ETV Bharat / bharat

মহাযুটিৰ ছুনামি; বিৰোধী শূন্য হ'ল মহাৰাষ্ট্ৰ বিধানসভা - MAHARASHTRA ASSEMBLY ELECTION 2024

বিধানসভাত বিৰোধীৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম নহ'ল মিত্ৰজোঁট এমভিএ । শিৱসেনা(ইউবিটি) দলে লাভ কৰিলে সৰ্বাধিক ২০ খন আসন ।

Maharashtra Assembly Election 2024
মহাযুতিৰ ছুনামি;বিৰোধী শূন্য হ'ল মহাৰাষ্ট্ৰ বিধানসভা (ANI)
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 1:49 PM IST

মুম্বাই : মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মহাৰাষ্ট্ৰত মহাযুতিৰ 'ছুনামি'য়ে হতবাক কৰিছে সকলোকে । এই ফলাফলে শিৱসেনা(ইউবিটি)ৰ মুৰব্বী উদ্ধৱ থাকৰেকো হতবাক কৰি তুলিছে । কিয়নো ৬০ বছৰত প্ৰথমবাৰৰ বাবে বিৰোধী শূন্য হ'ব মহাৰাষ্ট্ৰ বিধানসভা ।

বিজেপি নেতৃত্বাধীন মহাযুতিয়ে ২৮৮ খন বিধানসভা আসনৰ ভিতৰত ২৩০ খন আসনে লাভ কৰিবলৈ সক্ষম হয় । শাসকীয় মিত্ৰজোঁটৰ বাহিৰে কোনো দলেই বিৰোধী দল হিচাপে কাম কৰিবলৈ বাধ্যতামূলক নিম্নতম ২৯ খন আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ।

ৰাজ্যিক আইনসভা আইনত বিৰোধী দলৰ নেতাসকলৰ দৰমহা আৰু ভাট্টাৰ ব্যৱস্থা অনুসৰি, সদনৰ বিৰোধী দলৰ যোগ্যতা অৰ্জন কৰিবলৈ এটা দলে সামগ্ৰিক আসনৰ নিম্নতম ১০ শতাংশত জয়লাভ কৰিব লাগিব ।

নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ শেহতীয়া তথ্য অনুসৰি, বিৰোধী এমভিএৰ অংশ শিৱসেনাই (ইউবিটি) বিৰোধী মিত্ৰজোঁটৰ সৰ্বাধিক ২০ খন আসন লাভ কৰিছিল । যি বিৰোধী দলৰ বাবে প্ৰয়োজনীয় সংখ্যাতকৈ চাৰিখন আসন কম । কংগ্ৰেছে ১৬ খন আসন লাভ কৰিছিল, আনহাতে শৰদ পাৱাৰৰ এনচিপি গোটে মাত্ৰ ১০ খন আসন লাভ কৰে ।

নিৰ্বাচনৰ ফলাফল অনুসৰি ২৮৮ খন আসনৰ ভিতৰত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ১৪৯ খন আসনৰ ১৩২ খন আসনতে জয়ী হয় । মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিৱসেনা গোটে ৫৭ খন আসনত জয়ী হয় । মহাযুতিৰ তৃতীয় অংশীদাৰ অজিত পাৱাৰ নেতৃত্বাধীন নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীয়ে ৪১ খন আসন লাভ কৰে ।

লগতে পঢ়ক : সংসদীয় ৰাজনীতিত প্ৰিয়ংকা গান্ধীৰ অভিষেক
  • ছয় দশকৰ ভিতৰত প্ৰথম

মহাৰাষ্ট্ৰ বিধানসভাত ৬ দশকত প্ৰথমবাৰৰ বাবে বিৰোধী দলৰ নেতা নাথাকিব । এই সন্দৰ্ভত মন্তব্য কৰি প্ৰাক্তন প্ৰধান সচিব (আইনসভা) অনন্ত কালছে এক প্ৰতিবেদনত কয় যে "কংগ্ৰেছ, শিৱসেনা (ইউবিটি) আৰু এনচিপি (এছপি)ৰ বিৰোধী দলৰ নেতা হোৱাৰ কোনো সুযোগ নাই ।"

কালছে কয় যে যিহেতু মিত্ৰজোঁটত দলবোৰৰ মিলিত শক্তিৰ দ্বাৰা বিৰোধী দল মনোনীত কৰিব নোৱাৰি আৰু এটা দলৰ নিজৰ প্ৰয়োজনীয় সংখ্যা থাকিব লাগিব ।

  • কোন হ'ব মুখ্যমন্ত্ৰী ?

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ আৰু অজিত পাৱাৰে তেওঁলোকৰ নিজ নিজ বিধানসভা সমষ্টিত জয়লাভ কৰে । এতিয়া ৰাজনৈতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে পৰৱৰ্তী মুখ্যমন্ত্ৰী বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছ হ'বলৈ গৈ আছে যেন অনুমান হৈছে ।

ইফালে শনিবাৰে নিশা দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ফাড়নাভিছক তেওঁৰ পৰম মিত্ৰ বুলি অভিহিত কৰে । ইফালে ১০ বছৰ পূৰ্বে ফাড়নাভিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল । খবৰ অনুসৰি নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ সোমবাৰে দক্ষিণ মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : অসমৰ পাঁচোখন আসনতে এন ডি এৰ বিজয় সাব্যস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.