অসম

assam

ETV Bharat / lifestyle

দেৱী স্কন্দমাতাক কোনবিধ ভোগ অৰ্পণ কৰি প্ৰসন্ন কৰিব জানি লওক - Navaratri 2024

স্কন্দমাতা হৈছে দেৱী পাৰ্বতীৰ পঞ্চমটো ৰূপ । আজিৰ দিনটোত মা স্কন্দমাতাৰ কিদৰে আৰাধনা কৰিলে সুফল লাভ কৰিব জানি লওক-

By ETV Bharat Lifestyle Team

Published : 4 hours ago

navaratri 2024 day 5 puja vidhi and bhog to offer goddess skandamata
দেৱী স্কন্দমাতাক কোনবিধ ভোগ অৰ্পণ কৰি প্ৰসন্ন কৰিব জানি লওক (ETV Bharat)

হিন্দু ধৰ্মত নৱৰাত্ৰিৰ এক বিশেষ গুৰুত্ব আছে, নৱৰাত্ৰিৰ সময়ত ভক্তসকল দেৱী দুৰ্গাৰ আৰাধনা কৰাৰ লগতে ব্ৰত ৰাখে ৷ নৱৰাত্ৰিৰ প্ৰতিদিনে দেৱী দুৰ্গাৰ ৰূপ পূজা কৰা হয় ৷ ​​নৱৰাত্ৰিৰ পঞ্চম দিনা মা স্কন্দমাতালৈ উচৰ্গা কৰা হৈছে ৷ বিশ্বাস অনুযায়ী স্কন্দমাতাৰ পূজা কৰি সন্তান প্ৰাপ্তিৰ মনোকামনা পূৰ্ণ হয় বুলি কোৱা হয় ৷ ভাগৱত পুৰাণৰ মতে, নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতা পূজা কৰিলে জ্ঞান আৰু শুভ ফল পোৱা যায় বুলি মান্যতা আছে ৷

স্কন্দমাতাৰ ৰূপ

দেৱী স্কন্দমাতাক কোনবিধ ভোগ অৰ্পণ কৰি প্ৰসন্ন কৰিব জানি লওক (ETV Bharat)

শাস্ত্ৰ অনুসৰি স্কন্দমাতাৰ চাৰি ভূজা আছে, মাক দুহাতত পদুম ফুল ধৰি থকা দেখা যায় ৷ স্কন্দ মাতাই এহাতত স্কন্দ অৰ্থাৎ কাৰ্তিক বাল্য ৰূপক ধৰি বিৰাজিত হৈ আছে আৰু মাতাই আনখন হাতেৰে ধনুকাঁড় ধৰি আছে ৷ মা স্কন্দমাতা পদুমৰ আসনত বহি আছে ৷ সেইবাবেই তেওঁক পদ্মাসন দেৱী বুলিও জনা যায় ৷ স্কন্দমাতাৰ বাহন হৈছে সিংহ ৷ সিংহৰ ওপৰত বিৰাজমান পঞ্চম ৰূপৰ মা দুৰ্গাই ভক্তসকলৰ কল্যাণ সাধন কৰে ৷

দেৱী স্কন্দমাতাক কোনবিধ ভোগ অৰ্পণ কৰি প্ৰসন্ন কৰিব জানি লওক (ETV Bharat)

স্কন্দমাতা পূজা পদ্ধতি আৰু শুভ সময়

পঞ্চাংগৰ মতে, মা স্কন্দমাতাৰ পূজাৰ শুভ সময় পুৱা ৫.৩০ বজাৰ পৰা ১০.৫০ বজালৈ ৷ নৱৰাত্ৰিৰ পঞ্চম দিনা প্ৰথমে গা ধুই প্ৰথমে পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰা উচিত ৷ ইয়াৰ পিচত গৃহ মন্দিৰ বা পূজাস্থলীৰ এখন থাপনাত স্কন্দমাতাৰ ছবি বা প্ৰতিমূৰ্তি স্থাপন কৰক ৷ গংগাজলেৰে ইয়াৰ শুদ্ধিকৰণ কৰক, তাৰ পিচত এটা কলহত পানী লৈ তাত কিছু মুদ্ৰা দি থাপনাত ৰাখক ৷ এতিয়া মাৰ আৰাধনা কৰক ৷ ইয়াৰ পিছত সেন্দুৰ-কুমকুম লগাই স্কন্দমাতাক নৈবেদ্য আগবঢ়াওক ৷ এতিয়া ধূপ-দীপেৰে মাৰ আৰতি আৰু মন্ত্ৰ জপ কৰক ৷ মা স্কন্দমাতাৰ বগা ৰং খুবেই প্ৰিয় ৷ সেয়েহে ভক্তসকলে বগা বস্ত্ৰ পৰিধান কৰি মাক কল আগবঢ়াব লাগে ৷ বিশ্বাস কৰা হয় যে এনে কৰিলে মায়ে আপোনাক সদায় সুস্থ-সৱল হৈ থাকিবলৈ আশীৰ্বাদ প্ৰদান কৰে ৷

দেৱী স্কন্দমাতাক কোনবিধ ভোগ অৰ্পণ কৰি প্ৰসন্ন কৰিব জানি লওক (ETV Bharat)

স্কন্দমাতাৰ মন্ত্ৰ

या देवी सर्वभूतेषु मां स्कन्दमाता रूपेण संस्थिता।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

सिंहासनगता नित्यं पद्माञ्चित करद्वया।

शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी॥

লগতে পঢ়ক:নৱৰাত্ৰিৰ তৃতীয়টো দিনত এনেদৰে সন্তুষ্ট কৰক মা চন্দ্ৰঘন্টাক - Navratri 2024

ABOUT THE AUTHOR

...view details