ইণ্টাৰনেশ্যনেল ডেস্ক, 22 জুলাই:আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দল আৰু দেশৰ স্বাৰ্থত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই বুলি ঘোষণা কৰিছে । বাইডেনে কয় যে চলিত সপ্তাহৰ শেষৰ ফালে তেওঁ নিজৰ সিদ্ধান্তৰ বিষয়ে অধিক বিশদভাৱে কথা পাতিব ।
দেশখনত নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাত্ৰ 4 মাহ থাকোতে বাইডেনে X যোগে কয়, "যদিও পুনৰ নিৰ্বাচন বিচৰাটো মোৰ উদ্দেশ্য হৈ আহিছে, তথাপিও মই বিশ্বাস কৰো যে মোৰ দল আৰু দেশৰ স্বাৰ্থত মই পদত্যাগ কৰি মোৰ বাকী থকা কাৰ্যকালৰ বাবে কেৱল ৰাষ্ট্ৰপতি হিচাপে মোৰ কৰ্তব্য পালনত মনোনিৱেশ মই কৰিম । এই সপ্তাহৰ শেষৰ ফালে মোৰ এই সিদ্ধান্তৰ বিষয়ে অধিক বিশদভাৱে জনোৱা হ’ব ।"
ৰিপাব্লিকান প্ৰাৰ্থী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে বিতৰ্কত বাইডেনৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত ডেম’ক্ৰেটিক পাৰ্টিৰ বহু বিশিষ্ট ব্যক্তিয়ে তেওঁক ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনোৱাৰ পিছতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে । 27 জুনত ট্ৰাম্পৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছনত প্ৰচাৰিত 90 মিনিটৰ বিতৰ্কত বাইডেনৰ অসংলগ্ন প্ৰদৰ্শনৰ পিছতে এই পৰিস্থিতিৰ সন্মুখীন হৈছে বাইডেন ।
বাইডেনে কয়, "আমেৰিকাৰ অৰ্থনীতি বিশ্বৰ এক শক্তিশালী অৰ্থনীতি আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ চৰকাৰে দেশখন পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ঐতিহাসিক বিনিয়োগ কৰিছে ৷ জ্যেষ্ঠসকলৰ বাবে প্ৰেছক্ৰিপশ্যন ঔষধৰ খৰচ কম কৰিছে আৰু অভিলেখ সংখ্যক আমেৰিকানলৈ সুলভ স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰিছে ।"
বাইডেনে কয়, "যোৱা চাৰে তিনি বছৰত আমি এটা জাতি হিচাপে বহু অগ্ৰগতি লাভ কৰিছো । আজি আমেৰিকাৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে শক্তিশালী । আমি আমাৰ জাতিটো পুনৰ নিৰ্মাণ কৰাত, প্ৰেছক্ৰিপশ্যন ঔষধৰ খৰচ কমোৱাত ঐতিহাসিক বিনিয়োগ কৰিছো আৰু অভিলেখ সংখ্যক আমেৰিকান লোকলৈ সুলভ মূল্যৰ স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰিছো ।"