অসম

assam

ETV Bharat / lifestyle

দীপাৱলীত এনেদৰে আপোনাৰ আপোনজনক জনাওক শুভেচ্ছা

আজি পোহৰৰ উৎসৱ দীপাৱলী পালন কৰিব সমগ্ৰ দেশবাসীয়ে ৷ সেয়ে এই উপলক্ষে আপোনাৰ আপোনজনক এনেদৰে জনাওক দীপাৱলীৰ শুভেচ্ছা-

DIWALI WISHES IN ASSAMESE
দীপাৱলীত এনেদৰে আপোনাৰ আপোনজনক জনাওক শুভেচ্ছা (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Oct 30, 2024, 4:32 PM IST

দীপাৱলী হিন্দু ধৰ্মৰ লোকসকলৰ এক অন্যতম প্ৰধান উৎসৱ ৷ পোহৰৰ উৎসৱ দীপাৱলীক দীপান্বিতা বুলিও কোৱা হয় ৷ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয় হোৱাৰ উদযাপনেই হৈছে দীপাৱলী ৷ এই দিনটোত সকলোৰে ঘৰত চাকি-বন্তি জ্বলাই চৌদিশ পোহৰাই তোলা হয় ৷ উত্তৰ ভাৰতত এই উৎসৱ ৰাক্ষস ৰজা ৰাৱণক পৰাস্ত কৰি ভগৱান ৰামৰ অযোধ্যালৈ উভতি অহাৰ দিন বুলি উদযাপন কৰা হয় ৷

দক্ষিণ ভাৰতত ৰাক্ষস নৰকাসুৰৰ বিৰুদ্ধে ভগৱান কৃষ্ণৰ বিজয়ৰ দিন হিচাপে এই উৎসৱ উদযাপ কৰা হয় ৷ দীপাৱলী ধনতেৰাছৰ পৰা আৰম্ভ কৰি ভাই দুজলৈ পাঁচ দিন ধৰি পালন কৰা হয় ৷ এই বছৰ ৩১ অক্টোবৰ অৰ্থাৎ বৃহস্পতিবাৰে সমগ্ৰ দেশতে দীপাৱলী উদযাপন কৰা হ'ব ৷

দীপাৱলীত এনেদৰে আপোনাৰ আপোনজনক জনাওক শুভেচ্ছা (ETV Bharat)

দীপাৱলী হৈছে পৰিয়ালৰ সকলো একত্ৰিত হোৱা, পৰস্পৰৰ বান্ধোন শক্তিশালী কৰা, ইজনে সিজনক শুভেচ্ছা জনাই একেলগে উদযাপন কৰাৰ সময় ৷ আপুনিও যদি প্ৰিয়জনক দীপাৱলীৰ শুভকামনা জ্ঞাপন কৰিবলৈ বিচাৰে, তেন্তে এইদৰে জনাওঁক শুভেচ্ছা-

দীপাৱলীত এনেদৰে আপোনাৰ আপোনজনক জনাওক শুভেচ্ছা (ETV Bharat)
  • চাকিৰ পোহৰে আপোনাৰ জীৱনক প্ৰেম, হাঁহি আৰু সমৃদ্ধিৰে আলোকিত কৰক ৷ আপোনাক আৰু পৰিয়ালৰ সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছো ৷
  • দীপাৱলীৰ পোহৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু শান্তি ৷ শুভ দীপাৱলী!
  • দীপাৱলীৰ শুভেচ্ছা জনালো ৷ চাকিৰ পোহৰে দূৰ কৰক জীৱনৰ সকলো অন্ধকাৰ ৷
  • দীপাৱলীৰ শুভকামনা ৷ দূৰ হওঁক জীৱনক সকলো দুখ ৷ পোহৰৰে উজলি উঠক আপোনাৰ জীৱন ৷
দীপাৱলীত এনেদৰে আপোনাৰ আপোনজনক জনাওক শুভেচ্ছা (ETV Bharat)
  • দীপাৱলীৰ পোহৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশা আৰু সমৃদ্ধি ৷ শুভ দীপাৱলী !
  • দীপাৱলীৰ শুভেচ্ছা জনালো ৷ সকলোৰে জীৱনটো ৰঙীন হওঁক, দূৰ হওঁক অন্ধকাৰ ৷
  • দীপাৱলীৰ শুভক্ষণত এইয়া কামনা কৰিছো যাতে সকলোৰে জীৱন সুখ-শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে ৷
  • সকলোৰে মংগল হওঁক, দীপাৱলীৰ পোহৰে দূৰ কৰক আপোনাৰ জীৱনৰ সকলো অন্ধকাৰ ৷
  • আপোনাৰ জীৱন আনন্দ আৰু সুখৰ পোহৰেৰে পৰিপূৰ্ণ হওঁক ৷ শুভ দীপাৱলী!
  • শুভ দীপাৱলী ! দীপাৱলীৰ এই শুভ ক্ষণে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অসীম আনন্দ, সুখ আৰু শান্তি ৷
  • দীপাৱলী পোহৰ, উত্তৰণ আৰু সমৃদ্ধিৰ উৎসৱ ৷ সকলো ভালে হওঁক ৷ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালো ৷
  • আপোনাৰ জীৱন দীপাৱলীৰ উজ্জ্বল পোহৰৰ দৰে সদায় আলোকিত হৈ থাকক ৷ শুভ দীপাৱলী !
লগতে পঢ়ক:দীপাৱলীত পিন্ধক এই শাৰী: সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আপুনি

ABOUT THE AUTHOR

...view details