অসম

assam

ETV Bharat / lifestyle

প্ৰদূষণমুক্ত পৰিৱেশৰ আনন্দ ল’ব বিচাৰিছে ? এবাৰ হ’লেও ফুৰি আহক এই ঠাই

বিষাক্ত প্ৰদূষণৰ পৰা আঁতৰি পৰিয়ালৰ সৈতে কিছু বিশেষ সময় পাৰ কৰিব বিচাৰিছে? পৰিস্কাৰ আৰু সতেজ বতাহত উশাহ ল’ব বিচাৰিছে তেন্তে আপোনাৰ বাবে উত্তম এইসমূহ ঠাই-

Clean Air, Clear Mind: India's Best Destinations for a Pollution-Free Escape
প্ৰদূষণমুক্ত পৰিৱেশৰ আনন্দ ল’ব বিচাৰিছে ? এবাৰ হ’লেও ফুৰি আহক এই ঠাই (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Dec 3, 2024, 5:20 PM IST

দেশত বৰ্ধিত প্ৰদূষণৰ বাবে দিল্লীৰ লগতে আন বহু ঠাইত বাস কৰাটো এতিয়া কঠিন হৈ পৰিছে ৷ যদি আপুনি বিষাক্ত প্ৰদূষণৰ পৰা আঁতৰি আপুনি আপোনাৰ পৰিয়ালৰ সৈতে পৰিস্কাৰ আৰু সতেজ বতাহত সময় অতিবাহিত কৰিবলৈ বিচাৰে, তেনেহ'লে আপুনি বিদেশলৈ যাব নালাগে ৷আমাৰ আপোন দেশখনতে আছে এনে ঠাই, যি ঠাইৰ সেউজীয়া সমভূমি আৰু প্ৰদূষণ-মুক্ত পৰিৱেশে আপোনাক এক নতুন শক্তি প্ৰদান কৰিব ৷ আপুনি যদি বছৰৰ শেষত পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈ বিচাৰিছে, তেন্তে তলত উল্লেখ কৰা ঠাইসমূহলৈ যাব পাৰে-

কিন্নৌৰ, হিমাচল প্ৰদেশ

কিন্নৌৰ, হিমাচল প্ৰদেশ (ETV Bharat)

যদি আপুনি পৰ্বতৰ সৌন্দৰ্য তথা সতেজ বতাহ উপভোগ কৰিব বিচাৰে, তেন্তে হিমাচল প্ৰদেশৰ কিন্নৌৰ হৈছে আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প ৷ কিন্নৌৰৰ বায়ুত কণিকা পদাৰ্থৰ স্তৰ ৰাষ্ট্ৰীয় গড়তকৈ ১০% কম ৷ ইয়াত থকা শান্ত সমভূমি আৰু প্ৰাকৃতিক দৃশ্যই আপোনাৰ পৰিয়ালক মনোশান্তি দিয়াৰ লগতে প্ৰদূষণৰ পৰাও সকাহ দিব ৷

মাংগালোৰ, কৰ্ণাটক

মাংগালোৰ, কৰ্ণাটক (ETV Bharat)

মাংগালোৰক কৰ্ণাটকৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় ৷ এই সুন্দৰ চহৰখনত দৰ্শনীয় সমুদ্ৰ তীৰ, প্ৰাচীন মন্দিৰ, গীৰ্জা আৰু ঐতিহাসিক বন্দৰ আছে ৷ ইয়াত সতেজ বতাহ আৰু শান্ত পৰিৱেশে ইয়াক ভ্ৰমণৰ যোগ্য ঠাই কৰি তোলে ৷

গেংটক, ছিকিম

গেংটক, ছিকিম (ETV Bharat)

যদি আপুনি ভাৰতৰ উত্তৰ-পূব অংশৰ সৌন্দৰ্য অনুভৱ কৰিব বিচাৰে, তেন্তে গেংটক হৈছে আপোনাৰ বাবে সঠিক স্থান ৷ ছিকিমৰ ৰাজধানী গেংটক ইয়াৰ পৰিস্কাৰ আৰু সতেজ বায়ুৰ বাবে জনাজাত ৷ ইয়াত থকা পাহাৰ আৰু সেউজীয়াই আপোনাক এখন বেলেগ পৃথিৱীৰ অভিজ্ঞতা দিব ৷

পুডুচেৰী, তামিলনাডু

পুডুচেৰী, তামিলনাডু (ETV Bharat)

তামিলনাডুৰ এটি জনপ্ৰিয় ঠাই হৈছে পুডুচেৰী, যাক পণ্ডিচেৰী বুলিও জনা যায় ৷ পণ্ডিচেৰী প্ৰদূষণ-মুক্ত তথা শান্ত পৰিৱেশৰ বাবে জনাজাত ৷ এই সৰু চহৰখনে আপোনাক এটা বিদেশী ঠাইৰ অভিজ্ঞতা প্ৰদান কৰিব ৷ ফৰাচী স্থাপত্য, সমুদ্ৰৰ তীৰ আৰু পৰিস্কাৰ বায়ুমণ্ডলে এই ঠাইক এক অনন্য পৰ্যটন স্থল হিচাপে গঢ়ি তোলে ৷

কোল্লাম, কেৰালা

কোল্লাম, কেৰালা (ETV Bharat)

কেৰালাৰ কোল্লাম চহৰ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰিস্কাৰ বায়ুৰ বাবে বিখ্যাত ৷ ইয়াত পৰিৱেশ ইমান পৰিস্কাৰ যে প্ৰদূষণৰ কোনো চিহ্ন নাই ৷ বেকৱাটাৰ আৰু নাৰিকল গছৰ মাজত অৱস্থিত এই চহৰখন আৰামদায়ক মুহূৰ্তবোৰ অতিবাহিত কৰাৰ বাবে উপযুক্ত ৷

বৰ্ধিত প্ৰদূষণে আমাৰ শৰীৰ তথা মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় ৷ সেয়েহে, এই চহৰবোৰত খোজ কাঢ়িলে কেৱল প্ৰদূষণৰ পৰা সকাহ পোৱাই নহয়, আপোনাৰ মন আৰু শৰীৰকো সতেজতা প্ৰদান কৰিব ৷

লগতে পঢ়ক:প্ৰেমিক যুগলে একেলগে সময় কটাবৰ বাবে উত্তম অসমৰ এইসমূহ ঠাই

ABOUT THE AUTHOR

...view details