হিউষ্টন(আমেৰিকা) :আমেৰিকাত পুনৰ বিমান দুৰ্ঘটনা । নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি দেওবাৰে জৰ্জ বুশ্ব আন্তঃমহাদেশীয় বিমানবন্দৰত উৰণৰ সময়তে হিউষ্টনৰ পৰা নিউয়ৰ্কলৈ যোৱা ইউনাইটেড এয়াৰলাইনছৰ এখন বিমানত জুইৰ সূত্ৰপাত হয় । উৰণৰ সময়তে বিমানখনৰ এখন উইঙত জুই লাগে । লগে লগে বিমানখন ৰখাই দিয়া হয় । হিউষ্টন অগ্নি নিৰ্বাপক বিভাগে (এইচ এফ ডি) জনোৱা মতে ঘটনাটোত কোনো লোক হতাহত হোৱা নাই ।
বিমান দুৰ্ঘটনা
বিভাগটোৱে এক্সৰ এটা পোষ্টত লিখিছে, "এইচ এফ ডিৰ বিমানবন্দৰ উদ্ধাৰকাৰী অগ্নিনিৰ্বাপক বাহিনীয়ে ৰানৱেত উৰণৰ সময়ত এখন বিমানে সমস্যাৰ সন্মুখীন হোৱাৰ খবৰ দিয়াৰ পিছতে বিভাগে সহায় আগবঢ়াইছে । এইচ এফ ডিয়ে বিমানখন ডিবৰ্ডিঙত সহায় কৰিছে । এই সময়ত কোনো আঘাতৰ খবৰ পোৱা হোৱা নাই ।" ইফালে ঘটনাটোৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । নিউয়ৰ্ক পোষ্টে জনোৱা মতে বিমানখনত ১০৪ গৰাকী যাত্ৰী আৰু ৫ গৰাকী ক্ৰু সদস্য আছিল ।