কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত অসমৰ কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট (আই টি এম)ৰ আয়োজন কৰা হ’ব ৷ এই কাৰ্যসূচী ২৬ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ চলিব ৷ লক্ষণীয় যে উত্তৰ-পূব অঞ্চলৰ পৰ্যটন সম্ভাৱনীয়তাক প্রদর্শন কৰাৰ লগতে ঘৰুৱা আৰু আন্তর্জাতিক পৰ্যটনৰ অংশীদাৰসকলৰ মাজত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে আজাদী কা অমৃত মহোৎসৱৰ উদ্যোগত এই বাৰ্ষিক অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে ৷
নতুন দিল্লীত অনুষ্ঠিত এটি সংবাদমেলত পৰ্যটন সঞ্চালক প্ৰধান মুগ্ধা সিনহাই জনোৱা মতে, ট্যুৰ অপাৰেটৰ, হোটেল আৰু হোমষ্টে অপাৰেটৰ, পৰ্যটন সেৱা প্ৰদানকাৰী, প্ৰভাৱশালী, চৰকাৰী বিষয়া, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু ইণ্টাৰনেশ্যনেলকে ধৰি এই অনুষ্ঠানত প্ৰায় ৪০০ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা লগতে বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷
ইণ্টাৰনেশ্যনেল টুৰিজিম মাৰ্টৰ অনুষ্ঠানত উত্তৰ-পূবৰ আঠখন ৰাজ্য ক্ৰমে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক বৈশিষ্ট্যসমূহ প্ৰদৰ্শন কৰা হ’ব ৷
তিনিদিনীয়া মাৰ্টত ৰাজ্য চৰকাৰৰ উপস্থাপন, সাংস্কৃতিক সন্ধিয়া, খাদ্য প্ৰদৰ্শন, স্থানীয় কলা আৰু শিল্পকৰ্ম প্ৰদৰ্শন কৰা “নৰ্থ-ইষ্ট বাজাৰ” আদিও থাকিব ৷ মন্ত্ৰণালয়ৰ “Travel for Life” পদক্ষেপৰ সৈতে সংগতি ৰাখি পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত এই অনুষ্ঠানৰ জৰিয়তে গুৰুত্ব আৰোপ কৰা হ’ব ৷ এই কাৰ্যসূচীত একক ব্যৱহাৰৰ প্লাষ্টিক নিৰ্মূল, শক্তি-দক্ষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷
দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টে বিশ্বব্যাপী দৰ্শকৰ সন্মুখত অঞ্চলটোৰ অনন্য সৌন্দৰ্য প্ৰদৰ্শন কৰাই নহয়, বহনক্ষম আৰু সৰ্বাংগীন পৰ্যটনৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাও শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷
সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, মাৰ্টৰ এই অনুষ্ঠান চলি থকাৰ সময়ত পৰিবহণ ব্যৱস্থা নিবেদিত শ্বাটল সেৱাৰ জৰিয়তে সহজ কৰি তোলা হ’ব, যিয়ে পৰ্যটন প্ৰকৃতিৰ সৈতে সামঞ্জস্যপূৰ্ণ আৰু স্থায়ী, ইতিবাচক উত্তৰাধিকাৰ নিশ্চিত কৰাৰ বাবে মন্ত্ৰণালয়ৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে ।