নতুন দিল্লী : বুধবাৰে এক বৃহৎ প্ৰতিবাদকাৰী দলে বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ঢাকাস্থিত বাসগৃহত আক্ৰমণ কৰি জ্বলাই দিয়ে । তেওঁৰ জীয়াৰী তথা দেশখনৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ এক ভাষণৰ পোনপটীয়া সম্প্ৰচাৰৰ সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ।
প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, ৰাজধানীৰ ধানমণ্ডি অঞ্চলত থকা ঘৰটোৰ সন্মুখত কেইবা হাজাৰ লোক সমবেত হয় । উল্লেখ্য যে এই বাসগৃহটো পূৰ্বতে এক স্মাৰক সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰা হৈছিল । আনহাতে, হাছিনাই বুধবাৰে নিশা ৯ বজাত (বাংলাদেশ স্থানীয় সময়) অনলাইন ভাষণ দিয়াৰ কথা আছিল বাবে ইয়াৰ প্ৰতিবাদত সামাজিক মাধ্যমযোগে এক 'বুলড'জাৰ ৰেলী'ৰ আহ্বান জনোৱা হয় ।
হাছিনাই বৰ্তমান ভংগ কৰা আৱামী লীগৰ ছাত্ৰ সংগঠন ছাত্ৰ লীগৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি দেশবাসীক বৰ্তমান শাসনৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান জনায় ।
বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ ফলত গঠন হোৱা নোবেল বঁটাবিজয়ী মহম্মদ ইউনুছৰ বৰ্তমানৰ শাসন সন্দৰ্ভত হাছিনাই কয়, "তেওঁলোকৰ এতিয়াও ৰাষ্ট্ৰীয় পতাকা, সংবিধান আৰু বুলড'জাৰেৰে লাখ লাখ শ্বহীদৰ জীৱনৰ মূল্যত আমি অৰ্জন কৰা স্বাধীনতা ধ্বংস কৰাৰ শক্তি বাকী আছে ।"
তেওঁ লগতে কয়, "তেওঁলোকে এটা অট্টালিকা ভাঙিব পাৰে, কিন্তু ইতিহাস নহয়... কিন্তু তেওঁলোকে এইটোও মনত ৰাখিব লাগিব যে ইতিহাসে ইয়াৰ প্ৰতিশোধ লয় ।"
ছাত্ৰ আন্দোলনটোৱে পূৰ্বতে বাংলাদেশৰ ১৯৭২ চনৰ সংবিধান বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিয়নো তেওঁলোকে এই সংবিধানক 'মুজিবুৰবাদী সংবিধান' আখ্যা দিছিল আৰু ইয়াক সমাধিস্থ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । আনহাতে, অতি সোঁপন্থী কিছু গোটে আকৌ শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত স্বাধীনতাৰ পিছৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় সংগীত সলনি কৰাৰো পৰামৰ্শ দিয়ে ।
এই ঘৰটো বাংলাদেশৰ ইতিহাসত এক প্ৰতিষ্ঠিত প্ৰতীক হৈ পৰিছিল । কিয়নো শ্বেখ মুজিবুৰ ৰহমানে এই ঘৰটোৰ পৰাই কেইবা দশক ধৰি স্বাধীনতাৰ পূৰ্বৰ আন্দোলনৰ নেতৃত্ব দিছিল । আনহাতে, আৱামী লীগৰ ক্ৰমাগত শাসনকালত ইয়াক ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰা হৈছিল । তাৰ পিছৰে পৰা বিদেশী ৰাষ্ট্ৰপ্ৰধান বা গণ্যমান্য ব্যক্তিসকলে ৰাষ্ট্ৰীয় প্ৰট'কল হিচাপে এই ঘৰটো ভ্ৰমণ কৰি আহিছে ।