়ী আৰু উদ্যোগীসকলক একত্ৰিতকৰণেৰে ক্ৰেতা, বিক্ৰেতা, সংবাদ মাধ্যম, চৰকাৰী সংস্থা আৰু আন-আন অংশীদাৰসকলৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ বৰ্ধনৰ ক্ষেত্ৰত এখনি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰি আহিছে ।

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ বাবে কিদৰে সাজু হৈছে পৰ্যটন বিভাগ (ETV Bharat)

বৈচিত্ৰ্যময় ভূ-প্ৰকৃতি, চহকী উদ্ভিদ আৰু প্ৰাণীকূল, স্পন্দনশীল নৃগোষ্ঠীয় সমাজ, প্ৰাচীন পৰম্পৰা, উৎসৱ আৰু প্ৰচুৰ কলা আৰু শিল্পকৰ্মৰ বাবে বিখ্যাত এটি অঞ্চলত দ্বাদশ আইটিএম অনুষ্ঠিত হ’ব। ইউনেস্ক’ ক্ষেত্ৰ আৰু এটা খড়্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এই অনুষ্ঠানৰ আকৰ্ষণ অধিক বৃদ্ধি কৰিব। এই মাৰ্টৰ দ্বাদশ সংস্কৰণৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰি আজি ইয়াত পৰ্যটনৰ মহা নিৰ্দেশক (DG) মুগ্ধা সিনহাই অৱগত কৰে যে এই অনুষ্ঠানত প্ৰায় ৪০০ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণৰ সম্ভাৱনা আছে । ইয়াৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ট্যুৰ অপাৰেটৰ, হোটেলাৰ আৰু হোমষ্টেৰ গৰাকী, পৰ্যটন সেৱা প্ৰদানকাৰী, ইনফ্লুয়েন্সাৰ আৰু অপিনিয়ন মেকাৰ, ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ জ্যেষ্ঠ বিষয়া, সংবাদ মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আদি ।

ডিজিয়ে লগতে জনাই যে, উক্ত তিনি-দিনীয়া মাৰ্টত ৰাজ্য চৰকাৰসমূহৰ প্ৰেজেনটেচন, বি টু বি মিটিং, পেনেল আলোচনা, খাদ্য-সম্ভাৰ প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়া, লাইভ মিউজিক, এখন নৰ্থ-ইষ্ট বজাৰ আৰু উল্লেখযোগ্য ক্ষেত্ৰ যথাঃ চৰাইদেউৰ মৈদাম (ভাৰতৰ নতুন আৰু ৪৩ সংখ্যক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ), কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৫০ বছৰ উদযাপন), হাতীখুলি চাহ বাগিচা তথা অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ্য উদ্যান কাৰিকৰীভাৱে দৰ্শনকে প্ৰমুখ্য কৰি একাধিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

ই লগতে উত্তৰ-পূৰ্বাঞ্চলত অধ্যয়নৰত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আৰু সমগ্ৰ বিশ্বৰ ইনফ্লুয়েন্সাৰসকলক জড়িতকৰণেৰে তেওঁলোকক অঞ্চলটোৰ চহকী সংস্কৃতিৰ প্ৰত্যক্ষ অন্তৰ্দৃষ্টি প্ৰদান কৰিব ।

কাজিৰঙাত এই মাৰ্টৰ আয়োজনে পৰ্যটন মন্ত্ৰালয়ৰ ট্ৰেভেল ফৰ লাইফ পদক্ষেপৰে সংগতিপূৰ্ণ বহনক্ষমতাৰ প্ৰতি গভীৰ অংগীকাৰক প্ৰতিফলিত কৰিব বুলি উল্লেখেৰে ডিজিয়ে কয় যে, পাৰিপাৰ্শ্বিক প্ৰভাৱ হ্ৰাস, শক্তি-দক্ষ পন্থাৰ প্ৰয়োগ আৰু এবাৰ-ব্যৱহৃত প্লাষ্টিক নিৰ্মূলৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে । মাৰ্টৰ সময়ছোৱাত পৰিবহণ ব্যৱস্থা সমৰ্পিত শ্বাটল সেৱাৰ জৰিয়তে সহজ কৰি তোলা হ’ব, যিয়ে পৰ্যটনক প্ৰকৃতিৰ সৈতে সামঞ্জস্যকৰণ আৰু এটি স্থায়ী, ইতিবাচক লিগেছী নিশ্চিতকৰণৰ অৰ্থে মন্ত্ৰালয়ৰ নিষ্ঠাকে প্ৰতিফলিত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

আনহাতে, আমাৰ হাতত পৰা তথ্য অনুসৰি, আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ৰ বাবে দেশ-বিদেশৰ প্ৰতিনিধিসকল তিনিটা ভাগত বিভক্ত হৈ কাজিৰঙাত উপস্থিত হ'ব ৷ যিসকল প্ৰতিনিধি ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হৈ কাজিৰঙালৈ বুলি আহিব সেইসকলে প্ৰথমতে বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম দৰ্শন কৰিব ৷ তাৰ পাছতহে কাজিৰঙালৈ আহিব ৷ ইয়াৰ বিপৰীতে যোৰহাট বিমান বন্দৰ অৱতৰণ কৰাসকল আৰু গুৱাহাটীৰ পৰা আহিবলগীয়াসকল পোনে পোনে কাজিৰঙাত উপস্থিত হ'ব ৷

আনহাতে, ২৬ নৱেম্বৰৰ নিশাটো কাজিৰঙাত কটাই ২৭ নৱেম্বৰৰ পুৱা ৯-৩০ বজাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হ'ব ৷ ইয়াৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা তথা পৰ্যটন মন্ত্ৰীৰ উপস্থিতিত ভাৰত পৰ্যটন, অসম পৰ্যটনৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যমক সম্বোধন কৰিব ৷ ইয়াৰ পিচতেই উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ প্ৰতিনিধিয়ে নিজৰ ৰাজ্যৰ পৰ্যটন সম্বন্ধীয় বিভিন্ন দিশ উপস্থাপন কৰিব ৷

আনহাতে, নতুন পৰ্যটন ক্ষেত্ৰ সম্বন্ধীয় বিভিন্ন বিষয় এই পৰ্যটন মেলাত উপস্থিত হোৱা প্ৰতিনিধিসকলৰ সন্মুখত তুলি ধৰা হ'ব ৷ ইয়াৰ পৰৱৰ্তী সময়ত সন্ধিয়া ৬-৩০ বজাৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰি অসমৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব ৷ এই সাংস্কৃতিক কাৰ্যসূচীৰ পাছতেই ভাৰত চৰকাৰৰ আতিথ্যত প্ৰতিনিধি তথা অতিথিসকলৰ বাবে নৈশ ভোজৰ ব্যৱস্থা কৰা হৈছে ৷ ইপিনে, ২৮ নৱেম্বৰৰ পুৱা কাজিৰঙাৰ মনমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব সকলো দেশী-বিদেশী প্ৰতিনিধি ৷ হাতী ছাফাৰীৰ লগতে জীপ ছাফাৰীৰে উদ্যান ভ্ৰমণ কৰি অহা পিচত কাজিৰঙাৰ হাতীখুলি চাহ বাগিচা আৰু অৰ্কিড উদ্যান ভ্ৰমণ কৰিব প্ৰতিনিধিসকলে ৷

আনহাতে, বিয়লিৰ ভাগতো কাজিৰঙাৰ বিভিন্ন এলেকা ভ্ৰমণ কৰাৰ লক্ষ্য লোৱা প্ৰতিনিধিসকলক অসম চৰকাৰৰ আতিথ্যত আয়ৰা নামৰ ৰিচৰ্টত নৈশ আহাৰৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ৰ অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰীৰ লগতে ভাৰত চৰকাৰৰ বহু উচ্চপদস্থ বিষয়া উপস্থিত হ'ব ৷ কাজিৰঙা তথা অসমৰ পৰ্যটনৰ বাবে এই অনুষ্ঠানে বিশেষ তাৎপৰ্য বহন কৰিবলগীয়া এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ৰ অনুষ্ঠানৰ প্ৰস্তুতি বুজ ল'বৰ বাবে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে ইতিমধ্যেই বিভিন্ন উচ্চপদস্থ লোক উপস্থিত হৈছে ৷ অহা ২৯ নৱেম্বৰত কাজিৰঙাৰ পৰা পৰ্যটন প্ৰতিনিধিসকলে মেলানি মাগিব ৷

লগতে পঢ়ক: কাজিৰঙাত ২৬ নৱেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ মহা আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.