ETV Bharat / lifestyle

শীতকালত ঘিউ খোৱাৰ কিমান উপকাৰিতা আছে জানেনে ? - GHEE BENEFITS

শীতকালত ঘিউ খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ লাভদায়ক ৷ কিন্তু আমি কেনে ধৰণে ঘিউ খালে আমাৰ শৰীৰৰ বাবে লাভদায়ক জানি লও আহক-

Health Benefits Of Consuming Desi Ghee during Winter
শীতকালত ঘিউ খোৱাৰ কিমান উপকাৰিতা আছে জানেনে ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 23, 2024, 6:01 AM IST

ঘিউ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ শীতকালত ঘিউ খালে শৰীৰটো গৰম হৈ থকাই নহয় বৰঞ্চ সুস্থও হৈ থাকে৷ বহুতে ওজন বৃদ্ধি পোৱাৰ আশংকাত ঘিউ খোৱাৰ পৰা বিৰত থাকে ৷ কিন্তু যদি আপুনি ঘিউ সীমিত পৰিমাণত খায় তেন্তে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ইয়াৰ ফলত খাদ্যৰ সোৱাদ বৃদ্ধি হোৱাই নহয় স্বাস্থ্যৰ বাবে অধিক উপকাৰী ৷

পুষ্টিবিদ সকলৰ মতে, শীতকালত ঘিউ খালে শৰীৰৰ বহু উপকাৰ পোৱা যায় ৷ বিশুদ্ধ ঘিউত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষমতাও আছে ৷ কিন্তু ঘিউ খোৱাৰ শুদ্ধ পদ্ধতিৰ বিষয়ে জনাটো জৰুৰী ৷ খাদ্যত ঘিউ কেনেদৰে অন্তৰ্ভুক্ত কৰিব পাৰি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানি লও আহক-

ঘিউ কেনেকৈ খাব পাৰি ?

শীতকালত ঘিউ লগাই গৰম ৰুটি খাব পাৰে ৷ ঘিউ কিমান খাব তাৰ পৰিমাণৰ ওপৰত গুৰুত্ব দিব লাগে ৷ শাক-পাচলি ৰান্ধিবলৈ মিঠাতেল বা ৰিফাইন অইলৰ সলনি ঘিউ ব্যৱহাৰ কৰিব পাৰে ৷ গৰম দালিত এচামুচ ঘিউ দি খাব পাৰে ৷ ৰাতিপুৱাৰ চাহ বা কফিতো ঘিউ দি খাব পাৰে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ঘিউখোৱাটো অধিক উপকাৰী বুলি বিবেচিত হয় ৷ ইয়াৰ দ্বাৰা শৰীৰত শক্তি পোৱা যায় আৰু ঋতুভিত্তিক ৰোগ ৰোধ কৰাটো সম্ভৱ হৈ উঠে ৷ ঘিউ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব আৰু শৰীৰ সুস্থ হৈ থাকিব ৷

ছালৰ বাবে ঘিউ অধিক উপকাৰী

শীতকালত ছালৰ বিভিন্ন সমস্যা দেখা যায় ৷ শীতকালীন বতাহে ছালখন শুকান কৰি তোলে ৷ এই সময়ছোৱাত শুকান ছালত খজুৱতি আৰু ফোঁহা ওলোৱাৰ সমস্যাও বৃদ্ধি পায় ৷ ঘিউ ব্যৱহাৰ কৰিলে ছালৰ ভিতৰত আৰু বাহিৰত আৰ্দ্ৰতা অতুত থাকে ৷ ই ছালত অত্যাৱশ্যকীয় এন্টিঅক্সিডেন্ট যোগান ধৰে ৷

শৰীৰটো গৰম হৈ থাকিব

শীতকালৰ ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ ঘিউ খাব পাৰে ৷ ঘিউ খালে শৰীৰটো গৰম হৈ থাকে ৷ শৰীৰৰ বিষমুক্ত কৰাৰ বাবেও ঘিউ উপকাৰী বুলি গণ্য কৰা হয় ৷ এদিনত ৩ৰ পৰা ৩ চামুচতকৈ বেছি ঘিউ খাব নালাগে ৷ গতিকে শীতকালত আপুনি সুস্বাস্থ্যৰ বাবে ঘিউ খাব পাৰে ৷

উৎস:- https://pmc.ncbi.nlm.nih.gov/articles/PMC10789628/

লগতে পঢ়ক: শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰখাত লাভদায়ক এইকেইবিধ পানীয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.