২ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে গণেশ চতুৰ্থী ৷ এইবর্ষ গণেশ চতুৰ্থী আৰু সৰস্বতী পূজা একে দিনা বুলি প্ৰশ্ন কৰাও দেখা গৈছে ৷ দৰাচলতে যিবোৰ দেৱ-দেৱীৰ পূজা দিনৰ ভাগত কৰা হয়, উদিত সূৰ্যৰ লগত যিটো তিথি পোৱা যায় সেই তিথিভাগৰে পূজা কৰা হয় ৷ গণেশ চতুৰ্থীৰ তিথি ২ ফেব্ৰুৱাৰীৰ দিনা পুৱা ৯-১৫ মিনিটলৈ থাকিব ৷
কি ৰীতি-নীতিৰে সন্তুষ্ট কৰিব গণেশ দেৱতাক
এই চতুৰ্থী তিথিত গণেশ দেৱতাৰ জন্ম হৈছিল বুলি কোৱা হয় ৷ সেয়ে এই চতুৰ্থী তিথিত গণেশ দেৱতাৰ পূজা কৰিলে সকলো ধৰণৰ বাধা নাশ হয় আৰু লগতে মনোকামনা সিদ্ধি হয় বুলি কোৱা হয় ৷ গণেশ দেৱতাই সকলো ধৰণৰ বাধা-বিঘিনি নাশ কৰে বুলি যিহেতু কোৱা হয় সেয়ে পঢ়া-শুনাৰ বাধা, সম্পত্তি ক্ৰয়ৰ বাধা, কৰ্মৰ বাধা আদিকে ধৰি যিকোনো বাধা নাশ কৰিবলৈ গণেশ দেৱতাক পূজা কৰিব পাৰে ৷
গণেশ দেৱতাৰ চৰণত ঘি চাকি জ্বলোৱাৰ লগতে ফুল, দুৱৰী, বুন্দিয়াৰ লাৰু, অৰ্পণ কৰা হয় যিহেতু, কিন্তু এই তিথিত গণেশ দেৱতাক সন্তুষ্ট কৰিবলৈ সংকল্প হিচাপে ২১ টা দুৱৰী এটা এটা মন্ত্ৰ গাই যদি গণেশ দেৱতাক অৰ্পণ কৰিব পাৰে তেতিয়া মনৰ কামনা পূৰ্ণ হোৱাৰ লগতে সিদ্ধি প্ৰাপ্তি হয় বুলি কোৱা হয় ৷ মন্ত্ৰ কেইটা হৈছে-
১)ওঁম গণধিপায় নমঃ
২) ওঁম উমা পুত্ৰাই নমঃ
৩) ওঁম বিঘ্ননাশয় নমঃ
৪)ওঁম বিনায়কায় নমঃ