অসম

assam

ETV Bharat / lifestyle

কাণ ফুটোৱাৰ সঠিক সময় কি জানো আহক - CARING FOR NEW PIERCINGS

আমাৰ মাজত এনে বহু অভিভাৱক আছে যিয়ে সন্তানৰ সঠিক বয়সৰ পূৰ্বেই কাণ ফুটাই যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয় ৷ আজি এই বিষয়ে জানো আহক-

Important Considerations Before Piercing Your Child's Ears
কাণ ফুটোৱাৰ সঠিক সময় কি জানো আহক (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Nov 7, 2024, 5:14 PM IST

একাংশ অভিভাৱকে জন্মৰ পিচতে তেওঁলোকৰ সন্তানক কাণ ফুটাই দিয়ে ৷ আন একাংশই আকৌ কাণ ফুটাবৰ বাবে সন্তানটো অলপ ডাঙৰ হোৱালৈ অপেক্ষা কৰে ৷ প্ৰকৃততে, সন্তানৰ কাণ সঠিক সময়ত ফুটুৱাটো অতি গুৰুত্বপূৰ্ণ ৷ আজি এই বিষয়ে জানো আহক-

কাণ ফুটুৱাৰ উচিত সময়

শিশুৰ কাণ ফুটুৱাৰ বাবে ৩-২ বছৰৰ সময়ছোৱাক উচিত সময় বুলি গণ্য কৰা হয় ৷ কিয়নো এই বয়সত শিশুৰ ছাল সোনকালে আৰোগ্য হোৱাৰ ক্ষমতা থাকে ৷ আনহাতে, কাণ ফুটুৱাৰ সময়ত নিশ্চিত কৰিব যে শিশুটো যাতে স্বাস্থ্যৱান হয় আৰু কোনো এলাৰ্জি, সংক্ৰমণ, চৰ্দি- কাহ আদিৰ দৰে সমস্যা নাথাকে ৷ যদি আপোনাৰ সন্তানে কোনো নিৰ্দিষ্ট স্বাস্থ্য সমস্যাৰ সন্মুখীন হৈছে, তেন্তে কাণ ফুটুৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব ৷

কাণ ক'ত ফুটাব ?

আপোনাৰ সন্তানৰ কাণ ফুটাবলৈ এজন অভিজ্ঞ তথা যোগ্য পেছাদাৰী (চিকিৎসক, নাৰ্চ, বা প্ৰশিক্ষিত কাণ ফুটুৱা ব্যক্তি)ৰ সহায় ল'ব ৷ চিকিৎসা ক্লিনিক বা চিকিৎসালয়তহে কাণ ফুটাব ৷কিয়নো সঠিক সঁজুলি আৰু অভিজ্ঞতাসম্পন্ন লোকৰ দ্বাৰা পৰিস্কাৰ-পৰিচ্ছন্নতাৰে কাণ ফুটালে সংক্ৰমণৰ আশংকা কম হয় ৷

কাণ কেনেদৰে ফুটাব লাগে ?

কাণ সাধাৰণতে দুটা পদ্ধতিত ফুটুৱা হয় ৷ এটা বেজীৰে আৰু আনটো কাণ ফুটুৱা বিশেষ বন্দুকৰে ৷ এইক্ষেত্ৰত বেজীৰে কাণ ফুটুৱাটো তুলনামুলকভাৱে ভাল বুলি গণ্য কৰা হয় ৷কিয়নো এই প্ৰক্ৰিয়াটো লেহেম আৰু অধিক নিয়ন্ত্ৰিত ৷ কাণ ফুটুৱা বন্দুকেৰে ফুটালে কাণত অধিক চাপ পৰিব পাৰে আৰু সংক্ৰমণ হোৱাৰো আশংকা থাকে ৷ আনহাতে, সকলো কাণ ফুটুৱা সঁজুলি যাতে বীজাণুমুক্ত হয়, সেইটো নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি কাণ ফুটুৱাৰ আগত আপুনি এনাস্থেটিক ক্ৰীম প্ৰয়োগ কৰিব পাৰে ৷

কাণ ফুটুৱাৰ পিছত ল'বলগীয়া যত্ন

কাণ ফুটুৱাৰ পিছত কেইসপ্তাহমানৰ বাবে কাণ পৰিস্কাৰ ৰখাটো অতি গুৰুত্বপূৰ্ণ ৷ দিনত ২-৩ বাৰ এণ্টিচেপ্টিক দ্ৰৱণৰে কাণ পৰিস্কাৰ কৰিব ৷ কাণ স্পৰ্শ কৰাৰ আগতে হাত ধুব ৷ কাণত কোনো ফুলা, বিষ বা ৰঙা পৰা দেখিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব ৷ কাণ ফুটুৱাৰ পিছত কাণফুলিযোৰ ঘূৰাই থকাৰ প্ৰয়োজন নাই, এনে কৰিলে কাণখন শুকাবলৈ সময় লাগে ৷ কাণ ফুটুৱাৰ পিছত কমেও ৬-৮ সপ্তাহৰ বাবে একেযোৰ কাণফুলি পিন্ধিব যাতে ছিদ্ৰটো ভালদৰে আৰোগ্য হয় ৷

কিদৰে বাছনি কৰিব কাণফুলি ?

সদায়ে শিশুৰ কাণৰ বাবে হাইপোএলাৰজেনিক (এলাৰ্জেন-মুক্ত) সামগ্ৰীৰে তৈয়াৰ কৰা কাণফুলি বাছনি কৰিব ৷ কাণৰ বাবে সদায় চুটি আৰু পাতল কাণফুলি বাছনি কৰিব, যাতে সিহঁতৰ কাণৰ ফুটা ডাঙৰ নহয় আৰু তেওঁলোকে কাণখন ওজন অনুভৱ নকৰে ৷

লগতে পঢ়ক:শিশুৰ স্বাস্থ্যৰ বিকাশৰ ক্ষেত্ৰত নাৰিকল তেল কিমান উপযোগী ?

ABOUT THE AUTHOR

...view details