ইন্টাৰনেশ্যনেল ডেস্ক, ৮ অক্টোবৰ:পাকিস্তানৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ অভিযুক্ত আত্মঘাতী বোমাৰুক কৰাচী আৰক্ষীয়ে চিনাক্ত কৰিছে ৷ এই ঘটনাত তিনিজন বিদেশী নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭ জন লোক আহত হৈছিল বুলি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে ।
আৰক্ষীৰ মতে, অভিযুক্ত আততায়ীজন শ্বাহ ফাহাদ বুলি চিনাক্ত কৰা হৈছে ৷ আক্ৰমণত ব্যৱহৃত বাহনখন ২০২৩ চনৰ ৫ ছেপ্টেম্বৰত তেওঁৰ নামত পঞ্জীয়ন কৰিছিল । এ আৰ ৱাই নিউজৰ মতে, তদন্তত প্ৰকাশ পাইছে যে ২০২৩ চনৰ ৩ ডিচেম্বৰত দুজন সংগীৰ সৈতে ফাহাদে কৰাচীত উপস্থিত হৈছিল আৰু সন্ধিয়া ৭.৪৯ বজাত চহৰখনৰ প্ৰিডি অঞ্চলৰ এখন হোটেলত চেক ইন কৰিছিল ।
আৰক্ষীয়ে লগতে জনোৱা মতে, ২০২৪ চনৰ ৪ অক্টোবৰত ফাহাদে কৰাচীলৈ উভতি আহি পুৱা ১০:৪৭ বজাত আন এখন হোটেলত বায়’মেট্ৰিক প্ৰৱেশ কৰিছিল । এ আৰ ৱাই নিউজৰ বাতৰি অনুসৰি বিস্ফোৰণৰ দিনা ফাহাদে দুপৰীয়া ১২ বজাত হোটেলখনৰ পৰা চেক আউট কৰিছিল । এ আৰ ৱাই নিউজৰ মতে, শেহতীয়াকৈ বিমানবন্দৰৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্তত যথেষ্ট অগ্ৰগতি হৈছে, সন্দেহজনক লোকজনে সঘনাই স্থানীয় দুখন হোটেলত থকাৰ পৰা তদন্তকাৰী দলে গুৰুত্বপূৰ্ণ সূত্ৰ বিচাৰি পাইছে ।