অট’ৱা (কানাডা):কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰিছে । অৱশ্যে শাসকীয় লিবাৰেল পাৰ্টিৰ পৰৱৰ্তী নেতা নিৰ্বাচিত নোহোৱালৈকে ট্ৰুডো ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হৈ থাকিব । ট্ৰুডোৰ পদত্যাগৰ পিছত কানাডাত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পোৱাৰ স্পষ্ট লক্ষণ দেখা গৈছে । প্ৰধানমন্ত্ৰী পদৰ সমান্তৰালকৈ তেওঁ লিবাৰেল পাৰ্টিৰ নেতা পদো ত্যাগ কৰিছে ।
কানাডাত বৰ্তমান নিৰ্বাচন আৰু পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে । কানাডাৰ ৰাজনীতি এই মুহূৰ্তত অতি উত্তপ্ত । ইয়াৰ মাজতে সোমবাৰে পুৱা (স্থানীয় সময় অনুসৰি) এখন সংবাদমেলত জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰাৰ কথা ঘোষণা কৰি কয়, "দলটোৱে পৰৱৰ্তী নেতা নিৰ্বাচন কৰাৰ পিছত মই দলৰ নেতা আৰু প্ৰধানমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ মনস্থ কৰিছো ৷ যোৱা নিশা মই লিবাৰেল পাৰ্টিৰ অধ্যক্ষক সেই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ক’লোঁ ।
ট্ৰুডোৱে কয়, “প্ৰতিটো দিনেই প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাটো এক গৌৰৱৰ কথা ।” আমি মহামাৰীৰ সময়ত সেৱা আগবঢ়াইছিলো, শক্তিশালী গণতন্ত্ৰৰ বাবে কাম কৰিছিলো, উন্নত ব্যৱসায়ৰ বাবে কাম কৰিছিলো । আপোনালোকে সকলোৱে জানে যে মই এজন যুঁজাৰু ।"